নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদ্যমিতা বিকাশৰ লক্ষ্য… ২ লাখ যুৱক-যুৱতীক চৰকাৰে প্ৰদান কৰিব ৫০,০০০কৈ

নিয়মীয়া বাৰ্তা, ৪ ছেপ্টেম্বৰঃ উদ্যমিতা বিকাশৰ লক্ষ্যৰে তথা ক্ষুদ্ৰ উদ্যোগৰ প্ৰতি যুৱ শক্তিক আগবঢ়াই অনাৰ বাবে ৰাজ্য চৰকাৰে অসমৰ ২ লাখ যুৱক-যুৱতীক প্ৰদান কৰিব ৫০,০০০কৈ অনুদান। আজি জনতা ভৱনত সম্বোধন কৰা এখন সংবাদ মেলত এই কথা ব্যক্ত কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

প্ৰাৰম্ভিক মূলধন হিচাপে এই ধন আগবঢ়োৱা হ’ব স্বামী বিবেকানন্দ আছাম যুথ এমপাৱাৰমেণ্ট যোজনাৰ অধীনত। ইতিমধ্যে ১০০০ কোটি টকা এই আঁচনিৰ বাবে নিৰ্ধাৰণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

১ ছেপ্টেম্বৰৰ আগত পঞ্জীয়নভুক্ত আত্মসহায়ক গোট বা আন সংগঠিত গোটৰ সদস্যক  উদ্যমিতা বিকাশৰ বাবে এই অনুদান আগবঢ়োৱা হ’ব। আনহাতে সদস্যগৰাকীৰ বয়স  ৪০ বছৰৰ ওপৰত হ’ব নালাগিব আৰু তেওঁ কমেও হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব।

You might also like