নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ মহাদেৱ আগৰৱালা স্কুলৰ প্ৰাক্তন শিক্ষকক সম্বৰ্ধনাঃ মুখপত্ৰ ‘পৰাগ’ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰীঃমৰিয়নিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ স্মৃতিৰেখা ফুকনৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত বিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল শৰ্মা, শিক্ষক শৈলেন বৰুৱা, প্ৰদীপ বৰা, গৌতম মাল, ৰাজীৱ বৰুৱা, শিক্ষয়িত্ৰী চুফিয়া ৰহমান, ৰিনু শৰ্মা, ডলী কোঁ‌ৱৰ ফুকন, মইনী বেগমক বিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় ।

বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে অৱসৰ গ্ৰহণ কৰা শিক্ষক শিক্ষয়িত্ৰীসকলক সম্বৰ্ধনা জনায় । আনহাতে, বিদ্যালয়খনত ইতিমধ্যে আৰম্ভ কৰা প্ৰাক্ প্ৰাথমিক আৰু প্ৰাথমিক শ্ৰেণীত স্বেচ্ছাই সেৱা আগবঢ়াই অহা শিক্ষয়িত্ৰী অনামিকা শইকীয়া, বিনীতা কলিতা বৰা, আৰু ৰূপালী চাহুকো সম্বৰ্ধনা জনোৱা হয় ।

একেটা অনুষ্ঠানতে ৰাজ্যিক কৃতি শিক্ষকৰ বঁ‌টাপ্ৰাপক জংঘলব্লক হাইস্কুলৰ জ্যেষ্ঠ শিক্ষক নগেন গগৈ আৰু জিলা কৃতি শিক্ষকৰ বঁ‌টাপ্ৰাপক মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক মনোজ কুমাৰ শৰ্মাকো সম্বৰ্ধনা জনোৱা হয় ।

সম্বৰ্ধনা গ্ৰহণ কৰি কৃতি শিক্ষক নগেন গগৈয়ে ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভাসমূহক শিক্ষক শিক্ষয়িত্ৰীসকলে দায়বদ্ধতাৰে আগবঢ়াই নিব লাগিব বুলি উল্লেখ কৰি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এনে কাৰ্য্যৰ শলাগ লয় । অৱসৰপ্ৰাপ্ত অধ্যক্ষ অতুল শৰ্মা, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰিনু শৰ্মা আদিয়েও সাৰুৱা বক্তব্য প্ৰদান কৰে ।

অনুষ্ঠানত চি আৰ চি চি কৃষ্ণা মিশ্ৰ, সমগ্ৰ শিক্ষা মিছনৰ বিষয়া অৰ্পিতা দত্ত, উজ্জল হাতীবৰুৱা, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মঞ্জুলা বৰঠাকুৰ, বংশীগোপাল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অসীম গগৈ, আদৰ্শ হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক অশোক ভগত, ঠাকুৰ প্ৰসাদ পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষক দিলীপ কাপাচিয়া, মৰিয়নি মহাবিদ্যালয়ৰ অধ্যাপক বসন্ত বৰা প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

বিদ্যালয়খনৰ জ্যেষ্ঠ শিক্ষক প্ৰিতম শইকীয়াই আঁ‌ত ধৰা মনোগ্ৰাহী অনুষ্ঠানটো বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলে পৰিবেশন কৰা এটি সমবেত সংগীতেৰে মুকলি কৰা হয় । আনহাতে, একেটা অনুষ্ঠানতে বিদ্যালয়খনৰ মুখপত্ৰ ‘পৰাগ’ৰ এইবৰ্ষৰ সংখ্যা উন্মোচন কৰে সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীৱ বৰুৱাই ।

উল্লেখযোগ্য যে, পঞ্চাশৰ দশকতে প্ৰথম প্ৰকাশ পোৱা মুখপত্ৰ ‘পৰাগ’ ধাৰাবাহিক ভাৱে আজিও প্ৰকাশ পাই আহিছে । অধ্যক্ষ স্মৃতিৰেখা ফুকনে বিদ্যালয়খনৰ আলোচনীখন দীৰ্ঘদিন ধৰি ধাৰাবাহিকভাৱে প্ৰকাশ পাই অহাৰ মূলতে প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহযোগিতাও অন্যতম শক্তি বুলি উল্লেখ কৰি তেওঁলোকৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ।

আনহাতে, মুখপত্ৰ ‘পৰাগ’ উন্মোচন কৰি উন্মোচক ৰাজীৱ বৰুৱাই পৰাগ আগৰৱালা স্কুলৰ দাপোন বুলি অভিহিত কৰে । দীৰ্ঘদিন ধৰি প্ৰকাশ পাই অহা আলোচনীখনে বহু লিখকৰ সৃষ্টি কৰা বুলিও তেওঁ লগতে মন্তব্য কৰে । প্ৰীতম কুমাৰ শইকীয়াই আগবঢ়োৱা শলাগৰ শৰাইৰ পিছত জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি মৰা হয় ।
প্ৰেৰক দিব্যজোতি শইকীয়া

You might also like