নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২১ মার্চত নাজিৰাৰ আকাশত উৰিব তিনিখনকৈ হেলিকপ্টাৰ

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ২৭ মার্চত অনুষ্ঠিত হ’বলগীয়া অসমৰ প্রথম পর্যায়ৰ ভোটগ্রহণৰ নির্বাচনী প্রচাৰৰ বাবে ২১ মার্চত নাজিৰাৰ আকাশত উৰিব তিনিখনকৈ হেলিকপ্টাৰ৷ নাজিৰাৰ নির্বাচনী বতাহ উত্তপ্ত কৰি তুলিব দেশৰ প্রাক্তন প্রধানমন্ত্রী ৰাজীৱ গান্ধী আৰু ছোনিয়া গান্ধীৰ তনয়া প্রিয়ংকা গান্ধী, অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

লোকসভাৰ সাংসদ প্রিয়ংকা গান্ধীয়ে নাজিৰা নগৰৰ মাজমজিয়াৰ প্রয়াত কর্মশ্রী হিতেশ্বৰ শইকীয়া সোঁৱৰণী মুকলি ৰংগমঞ্চ প্রাংগণত এখন নির্বাচনী সভাত ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্রার্থী দেৱব্রত শইকীয়াৰ হৈ নির্বাচনী প্রচাৰ চলাব৷ একেদিনাই মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিজেপিৰ প্রার্থী ময়ূৰ বৰগোহাঁইৰ হৈ গেলেকী খেলপথাৰত আৰু অসমৰ শিক্ষা, বিত্ত, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নাজিৰাৰ মথুৰাপুৰত নাজিৰাৰ বিজেপি প্রার্থী ময়ূৰ বৰগোহাঁই আৰু সোণাৰি সমষ্টিৰ বিজেপি প্রার্থী ধর্মেশ্বৰ কোঁৱৰৰ হৈ নির্বাচনী প্রচাৰ চলাব৷

You might also like