নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ–এআইইউডিএফৰ মিত্রতাত আঠটা সমষ্টিয়ে লগাইছে আউল, হাইকমাণ্ডলৈ অপেক্ষা

নিয়মীয়া বার্তা,  ৩ জানুৱাৰীঃ কংগ্রেছ–এ আই ইউ ডি এফৰ বহুচর্চিত মিত্রতা দিন আগবঢ়াৰ লগে লগে ক্রমশঃ জটিলতাৰ গর্ভত সোমাই পৰিছে৷ প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফৰে মিত্রতাক লৈ দলৰ ভিতৰত উদ্ভৱ হোৱা ক্ষোভ, অসন্তুষ্টি, বিদ্রোহ দেখি শেহতীয়াকৈ দুখোজ আগবাঢ়ি চাৰি খোজ পিছুৱাই সমগ্র বিষয়টো হাইকমাণ্ডলৈ ঠেলি নিৰাপদ দূৰত্বত অৱস্থান লোৱাৰ কৌশলী ৰাজনীতি আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷

ইয়াৰ বিপৰীতে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে নতুন দিল্লীত কংগ্রেছ হাইকমাণ্ডৰে আলোচনাত মিলিত হৈ মিত্রতাৰ বিষয়টো নিশ্চিত কৰিব বুলি মন্তব্য কৰি আহিলেও সম্প্রতি বিষয়টোৱে কোনো গতি লাভ কৰা নাই৷ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সূত্রৰ পৰা জানিব পৰা মতে, অহা বিধানসভা নির্বাচনত আসন বুজাবুজি কৰাক লৈ দুয়োটা দল প্রাৰম্ভিক পর্যায়তে সহমতত উপনীত হ’ব পৰা নাই৷

মূলতঃ বর্তমান দুয়োটা দলৰ দখলত থকা ৭টা বিধানসভা সমষ্টি আৰু বিজেপিৰ দখলত থকা এটা বিধানসভা সমষ্টিক লৈ এনে অচলাৱস্থাৰ উদ্ভৱ হৈছে৷ উক্ত ৮ সমষ্টিক লৈ দুয়োটা দল সমানেই নাচোৰবান্দা হৈ আছে৷ কংগ্রেছ অথবা এ আই ইউ ডি এফ কোনো এটা দলেই সেই আঠটা সমষ্টিক লৈ ছেক্রিফাইজ কৰিবলৈ ৰাজী নহয়৷ সূত্রটোৱে জানিবলৈ দিয়া অনুসৰি কৰিমগঞ্জ দক্ষিণ সমষ্টিটো বর্তমান এ আই ইউ ডি এফৰ আজিজ আহমেদ খানৰ দখলত আছে৷

কিন্তু এইবাৰ এই সমষ্টিটো বিচাৰিছে কংগ্রেছে৷ যোৱা নির্বাচনৰ সময়ত এ আই ইউ ডি এফৰ খানে কংগ্রেছ প্রার্থী তথা প্রদেশ কংগ্রেছৰ উপ–সভাপতি ছিদ্দিক আহমেদক ৪,৪১৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰিছিল৷ কংগ্রেছে এইবাৰ এই সমষ্টিটো বিচাৰিছে যদিও এ আই ইউ ডি এফে এই সমষ্টিটো এৰিবলৈ ৰাজী নহয়৷ একেই অৱস্থা বদৰপুৰ সমষ্টিৰ ক্ষেত্রতো৷ সম্প্রতি কংগ্রেছৰ জামালুদ্দিন আহমেদৰ দখলত থকা বদৰপুৰ এইবাৰ এ আই ইউ ডি এফক লাগে৷

যোৱা বিধানসভা নির্বাচনত কংগ্রেছে ২,০৮৮টা ভোটৰ ব্যৱধানতহে সমষ্টিটো লাভ কৰিছিল৷ এ আই ইউ ডি এফৰ তেনে আর্জিৰ বিপৰীতে কংগ্রেছে তেওঁলোকৰ সবল গণভিত্তি থকা সমষ্টিটো এৰিবলৈ বিচৰা নাই৷ বৰাকৰ সংখ্যালঘু ভোটৰ স্বার্থতেই কৰিমগঞ্জ দক্ষিণ আৰু বদৰপুৰ সমষ্টি যিদৰে কংগ্রেছে এৰি দিব বিচৰা নাই, একেই কাৰণতে এ আই ইউ ডি এফে সমষ্টি দুটাক লৈ কম্প্রমাইজ কৰাৰ পক্ষত নাই৷

সেইদৰে মানকাচৰ, অভয়াপুৰী দক্ষিণ, দলগাঁও, লাহৰীঘাট সমষ্টিক লৈও কংগ্রেছ আৰু এ আই ইউ ডি এফৰ অংক মিলা নাই৷ যোৱা বিধানসভা নির্বাচনত মানকাচৰ সমষ্টিটোত কংগ্রেছৰ ডাঃ মতিউৰ ৰহমান মণ্ডলে জয়লাভ কৰিছিল৷ এ আই ইউ ডি এফৰ আমিনুল ইছলামক ৪,৩১৩টা ভোটৰ ব্যৱধানত পৰাজিত কৰি সমষ্টিটো কংগ্রেছে দখল কৰে৷ এইবাৰ এ আই ইউ ডি এফে কোনো পৰিস্থিতিতেই মানকাচৰ সমষ্টি কংগ্রেছক এৰি দিয়াৰ পক্ষত নাই৷

