মার্চতহে চূড়ান্ত হ’ব অগপসহ মিত্র দলৰে নির্বাচনৰ আসন বুজাবুজি
’২১ৰ ৰণকৌশলক লৈ ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰে শ্বাহ
নিয়মীয়া বার্তা, ২৭ ডিচেম্বৰঃ অসম ভ্রমণলৈ অহা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ২০২১ চনৰ বিধানসভা নির্বাচনৰ ৰণকৌশল সম্পর্কত ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ সৈতে এখন বৈঠকত মিলিত হয়৷ বৈঠকত অহা বিধানসভা নির্বাচনত দলে গ্রহণ কৰিবলগীয়া ৰণকৌশল আৰু মিত্রতাৰ ৰাজনীতি, আসন বুজাবুজি আদি বিষয়ৰ লগতে প্রার্থী বাছনিৰ কৌশল সন্দর্ভতো বিস্তৃতভাৱে আলোচনা কৰে৷
আমিনগাঁৱৰ লোকনির্মাণ বিভাগৰ পৰিদর্শন বঙলাত কালি নিশাৰ ভাগত অনুষ্ঠিত বৈঠকখনত ক’ৰ কমিটীৰ সদস্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ৰাজ্যিক বিজেপিৰ প্রাক্তন সভাপতি ৰমেন ডেকা, ৰাজেন গোহাঁই, সিদ্ধার্থ ভট্টাচার্য, সাংসদ কুইন ওজা, মন্ত্রী পৰিমল শুক্লবৈদ্য, সাংসদ কামাখ্যাপ্রসাদ তাচা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ডাঃ ৰাজদীপ ৰয়, প্রাক্তন সাংসদ বিশ্বজিৎ দৈমাৰী, ৰাজ্যিক কার্যনির্বাহক সদস্য বিজয় কুমাৰ গুপ্তা, ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মা, বিশেষ আমন্ত্রিত সদস্য বিজেপিৰ ৰাষ্ট্রীয় উপ–সভাপতি তথা অসমৰ প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, সহঃ প্রভাৰী পৱন শর্মা আৰু উত্তৰ–পূবৰ মাণ্ডলিক সাংগঠনিক সম্পাদক অজয় জামৱাল উপস্থিত থাকে৷
বৈঠকখনত আসন্ন বিধানসভা নির্বাচনত দলে কি কি পৰিকল্পনাৰে নির্বাচনী অভিযান আৰম্ভ কৰিব, সেই সন্দর্ভতো কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে দিক্দর্শন দিয়ে৷ সেইদৰে নির্বাচনত মিত্রদলৰ ভূমিকা তথা আসন বুজাবুজি সম্পর্কতো আলোচনা কৰে৷ বৈঠকৰ অন্তত ক’ৰ কমিটীৰ অন্যতম সদস্য প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাজেন গোহাঁয়ে সংবাদ মাধ্যমৰ আগত দিয়া ইংগিত অনুসৰি অহা বিধানসভা নির্বাচনত মিত্রদল অগপৰে আসন সালসলনিৰ কিছু সম্ভাৱনা আছে৷ এই সম্পর্কত সকলো বিষয় অনাগত দিনত স্পষ্ট হৈ পৰিব৷
ইপিনে বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে সংবাদ মাধ্যমৰ আগত কয় যে আগন্তুক দিনত বিধানসভা নির্বাচনৰ বাবে দলে কেনেকৈ আগবাঢ়িব, সেই সম্পর্কে পুংখানুপুংখ আলোচনা কৰা হয়৷ দল কেনেদৰে আগবাঢ়িব লাগিব, সেই বিষয়ে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে তেওঁলোকক বিভিন্ন দিহা–পৰামর্শ আগবঢ়ায়৷ আজিৰ বৈঠকত নির্বাচনৰ টিকট সম্পর্কত কোনো আলোচনা কৰা হোৱা নাই৷ কর্ম সন্দর্ভতহে আলোচনা কৰা হৈছে৷
আসন বুজাবুজিৰ বিষয়টোও কালিৰ বৈঠকত আলোচনাৰ মাজলৈ অহা নাই৷ অহা মার্চ মাহতহে সেই বিষয়ে আলোচনা হ’ব৷ বৈঠকখনত ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা গ্রহণ কৰা দলীয় কর্মসূচীৰ বিষয়ে তেওঁক অৱগত কৰোৱা হয়৷ অহা ২০ জানুৱাৰীৰ পৰা ২০ ফেব্রুৱাৰীলৈ সমষ্টি ভিত্তিত পৃষ্ঠাপ্রমুখ সন্মিলন, ৫ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ বুথ কমিটীৰ সন্মিলন অনুষ্ঠিত কৰাৰ বিষয়ে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীক অৱগত কৰা হয়৷
তদুপৰি ইউ পি পি এলৰ প্রমোদ বড়োৱে কৰা প্লেনিঙৰ বিষয়েও ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা অমিত শ্বাহক অৱগত কৰে৷ অৱশ্যে বি পি এফ সম্পর্কত কোনো আলোচনা হোৱা নাই বুলি তেওঁ স্পষ্ট কৰি দিয়ে৷ বিজেপি মিত্রজোঁটৰ প্রধান লক্ষ্যই হৈছে ১০০+ আসন লাভ কৰি দিছপুৰত পুনৰ চৰকাৰ গঠন কৰা৷ সেই লক্ষ্যক বাস্তৱত কেনেদৰে ৰূপান্তৰ কৰিব, সেই সম্পর্কতে আজিৰ বৈঠকখনত কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে বিস্তৃতভাৱে পর্যালোচনা কৰে৷