নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰ্গ চেটাৰ্জীৰ বিৰুদ্ধে থানাত গোচৰ পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ

নিয়মীয়া বাৰ্তা, ২৪ জুনঃ ৬০০ বছৰীয়া আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক তথা আহোমৰ পূৰ্বপুৰুষ স্বৰ্গদেউ চুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৰোষৰ সন্মুখীন হৈছে কলকাতাৰ তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জী । এইগৰাকী চেটাৰ্জীয়ে যোৱা ১৭ জুনৰ টুইটাৰত স্বৰ্গদেউ চুকাফাক “চাইনীজ” আখ‍্যা দি অসমৰ মুখ‍্যমন্ত্ৰীয়ে অসম দিৱসৰ দিনটোত চীনা আক্ৰমণকাৰীক শ্ৰদ্ধা জনাই বুলি বিতৰ্কিত মন্তব্য কৰিছিল ।

তথাকথিত বুদ্ধিজীৱীৰ এই মন্তব্যৰ পাছতেই জাঙুৰ খাই উঠে সমগ্ৰ অসমীয়া সমাজ । পূৰ্বাঞ্চল তাই সাহিত্য সভা, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে প্ৰতিখন জিলাৰ লগতে ডিব্ৰুগড় জিলায়ো কালি এইগৰাকী বুদ্ধিজীৱীৰ বিৰুদ্ধে গোচৰ তৰে ।

আহোমৰ স্বৰ্ণময় ইতিহাস নজনাকৈ আহোম সম্প্ৰদায়ৰ স্বাভিমানত আঘাত হনাৰ উদ্দেশ্যে কটু মন্তব্য কৰা তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ অসম চৰকাৰক আহ্বান জনাইছে পূৰ্বাঞ্চল তাই সাহিত্য সভাই । ইতিমধ্যে ডিব্ৰুগড় জিলাৰ সভাপতি নৰেণ চাংমাই আৰু সম্পাদক মনোজ ফুকনৰ স্বাক্ষৰিত এজাহাৰ দাখিল কৰিছে নাহৰকটীয়া থানাত ।

You might also like