ইতিমধ্যে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে সমষ্টিটোত নির্বাচনী তৎপৰতা আৰম্ভ কৰাই নহয়, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক আমিনুল ইছলাম এইবাৰ তেওঁলোকৰ দলীয় প্রার্থী হ’ব বুলি ৰাজহুৱাভাৱে প্রকাশ কৰিছে৷ ইয়াৰ বিপৰীতে কংগ্রেছেও মানকাচৰ এৰি নিদিয়াৰ স্থিতিত দৃঢ় হৈ আছে৷ কাৰণ কংগ্রেছৰ দখলত থকা পশ্চিম অসমৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ সমষ্টি এটা এ আই ইউ ডি এফক এৰি দিয়াৰ লগে লগে সমগ্র নামনি তথা মধ্য অসমত কংগ্রেছে আজমলৰ ওচৰত আত্মসমর্পণ কৰা বুলি যি প্রচাৰ চলিব, নির্বাচনত কংগ্রেছে তাৰ প্রতিফল ভোগ কৰিব লাগিব৷

সেইদৰে অভয়াপুৰী দক্ষিণ সমষ্টিক লৈও অংক মিলাব পৰা নাই কংগ্রেছ আৰু এ আই ইউ ডি এফে৷ যোৱা বিধানসভা নির্বাচনত সমষ্টিটোৰ পৰা এ আই ইউ ডি এফৰ অনন্ত কুমাৰ মালোৱে কংগ্রেছৰ চন্দন কুমাৰ সৰকাৰক ১৯১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি জয়লাভ কৰিছিল৷ সামান্য ভোটৰ ব্যৱধানত জয়লাভ কৰিলেও এ আই ইউ ডি এফে অভয়াপুৰী দক্ষিণ সমষ্টি এইবাৰ এৰিব বিচৰা নাই৷ কাৰণ মালোৱেই হৈছে বর্তমান এ আই ইউ ডি এফৰ একমাত্র হিন্দু বিধায়ক৷

এ আই ইউ ডি এফ যে অকল মুছলমানৰ দল নহয়, সেই কথা প্রতিপন্ন কৰাৰ স্বার্থতেই অভয়াপুৰী দক্ষিণৰ ক্ষেত্রত আপোচ কৰিব বিচৰা নাই আজমলে৷ একেদৰে কংগ্রেছেও কোনো পৰিস্থিতিতে অভয়াপুৰী দক্ষিণ সমষ্টিটো এ আই ইউ ডি এফক এৰি দিবলৈ ৰাজী নহয়৷ পৰম্পৰাগতভাৱে বঙাইগাঁও জিলাৰ তিনিটা সমষ্টিৰ ভিতৰত অভয়াপুৰী দক্ষিণ সমষ্টিটোৱেই কংগ্রেছৰ বাবে নিৰাপদ৷ তদুপৰি অভয়াপুৰী দক্ষিণ সমষ্টি কংগ্রেছে এ আই ইউ ডি এফক এৰি দিয়াৰ লগে লগে কেৱল সমষ্টিটোৰ ক্ষেত্রতেই নহয়, সমগ্র অসমতে বর্তমান যি সামান্য পৰিমাণে হ’লেও অনুসূচিত জাতিৰ লগতে বাঙালী হিন্দু কংগ্রেছৰ সৈতে আছে, তেওঁলোকো কংগ্রেছৰ প্রতি বীতশ্রদ্ধ হৈ পৰাৰ সম্ভাৱনাই প্রকট৷

সেয়ে অভয়াপুৰী দক্ষিণক লৈ কংগ্রেছে কোনো ক্ষেত্রতেই আপোচ নকৰাৰ স্থিতিত অটল হৈ আছে৷ অনুৰূপ অৱস্থা দলগাঁও আৰু লাহৰীঘাটৰ ক্ষেত্রতো৷ দলগাঁও সমষ্টি বর্তমান কংগ্রেছৰ ইলিয়াছ আলীৰ দখলত আছে৷ লাহৰীঘাট সমষ্টি কংগ্রেছৰ ডাঃ নজৰুল ইছলামৰ দখলত আছে৷ ১৯৯৬ চনৰ পৰাই লাহৰীঘাট ডাঃ ইছলামৰ দখলত থকা সমষ্টি৷ কিন্তু দলগাঁৱত যোৱাবাৰ এ আই ইউ ডি এফৰ প্রার্থীগৰাকীয়ে ২,৩২০টা ভোটৰ ব্যৱধানত পৰাজিত হয়৷ সেইদৰে লাহৰীঘাটতো এ আই ইউ ডি এফৰ প্রার্থীগৰাকী ৫,৮০৬টা ভোটৰ ব্যৱধানত পৰাজিত হয়৷

