নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভেঞ্চাৰ শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ দাবী, ৩১ আগষ্টত শিক্ষক–কর্মচাৰীৰ দিছপুৰ চলো অভিযান

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণ সন্দর্ভত পুনৰীক্ষণৰ বাবে অসম চৰকাৰে গঠন কৰা উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে বিভিন্ন পর্যায়ৰ শিক্ষানুষ্ঠান আৰু শিক্ষকৰ অর্হতা পুনৰীক্ষণৰ নামত জটিলতাৰ সৃষ্টি কৰি প্রাদেশিকীকৰণ প্রক্রিয়া বিলম্ব কৰি শিক্ষকসকলক প্রাপ্যৰ পৰা বঞ্চিত কৰাৰ প্রতিবাদত অসম শিক্ষক কর্মচাৰী ঐক্যমঞ্চই অহা ৩১ আগষ্টৰ পুৱা ১০ বজাৰ পৰা ৰঙিয়া ছ’চাইটী চ’কৰ পৰা পদব্রজে ‘দিছপুৰ চলো’ কার্যসূচী ৰূপায়ণ কৰিব৷

কালি পুৱা ৯ বজাত ৰাজ্যিক শিক্ষামন্ত্রী তথা জলসিঞ্চন মন্ত্রী ভৱেশ কলিতাক ঐক্যমঞ্চৰ নেতৃত্বত ৫০জনীয়া এটি সঁজাতী দলে ৰঙিয়াত সাক্ষাৎ কৰি এখন স্মাৰক–পত্র প্রদান কৰি প্রাদেশিকীকৰণৰ বাবে উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে সৃষ্টি কৰা জটিলতাৰ বিষয়ে অৱগত কৰে৷ তাৰ পিছতে মানৱেন্দ্র শর্মা ছোৱালী মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা সভাত উক্ত কার্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লয় সংগঠনটোৱে৷

উল্লেখ্য যে যোৱা ১৮ আগষ্টত ৩৮২খন শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ ঘোষণা কৰে যদিও প্রাদেশিকীকৰণৰ বাবে ইতিমধ্যে জিলা আৰু ৰাজ্যিক বাছনি সমিতিয়ে অনুমোদন জনোৱা ১০৫খন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ২,২৯৫খন উচ্চপ্রাথমিক বিদ্যালয় আৰু ১,৬৯৮খন নিম্ন প্রাথমিক বিদ্যালয়ক ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ অধ্যক্ষতাত গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে বিভিন্ন ভিত্তিহীন কাৰণত পুনৰীক্ষণ কৰি বিষয়টো অধিক জটিল কৰাত নির্দিষ্ট সময়ত শিক্ষকসকল বঞ্চিত হ’ল৷

তদুপৰি পূর্বে প্রাদেশীকৃত আৰু সদ্যঘোষিত শিক্ষানুষ্ঠানৰ বাদ পৰি যোৱা শিক্ষকৰ পদসমূহ প্রাদেশিকীকৰণ কৰা, প্রাদেশিকীকৰণ আইন–২০১৭ৰ ৩নং (১)ক ধাৰাৰ সংশোধনীৰ ইছ্যু ডেটৰ পৰিৱর্তে এফেক্ট ডেট বাহাল ৰখা, উচ্চ প্রাথমিক বিদ্যালয়ৰ তিনিজনীয়া শিক্ষকৰ পৰিৱর্তে +১, +১ আৰু +১ পেটার্ন বাহাল ৰখা আৰু ২০০৬ চনৰ ১ জানুৱাৰীৰ পূর্বে স্থাপিত আৰু ২০১১ চনৰ ১ জানুৱাৰীত স্বীকৃতিপ্রাপ্ত শিক্ষানুষ্ঠানসমূহ প্রাদেশিকীকৰণ আইন–২০১৭ৰ আওতালৈ আনি কর্মৰত প্রতিগৰাকী শিক্ষক–কর্মচাৰীৰ পদ প্রাদেশিকীকৰণ কৰা আৰু প্রাথমিক বিদ্যালয়ৰ ক্ষেত্রত ২০০৯–১০ৰ ডাইচ কর্তন কৰি ২০১০–১১ৰ ডাইচ কোড প্রৱর্তন কৰাৰ দাবীত উক্ত কার্যসূচী ৰূপায়ণ কৰিব বুলি জনায় ঐক্যমঞ্চৰ সভাপতি কুশল কুমাৰ হালৈ আৰু সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে৷

You might also like