ভুল–ত্রুটি থাকিলেও এনআৰচিখন গ্রহণ কৰাটো এতিয়া সময়ৰ আহ্বান
হঠাৎ স্থিতি সলাই এপিডব্লিউৰ সভাপতিৰ তাৎপর্যপূর্ণ মন্তব্য
নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ বিগত প্রায় এক দশকৰ নিৰৱচ্ছিন্ন প্রয়াসৰ ফচল হৈছে অসমৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি)৷ কিছু ভুল ত্রুটি থাকিলেও নাগৰিকপঞ্জীখন এশ শতাংশই অশুদ্ধ নহয়৷ সেয়েহে কিছু এৰাধৰাৰ মাজেৰে উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত প্রস্তুত কৰা নাগৰিকপঞ্জীখন আঁকোৱালি লোৱাৰ বাবে আহ্বান জনাইছে ন্যায়ালয়ত নাগৰিকপঞ্জী উন্নীতকৰণ সম্পর্কীয় গোচৰত যুঁজ দিয়া মূল গুচৰীয়া পক্ষ আছাম পাব্লিক ৱর্কছ (এ পি ডব্লিউ)–এ৷ অতি তাৎপর্যপূর্ণ এই আহ্বান পাব্লিক ৱর্কছৰ মুৰব্বী স্বয়ং অভিজিৎ শর্মাৰ৷ মন কৰিবলগীয়া যে ২০১৯ চনৰ ৩১ আগষ্টত চূডান্ত তালিকা প্রকাশ পোৱাৰ পাছৰে পৰাই আছাম পাব্লিক ৱর্কছে এখন এশ শতাংশ শুদ্ধ নাগৰিকপঞ্জীৰ বাবে উচ্চতম ন্যায়ালয়ত বাৰম্বাৰ আবেদন জনাই আহিছিল৷ পিছে হঠাতে পূর্বৰ কঠোৰ স্থিতি সলনি কৰি বেচৰকাৰী সংগঠনটোৱে আনুষ্ঠানিকভাৱে কৰা এই মন্তব্য যথেষ্ট তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে৷ শর্মাই এই প্রতিবেদকৰ আগত কয় যে ক’ৰোনাকালত অসম তথা ভাৰতৰ লগতে সমগ্র বিশ্বৰ পৰিস্থিতি এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷
দেশৰ চুকে–কোণে অক্সিজেনৰ নাটনিয়ে অভাৱনীয় পৰিস্থিতি সৃষ্টি কৰিছে৷ পৰিৱর্তিত এই পৰিস্থিতিত আকৌ ১৬০০ কোটি কিম্বা ততোধিক টকা ব্যয় কৰি নতুনকৈ আন এখন নাগৰিকপঞ্জী প্রস্তুত কৰাৰ দাবী জনোৱাটো মুঠেই বাস্তৱসন্মত বিষয় নহয়৷ সেয়েহে পৰিৱর্তিত এই পৰিস্থিতিত কিছু ভুল–ত্রুটি থাকিলেও ইতিমধ্যে প্রস্তুত কৰা নাগৰিকপঞ্জীখন গ্রহণ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগীৰে আঁকোৱালি লোৱাটোও এতিয়া সময়ৰ আহ্বান বুলি শর্মাই এই প্রতিবেদকৰ আগত মন্তব্য কৰে৷ পিছে উন্নীত নাগৰিকপঞ্জীৰ ৪০ শতাংশমান ভুলেৰে ভৰা বুলি শর্মাই পূর্বতে গ্রহণ কৰা স্থিতিত অটল থকা পৰিলক্ষিত হৈছে৷ এইক্ষেত্রত তেওঁ কয় যে ভুল–ত্রুটি থাকিলেও এ পি ডব্লিউৱে আগতেও জনাইছিল যে এন আৰ চি হ’ল এক বৃহৎ ডাটাবেজ৷ প্রায় দুই বছৰ অতিক্রম হ’ল৷ কিন্তু এন আৰ চি য’ত আছিল তাতেই পৰি আছে৷ সেয়েহে এতিয়া এয়া গ্রহণ কৰি আইনগত পৰৱর্তী পদক্ষেপসমূহ গ্রহণ কৰাৰ সময় আহি পৰিছে৷
অন্যথা যিমান বিদেশী আমি এইখন নাগৰিকপঞ্জীৰ পৰা পালোঁ সেইসকল বিদেশীও পিছত স্বদেশী হৈ পৰিব৷ ‘আমি বাংলাদেশী বাংলাদেশী কৰি আন্দোলন কৰি যাম আৰু বাংলাদেশ আমাতকৈ আগুৱাই যাব৷ অবৈধ বাংলাদেশীৰ নামত চলি থকা দোকানসমূহ বন্ধ হ’ব লাগে৷ অন্যথা অদূৰ ভৱিষ্যতত বাংলাদেশীৰ ওপৰতেই আমি নির্ভৰ কৰিব লাগিব৷’ অতি তাৎপর্যপূর্ণ এই মন্তব্য অভিজিৎ শর্মাৰ৷ শর্মাই প্রকাশ কৰা মতে, দেশৰ মুখ্য ন্যায়াধীশ হিচাপে নতুনকৈ দায়িত্ব লাভ কৰা ন্যায়াধীশ নুথালাপটি ভেংকটা ৰামানাৰ ওচৰত এইক্ষেত্রত আছাম পাব্লিক ৱর্কছে আবেদন জনাব৷ শপতনামাযোগে শীঘ্রে পাব্লিক ৱর্কছে এইক্ষেত্রত মূল গুচৰীয়া পক্ষ হিচাপে সংগঠনটোৱে নিজৰ স্থিতি স্পষ্ট কৰিব বুলিও শর্মাই এই প্রতিবেদকৰ আগত স্পষ্ট কৰি দিয়ে৷