নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধানসভা নির্বাচনৰ পূর্বে বলৱৎ হ’ব ‘কা’ৰ বিধি

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰ: বহুবিতর্কিত নাগৰিকত্ব সংশোধনী আইনক (কা) কেন্দ্র কৰি এতিয়া দিল্লীৰ মছনদত বিতর্ক সৃষ্টি হৈছে৷ আনকি আইনখন ৰূপায়ণ কৰাৰ বাবে প্রয়োজনীয় নীতি–নিয়ম প্রস্তুত কৰাক লৈ কেন্দ্রীয় গৃহ আৰু আইন মন্ত্রালয়ৰ মাজত পোনপটীয়াকৈ সংঘাত সৃষ্টি হৈছে৷ লক্ষণীয়ভাৱে যোৱা বছৰ ডিচেম্বৰ মাহত আইনখন সংসদৰ অনুমোদন লাভ কৰাৰ পাছত ১১ মাহ পাৰ হৈ গ’লেও এতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইনখনৰ বিধিবদ্ধ বিধি (ষ্টেটিউটৰী ৰুলছ) তথা উপ–আইন (বাই–ল) বলৱৎ হোৱা নাই৷

তাৎপর্যপূর্ণ কথাটো হ’ল, কেন্দ্রীয় আইন মন্ত্রালয়ে আইনখনৰ বিধিবদ্ধ বিধি শেহতীয়াকৈ প্রস্তুত কৰি উলিয়াইছে৷ পিছে সেয়া ৰাজপত্রিত অধিসূচনাৰ জৰিয়তে বলৱৎ কৰাৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ মন্ত্রালয়ে সমগ্র বিষয়টোক সাময়িকভাৱে গতি দিব বিচৰা নাই৷ উত্তৰ–পূর্বাঞ্চলৰ দায়িত্বত থকা কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ শীর্ষ বিষয়া এজনে এই কথা প্রকাশ কৰিছে৷ সমগ্র বিষয়টোক কেন্দ্র কৰি দুয়োটা মন্ত্রালয়ৰ মাজত একপ্রকাৰ মতানৈক্যৰ উদ্ভৱ হৈছে বুলিও তেওঁ মন্তব্য কৰে৷

