নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাই জিলা কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ শপত গ্ৰহণ

নিয়মীয়া বার্তা, ৮ মেঃ আজি হোজাই জিলা সদৰ শংকৰদেৱ নগৰৰ মোহন শৰ্মা হাইস্কুল প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হোজাই জিলা কৰ্মচাৰী পৰিষদৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিয়ে পদ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে। শংকৰদেৱ নগৰ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ আতিথ্যত অনুষ্ঠিত সভাত প্ৰথমে সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপদেষ্টা অনুপ কুমাৰ বৰঠাকুৰে প্ৰায় দুকুৰিৰো অধিক নৱ-নিৰ্বাচিত জিলা বিষয়ববীয়া আৰু সদস্য-সদস্যাক পৰিষদৰ সংবিধান মতে শপত বাক্য পাঠ কৰায়।সভাত সদৌ অসম কৰ্মচাৰী পৰিষদৰ উপ সভাপতি জামাল আহমেদ, কাৰ্যকৰী সদস্য আনোৱাৰ হোছেইনকে ধৰি জিলাৰ কেইবাগৰাকী প্ৰাক্তন বিষয়ববীয়া উপস্থিত আছিল। উল্লেখ্য যে, যোৱা ১২ আৰু ১৩ ফেব্ৰুৱাৰীত যোগীজানত অনুষ্ঠিত বাৰ্ষিক অধিৱেশনত ফায়েজ মহম্মদ বৰভূঞাক সভাপতি আৰু প্ৰণৱ চৌধুৰীক সাধাৰণ সম্পাদকৰূপে লৈ জিলাৰ ৫১ জনীয়া কাৰ্যকৰী সমতিখন গঠন হৈছিল। শপত গ্ৰহণৰ পাছত নৱ-নিৰ্বাচিত কাৰ্যনিৰ্বাহকৰ প্ৰথম বৈঠকখন অনুষ্ঠিত হয়।বৈঠকত অহা ১৬ মে’ৰ পৰা শিলচৰত অনুষ্ঠিতব্য কেন্দ্ৰীয় অধিৱেশনলৈ প্ৰতিনিধি প্ৰেৰণকে ধৰি কেইটামান জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰা হয়।

প্ৰেৰক : কিশলয় ডি গোস্বামী

You might also like