খহনীয়াত ক্ষতিগ্রস্তক ৫ লাখ পর্যন্ত সাহায্য প্রদান কৰিব চৰকাৰে
মন্ত্রী পৰিষদৰ বৈঠকত গুৰুত্বপূর্ণ সিদ্ধান্ত
নিয়মীয়া বাৰ্তা ১৪ ডিচেম্বৰঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ সভাপতিত্বত আজি অনুষ্ঠিত মন্ত্রী পৰিষদৰ বৈঠকত গ্রহণ কৰা হয় কেইবাটাও গুৰুত্বপূর্ণ সিদ্ধান্ত৷ সেই অনুসৰি খহনীয়াত ক্ষতিগ্রস্তক পুনৰ সংস্থাপনৰ বাবে আর্থিক সাহায্য প্রদান কৰিবলৈ অনুমোদন দিছে মন্ত্রী পৰিষদৰ বৈঠকে৷ তিনিটা শাখাত খহনীয়াত ক্ষতিগ্রস্তক ক্রমে ৫ লাখ, ১.৫ লাখ আৰু ১ লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰিব ৰাজ্য চৰকাৰে৷ মন্ত্রী পৰিষদৰ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত সংসদীয় পৰিক্রমা মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে প্রকাশ কৰা অনুসৰি খহনীয়াত ঘৰ–মাটি হেৰুওৱা লোকসকলক ৫ লাখ টকাৰ আর্থিক সাহায্য প্রদান কৰিব ৰাজ্য চৰকাৰে৷ কেৱল বাসগৃহ ধ্বংস হ’লে তেওঁলোকে লাভ কৰিব ১.৫ লাখ টকাৰ আর্থিক সাহায্য৷ ইফালে গ্রামাঞ্চলত সর্বসাধাৰণক সর্বস্বান্ত কৰা মাইক্র’ফাইনেন্স প্রতিষ্ঠানসমূহক নাকী লগাব ৰাজ্য চৰকাৰে৷ আজি ৰিজার্ভ বেংক অৱ ইণ্ডিয়াৰ নির্দেশাৱলী অনুসৰি এই মাইক্র’ফাইনেন্স প্রতিষ্ঠানসমূহ নিয়ন্ত্রণৰ বাবে এখন আইন প্রণয়ন কৰিবলৈ মন্ত্রী পৰিষদৰ বৈঠকে অনুমোদন দিয়ে৷ এই প্রসংগত মন্ত্রী পাটোৱাৰীয়ে কয়– ‘গ্রামাঞ্চলসমূহত এনে বিত্তীয় প্রতিষ্ঠানসমূহে জধে–মধে ঋণ প্রদান কৰি আহিছে৷ সকলো প্রতিষ্ঠানৰ সুদৰ হাৰ ভিন্ন৷ সেয়েহে এতিয়াৰে পৰা এই প্রতিষ্ঠানসমূহে যাতে ৰিজার্ভ বেংকৰ নিয়মাৱলী অনুসৰি সুদ নির্ধাৰণকে ধৰি যাৱতীয় ব্যৱস্থা গ্রহণ কৰে, তাৰ বাবে এই আইনৰ জৰিয়তে নিয়ন্ত্রণলৈ অনা হ’ব৷ সমান্তৰালকৈ ব্যক্তিগত শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্রত এতিয়াৰে পৰা চৰকাৰৰ অনুমতি ল’ব লাগিব সংশ্লিষ্ট কর্তৃপক্ষই৷ মন্ত্রী পাটোৱাৰীয়ে প্রকাশ কৰা অনুসৰি বিভিন্ন সময়ত ব্যক্তিগত শিক্ষানুষ্ঠান স্থাপন কৰা হয় যদিও তেওঁলোকে অনুমতি নলয়৷ এতিয়াৰে পৰা ব্যক্তিগত শিক্ষানুষ্ঠান স্থাপনৰ ক্ষেত্রত অনলাইন ব্যৱস্থাৰ জৰিয়তে নির্দিষ্ট সময়ৰ ভিতৰত অনুমতি ল’ব লাগিব৷ এইক্ষেত্রতো মন্ত্রী পৰিষদৰ বৈঠকে যাৱতীয় অনুমোদন প্রকাশ কৰিছে৷
