নিয়মীয়া বাৰ্তা ২১ ডিচেম্বৰঃ বিধানসভা নির্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকা অৱস্থাতে পশ্চিমবংগত মমতা বেনার্জীৰ তৃণমূল কংগ্রেছৰ দুর্গ উৎখাতৰ সংকল্প লোৱা কেন্দ্রীয় গৃহমন্ত্রী তথা জ্যেষ্ঠ বিজেপি নেতা অমিত শ্বাহে দুদিনীয়া ভ্রমণসূচীৰ দেওবাৰে দ্বিতীয় দিনটোত ৰাজ্যখনৰ ব’লপুৰত বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ এই ৰোড শ্ব’ত অংশগ্রহণৰ সময়ত গৃহমন্ত্রীগৰাকীয়ে কয় যে তেওঁ জীৱনত কেতিয়াও ৰোড শ্ব’ত ইমানসংখ্যক লোকৰ সমাগম প্রত্যক্ষ কৰা নাছিল৷ ৰোড শ্ব’ত অংশগ্রহণ কৰি পশ্চিমবংগৰ জনসাধাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রতি স্নেহ আৰু আস্থা প্রকট কৰা বুলিও উল্লেখ কৰে শ্বাহে৷ পশ্চিমবংগৰ জনসাধাৰণে এতিয়া দুর্নীতিগ্রস্ত ব্যৱস্থা এটাৰ পৰা নিজকে মুক্ত কৰিব বিচাৰিছে বুলি উল্লেখ কৰি শ্বাহে কয় যে বিজেপিয়ে দেশজুৰি সম্ভৱ কৰি তোলা প্রগতিৰ বাবেই দলটোক ক্ষমতালৈ অনাৰ সংকল্প লৈছে বংগবাসীয়ে৷ ইয়াৰ পূর্বে শান্তি নিকেতনত ৰবীন্দ্র ভৱনলৈ গৈ কবিগুৰুগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে শ্বাহে৷ শ্বাহে কয় যে ৰবীন্দ্রনাথ ঠাকুৰে দেশৰ স্বাধীনতা সংগ্রামলৈ যি অৰিহণা আগবঢ়াইছিল, তাক চিৰকাললৈ স্মৰণ কৰি থকা হ’ব৷ বিশ্ব ভাৰতী পৰিদর্শন কৰি শ্বাহে এইবুলিও উল্লেখ কৰে যে ন’বেল কমিটীয়ে ৰবীন্দ্রনাথ ঠাকুৰক পুৰস্কৃত কৰি নিজেই অনন্য স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ বিশ্ব ভাৰতীৰ শিক্ষার্থীসকলে সাংস্কৃতিক কার্যসূচীৰে আদৰণি জনায় শ্বাহক৷ বিশ্ব ভাৰতীলৈ যোৱাৰ পথতেই আজি ৰোড শ্ব’ত শ্বাহক ৰাজ্যখনৰ বিপুলসংখ্যক জনগণে আদৰণি তথা শুভেচ্ছা জনায়৷ উল্লেখনীয় যে বীৰভূম জিলাৰ এখন গাঁৱত আজি এগৰাকী বাউল গায়কৰ পৰিয়ালত স্থানীয় খাদ্যৰে আতিথ্য জনোৱা হয় অমিত শ্বাহক৷ বাসুদেৱ দাস নামৰ বাউল গায়কগৰাকীৰ ঘৰত শ্বাহে দুপৰীয়াৰ আহাৰ গ্রহণ কৰে৷ গায়কগৰাকীৰ আতিথ্যত সন্তুষ্ট হৈ শ্বাহে কয় যে বাসুদেৱ দাসৰ মৰম–স্নেহ সদায় তেওঁ মনত ৰাখিব৷