গেলেকীত মূৰত বটলেৰে প্রহাৰ কৰি লুটিলে ৪৫ হাজাৰ
নিয়মীয়া বার্তা, ২৪ জুনঃ নাজিৰা মহকুমাৰ অন্তর্গত গেলেকী থানাৰ অধীন ৰঙাগড়া গাঁও নিৱাসী নাজিৰ হুছেইনক যোৱা ২১ জুনৰ নিশা প্রায় ৯.৩০ বজাত ঘৰৰ সন্মুখতে এজন ব্যক্তিয়ে বটলেৰে আক্রমণ কৰে, যাৰ ফলত ব্যক্তিজন গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈ চিকিৎসাধীন হ’ব লগা হয় ৷
ভুক্তভোগী ব্যক্তিজনে অভিযোগ কৰে যে এই ঘটনাত গাঁওখনৰে নিৱাসী কাচিম আলী জড়িত৷ অভিযুক্ত কাচিমে বটলেৰে আঘাত কৰাত নাজিৰ হুছেইনৰ মূৰ ফালি যোৱাৰ লগতে তেওঁ মাটিত ঢলি পৰে৷ ইয়াৰ পিছতেই কাচিম আলীয়ে নাজিৰ হুছেইনৰ পকেটৰ পৰা ৪৫ হাজাৰ টকা লৈ ঘটনাস্থলীৰ পৰা উধাও হয় বুলিও ভুক্তভোগী ব্যক্তিজনে অভিযোগ কৰি এই সন্দর্ভত স্থানীয় গেলেকী থানাত এজাহাৰ দাখিল কৰিছে৷
ইফালে, বর্তমানেও কাচিম আলী পলাতক অৱস্থাত আছে৷ নাজিৰ হুছেইনে গেলেকী থানাত ইতিমধ্যে কাচিম আলীৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত এক গোচৰ ৰজু কৰিছে৷