ইপিনে মাদ্রাছা আৰু সংস্কৃত টোলসমূহ বন্ধ কৰাৰ বাবে নতুন আইন প্রণয়ণতো অনুমোদন দিছে মন্ত্রী পৰিষদৰ বৈঠকে৷ মন্ত্রী পাটোৱাৰীয়ে প্রকাশ কৰা অনুসৰি অহা বিধানসভা অধিৱেশনতে এই বিধেয়ক উত্থাপন কৰা হ’ব৷ আগৰৰ ব্যৱসায়ৰ ক্ষেত্রতো নতুন নীতিত আজি অনুমোদন দিছে মন্ত্রী পৰিষদৰ বৈঠকে৷ সংসদীয় মন্ত্রীজনে সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি পূর্বে আগৰ বিক্রী কৰি খেতিয়কসকলে প্রাপ্য মূল্য লাভ কৰা নাছিল৷ এতিয়াৰে পৰা উচিত মূল্য আৰু ভাট্টাও লাভ কৰিব আগৰ খেতিয়কসকলে৷ গোলাঘাটত আধাৰশিলা স্থাপন কৰা আন্তঃৰাষ্ট্রীয় আগৰ ট্রেড চেণ্টাৰৰ জৰিয়তে আগৰৰ ব্যৱসায় কৰাৰ ক্ষেত্রত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ উল্লেখ্য যে আজিৰ কেবিনেটত ২০২১ বর্ষৰ চৰকাৰী বন্ধৰ তালিকাতো অনুমোদন দিয়া হয়৷ আগন্তুক বর্ষত মুঠ চৰকাৰী বন্ধৰ দিন হ’ব ৩৪ দিন৷ আনহাতে, সীমিত বন্ধৰ দিন হ’ব ৩১ দিন৷ আজিৰ মন্ত্রী পৰিষদৰ বৈঠকতে অসম মালা আঁচনিৰ বাবে ভূমি ব্যৱস্থা সৰলীকৰণ আৰু প্রত্যক্ষ কৰ ব্যৱস্থাতো অনুমোদন দিয়ে৷ মেডিকেল কলেজ আৰু হাস্পতাল ক্রিটিকেল কেয়াৰ সেৱা বিধি প্রণয়নতো অনুমোদন দিছে আজিৰ মন্ত্রী পৰিষদৰ বৈঠকে৷ কৃষিভিত্তিক আয়কৰ ৰেহাইতো অনুমোদন দিছে ৰাজ্য চৰকাৰে৷ লক্ষণীয় যে এতিয়াৰে পৰা ব্যৱহাৰ নহ’ব মিৰি শব্দ৷ ইয়াৰ পৰিৱর্তে মিচিং বুলিহে ব্যৱহাৰৰ অনুমোদন দিছে চৰকাৰে৷ চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ পি এম ইউ স্থাপনৰ বাবেও আজি চৰকাৰে অনুমোদন দিছে৷ উল্লেখ্য যে গুৱাহাটী প্রেছ ক্লাবৰ বাবেও স্থায়ী ভূমি আবণ্টনত অনুমোদন দিছে মন্ত্রী পৰিষদৰ বৈঠকে৷ সেই অনুসৰি গুৱাহাটী প্রেছ ক্লাবৰ স্থায়ী চৌহদ নির্মাণৰ বাবে ৰূপনগৰত দুবিঘা ভূমি আবণ্টন দিছে মন্ত্রী পৰিষদৰ বৈঠকে৷ ৰূপনগৰস্থিত অসম চৰকাৰৰ কনষ্ট্রাকচন কোম্পানী লিমিটেডৰ চৌহদত প্রেছ ক্লাব নির্মাণৰ বাবে যাৱতীয় অনুমতি প্রদান কৰিছে৷