শীর্ষ বিষয়াজনে প্রকাশ কৰা মতে, বিধিবদ্ধ বিধি চূডান্ত কৰাৰ পূর্বে আইনখনৰ সৈতে জডিত সংশিষ্ট ৰাজ্যসমূহৰ সৈতে আলোচনা কৰাৰ বাধ্য–বাধকতা আছে৷ এইক্ষেত্রত অসম আৰু পশ্চিমবংগ চৰকাৰৰ সৈতে কেন্দ্রীয় গৃহ মন্ত্রালয়ে আলোচনা কৰিহে বিধিবদ্ধ বিধিসমূহ বলৱৎ কৰিব পাৰিব৷ পিছে অসমত বিজেপি চৰকাৰ থাকিলেও পশ্চিমবংগত অবিজেপি চৰকাৰ থকা বাবে কেন্দ্রীয় গৃহ মন্ত্রালয়ে এইক্ষেত্রত প্রত্যাহ্বানৰ সন্মুখীন হৈছে৷ তদুপৰি অহা বছৰ অসম আৰু পশ্চিমবংগ বিধানসভা নির্বাচনৰ প্রাকমুহূর্তত নাগৰিকত্ব সংশোধনী আইনৰ বিধিবদ্ধ বিধি বলৱৎ কৰাটো একপ্রকাৰ নিশ্চিত বুলি শীর্ষ বিষয়াজনে লগতে জানিবলৈ দিয়ে৷ ইয়াৰ মাজতেই আইনখন বলৱৎ কৰাৰ ক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্রালয়ে আন এক প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে বুলি বিভাগীয় সূত্রটোৱে লগতে আশংকা ব্যক্ত কৰিছে৷ মন কৰিবলগীয়া যে সংসদত এখন বিধেয়ক অনুমোদন লাভ কৰাৰ পাছত আইনখনৰ নীতি–নিয়ম প্রস্তুত কৰাৰ দায়িত্ব কেন্দ্রীয় আইন মন্ত্রালয়ৰ৷ আনহাতে, সংসদীয় নীতি–নিয়ম অনুসৰি এখন আইন প্রথমতে সংসদ আৰু তাৰ পাছত ৰাষ্ট্রপতিৰ অনুমোদন লাভ কৰাৰ ৬ মাহৰ ভিতৰত ইয়াৰ বিধিবদ্ধ বিধি প্রস্তুত কৰাটো বাধ্যতামূলক৷ সেই অনুসৰি নাগৰিকত্ব সংশোধনী বিধেয়কখন যোৱা বছৰৰ ৯ ডিচেম্বৰত লোকসভা আৰু ১১ ডিচেম্বৰত ৰাজ্যসভাৰ অনুমোদন লাভ কৰাৰ পাছত ১২ ডিচেম্বৰত ৰাষ্ট্রপতি ৰাম নাথ কোৱিন্দৰো অনুমোদন লাভ কৰিছিল৷ অর্থাৎ ১২ জুনৰ ভিতৰত নাগৰিকত্ব সংশোধনী আইনৰ বিধিবদ্ধ বিধি প্রস্তুত কৰাটো বাধ্যতামূলক আছিল৷ একেদৰে কেন্দ্রীয় আইন মন্ত্রালয়ে প্রস্তুত কৰা বিধিবদ্ধ বিধিসমূহ আইন সম্পর্কীয় (ছাবর্ডিনেট লেজিছলেচাৰ) সংসদীয় স্থায়ী কমিটীৰ অনুমোদন লাভ কৰাটোও বাধ্যতামূলক৷ বাস্তৱত ৰাষ্ট্রপতিয়ে অনুমোদন জনোৱাৰ ৬ মাহ পাৰ হৈ যোৱাৰ পাছত আইন সম্পর্কীয় স্থায়ী কমিটীখনে নাগৰিকত্ব সংশোধনী আইনৰ বিধিবদ্ধ বিধি প্রস্তুত কৰাক লৈ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ প্রতিনিধিক তলব কৰিছিল৷ পিছে ক’ৰোনা অতিমাৰীৰ প্রতি লক্ষ্য ৰাখি গৃহ মন্ত্রালয়ে আইনখনৰ বিধিবদ্ধ বিধি প্রস্তুত কৰাৰ বাবে সংসদীয় স্থায়ী কমিটীৰ ওচৰত আনুষ্ঠানিকভাৱে অতিৰিক্ত ৬ মাহৰ সময় বিচাৰিছিল৷ সেই অনুসৰি আইন মন্ত্রালয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিধিবদ্ধ বিধি যুগুতাই উলিয়ালেও কেন্দ্রীয় গৃহ মন্ত্রালয়ে ৰাজনৈতিক কাৰণত সমগ্র প্রক্রিয়াটো এই মুহূর্তত আগবঢ়াই নিব বিচৰা নাই৷ গৃহমন্ত্রী অমিত শ্বাহৰ বাবে উদ্বেগৰ আন এক বিষয় হৈছে যে ৱাই এছ আৰ কংগ্রেছৰ সাংসদ বালাছৌৰি বল্লৱভানেনিৰ নেতৃত্বাধীন ১৫জনীয়া আইন সম্পর্কীয় সংসদীয় স্থায়ী কমিটীখনত বিজেপি হৈছে সংখ্যালঘু৷

আনহাতে, কমিটীৰ অধ্যক্ষ বল্লৱভানেনিৰ ৱাই এছ আৰ কংগ্রেছে শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে৷ সংসদীয় স্থায়ী কমিটীৰ অনুমোদন অবিহনে যে নাগৰিকত্ব সংশোধনী আইনৰ বিধিবদ্ধ বিধি বলৱৎ কৰাটো সম্ভৱ নহয়, সেয়া এই মুহূর্তত কেন্দ্রীয় চৰকাৰৰ বাবে আন এক প্রত্যাহ্বানৰ কাৰণ হৈ পৰিছে৷ এই প্রতিবেদকে নিশ্চিত হ’ব পাৰিছে যে আইন মন্ত্রালয়ে প্রস্তুত কৰা বিধিবদ্ধ বিধিসমূহ এতিয়াও সংসদীয় কমিটীৰ হাতত পৰা নাই৷ আনহাতে, ইমান বিলম্ব হোৱা বাবে সংসদীয় নীতি–নিয়মৰ দোহাই দি সংসদীয় কমিটীখনে আইনখন খাৰিজ (লেপ্স) কৰি দিয়াৰ আশংকাও কোনেও নুই কৰিব পৰা নাই৷ এইক্ষেত্রত কেন্দ্রীয় গৃহ মন্ত্রালয়ে কি পদক্ষেপ গ্রহণ কৰে, সেয়া এতিয়া আটাইতকৈ লক্ষণীয় বিষয় হৈ পৰিছে৷

You might also like