নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ অযোধ্যাৰ ৰাম মন্দিৰৰ ভূমিপূজনৰ এদিন পিছতে আৰম্ভ হৈছে ভিন্ন বিতৰ্ক তথা সৰু-সুৰা সংঘাত। অতি সংবেদনশীল বিষয়টোক লৈ আজি আন এক প্ৰৰোচিত মন্তব্য কৰিলে অল ইণ্ডিয়া ইমাম এছোছিয়েচনৰ মুৰব্বী মহম্মদ ছাজিদ ৰাছিদীয়ে।
ৰাছিদীয়ে মছজিদ বনাবলৈ ৰাম মন্দিৰ ভাঙিব লাগিব পাৰে বুলি মন্তব্য কৰে।
নিউজ এজেঞ্চী এ এন আইৰ আগত ৰাছিদীয়ে কয়- ‘ইছলামৰ মতে এটা মছজিদ সদায়ে মছজিদ হৈয়ে থাকিব। ইয়াক আন কোনো নিৰ্মাণৰ বাবে ভাঙিব নোৱাৰি। আমি ভাবো এইটো এটা মছজিদ আছিল আৰু মছজিদেই থাকিব। মন্দিৰ ধ্বংস কৰি মছজিদ বনোৱা হোৱা নাছিল, কিন্তু এতিয়া হয়তো মন্দিৰ ভাঙি মছজিদ বনাব লাগিব।’
অল ইণ্ডিয়া ইমাম এছ’চিয়েচনৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ভূমি পূজনৰ কাৰ্যসূচীত উপস্থিত থাকি সংবিধান উলংঘা কৰিছে।
উল্লেখ্য যে ৰাছিদীৰ উক্ত মন্তব্যৰ লগত মুছলিম পাৰ্ছনেল ল বোৰ্ডৰ মন্তব্যৰ মিল থকা দেখা গৈছে। এই বোৰ্ডও কৈছিল যে বাবৰি মছজিদ বাবৰি মছজিদ হৈয়ে থাকিব,মূৰ্তি ৰাখিলে মছজিদৰ অস্তিত্ব শেষ হৈ নাযায়।