এইবাৰ এ আই ইউ ডি এফে দলগাঁও আৰু লাহৰীঘাট সবলভাৱে দাবী কৰিছে৷ দলগাঁৱত আজমলে ইতিমধ্যে মজিবুৰ ৰহমান তেওঁলোকৰ দলীয় প্রার্থী হ’ব বুলি ৰাজহুৱাভাৱে প্রকাশ কৰিছে৷ কিন্তু কংগ্রেছে নিজৰ দখলত থকা এই সমষ্টি দুটা কোনো ক্ষেত্রতেই এৰি নিদিয়াৰ স্থিতিত অটল আছে৷ ইপিনে, বর্তমান এ আই ইউ ডি এফৰ দখলত থকা নাওবৈচা সমষ্টি অহা নির্বাচনত কংগ্রেছে বিচাৰিছে৷ এইক্ষেত্রত কংগ্রেছৰ স্থিতি স্পষ্ট– এসময়ত ভূপেন হাজৰিকাই প্রতিনিধিত্ব কৰা নাওবৈচাৰ দৰে সমষ্টিত কংগ্রেছে আপোচ কৰিলে সমগ্র উত্তৰ অসমৰ লগতে উজনি অসমত বিৰূপ প্রতিক্রিয়া সৃষ্টি হ’ব৷

সেই যুক্তিৰ আধাৰতেই নাওবৈচা কংগ্রেছে আজমলক এৰি দিয়াৰ পক্ষত নাই৷ ইয়াৰ বিপৰীতে এ আই ইউ ডি এফেও নাওবৈচা এৰি দিব বিচৰা নাই৷ একেই অচলাৱস্থা সৃষ্টি হৈছে হোজাই সমষ্টিৰ ক্ষেত্রতো৷ বর্তমান হোজাই সমষ্টিটো বিজেপিৰ দখলত আছে৷ অহা নির্বাচনত হোজাইত কংগ্রেছ আৰু এ আই ইউ ডি এফ দুয়ো দলেই নিজা প্রার্থী থিয় কৰাব বিচাৰিছে৷ কংগ্রেছৰ মতে সমষ্টিটোত হিন্দু বাঙালী ভোটাৰে নির্ণায়ক ভূমিকা গ্রহণ কৰি আহিছে৷

এনে ক্ষেত্রত হোজাইত কংগ্রেছে এ আই ইউ ডি এফৰে আপোচ কৰা মানে হিন্দু বাঙালী কংগ্রেছৰ পৰা আঁতৰি যাব আৰু তাৰ পৰা উপকৃত হ’ব বিজেপিহে৷ একেদৰে সমষ্টিটোৰ প্রাক্তন বিধায়ক ডাঃ আদিত্য লাংথাছাৰ স্বার্থতে এ আই ইউ ডি এফে সমষ্টি এৰি দিব বিচৰা নাই৷ কাৰণ ডাঃ লাংথাছা হৈছে এ আই ইউ ডি এফ দলৰ এজন শক্তিশালী হিন্দু সম্প্রদায়ৰ নেতা৷ এ আই ইউ ডি এফ মুছলমানৰ দল বুলি জনমানসত যি এক ভাবমূর্তি আছে, সেই ভাবমূর্তি ডাঃ লাংথাছাৰ দৰে নেতাৰ জৰিয়তে ঢ়াকিব বিচাৰে আজমলে৷

মুঠতে ৰাজ্যখনৰ এই আঠটা সমষ্টিক লৈ কংগ্রেছ–এ আই ইউ ডি এফৰ মিত্রতাত আউল লাগি আছে৷ দুয়ো দলেই সেই আঠটা সমষ্টিৰ ক্ষেত্রত ছেক্রিফাইজ কৰিব বিচৰা নাই৷ সূত্রটোৰ মতে দুয়ো দলৰ বাবেই ৰাজনৈতিক দৃষ্টিকোণৰ লগতে সামাজিক দিশৰ পৰাও অত্যন্ত গুৰুত্বপূর্ণ হিচাপে পৰিগণিত সেই আঠ সমষ্টিক লৈ কোনেও কম্প্রমাইজ কৰিব বিচৰা নাই৷

এনে জটিলতাৰ বাবেই শেহতীয়াকৈ ৰিপুণ বৰাকে ধৰি কংগ্রেছৰ যিসকল নেতা আজমলৰে মিত্রতাৰ বাবে ঠেং দাঙি আছিল, তেওঁলোকেও বহু কথা ভাবি সম্প্রতি মৌনতা অৱলম্বন কৰাৰ নীতি গ্রহণ কৰিছে৷ এনে অৱস্থাত কংগ্রেছ হাইকমাণ্ডে অনাগত দিনত কেনেদৰে সেই জটিলতা আঁতৰাই আজমলৰে মিত্রতা আগুৱাই নিয়ে বা মিত্রতাৰ প্রসংগ নির্বাচনী ফলাফলৰ পিছলৈ ঠেলি দিয়ে সেয়াহে লক্ষণীয় হ’ব৷

You might also like