নিয়মীয়া বাৰ্তা, ৪ আগষ্টঃ অসমৰ বিভিন্ন ঠাইৰ লগতে তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ডুমডুমা অঞ্চলত চৰকাৰীভাৱে স্থাপন কৰিবলৈ লোৱা আদৰ্শ মহাবিদ্যালয় দুখনৰ বাবে ইতিমধ্যে অধ্যক্ষ বাছনি প্ৰক্ৰিয়া সম্পন্ন হৈছে। তিনিচুকীয়া জিলাৰ চাহ নগৰী ডুমডুমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয় আৰু কাকপথাৰ ডিৰাকত স্থাপন কৰা পদ্মনাথ গোহাঁই বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ বাবে নিৰ্বাচিত অধ্যক্ষ ক্ৰমে ডঃ অমৰজিৎ শইকীয়া আৰু ডঃ থানুৰাম মজিন্দাৰে যোৱা ৩১ জুলাই তাৰিখে আনুষ্ঠানিকভাৱে তিনিচুকীয়াৰ উপায়ুক্তৰ কাৰ্যালয়ত যোগদান কৰে। উপায়ুক্তৰ হৈ অতিৰিক্ত উপায়ুক্ত(শিক্ষা) গীতালি দুৱাৰাৰ পৰা নৱনিৰ্বাচিত অধ্যক্ষ দুগৰাকীয়ে নিযুক্তি পত্ৰ গ্ৰহণ কৰে। উল্লেখ্য যে শিৱসাগৰ জিলাৰ জাঁজি অঞ্চলৰ আমগুৰিত জন্ম গ্ৰহণ কৰা অমৰজিৎ শইকীয়াই ৯০ ৰ দশকত শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হিচাপে সফলতাৰে দায়িত্ব পালন কৰিছিল। অধ্যক্ষ পদত নিযুক্তিৰ পূৰ্বলৈকে তেওঁ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সমাজ শাস্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা (এন এছ এছ) বিভাগৰ দায়িত্বও পালন কৰিছিল ডঃ শইকীয়াই। উল্লেখ্য যে বিগত প্ৰথম পৰ্যায়ৰ লকডাউন কালত মাৰ্ঘেৰিটা, লিডু, ডিগবৈ আৰু ডিগবৈ মহিলা মহাবিদ্যালয়ক লৈ গঠিত ৰাষ্ট্ৰীয় সেৱা যোজনাৰ উমৈহতীয়া মঞ্চৰ চৰকাৰীভাৱে নিযুক্ত সমন্বয়ক হিচাপে ‘মাস্ক ইজ মাষ্ট’ নামৰ এলানি সজাগতামূলক কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। তেওঁ নিজ হাতেৰে এহেজাৰ উন্নত মানৰ তিনিতৰপীয়া মাস্ক প্ৰস্তুত কৰি বিশেষকৈ বয়সস্ত লোকৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰি ‘মাস্ক-মেন’ হিচাপে পৰিচিত হৈ পৰা বিষয়টোও বিশেষ লক্ষণীয়। যোৱা ২৮ জুলাই তাৰিখে ঘোষিত ফলাফলত কাকপথাৰ অঞ্চলৰ ডিৰাকত স্থাপিত পদ্মনাথ গোহাঁই বৰুৱা আদৰ্শ মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্ত ডঃ থানুৰাম মজিন্দাৰ শদিয়া মহাবিদ্যালয়ত ৰাজনৈতিক বিভাগৰ অধ্যাপক ৰূপে কৰ্মৰত আছিল। উচ্চ শিক্ষা বিভাগৰ বিজ্ঞাপন অনুসৰি অধ্যক্ষ পদৰ দৰমহাৰ নিৰিখ (পে- স্কেল) প্ৰতিমাহে ১,৪৪,২০০- ২,১৮,২০০ টকা। বিশেষ ভাট্টাৰ পৰিমাণ ২,০০০ টকা। জনামতে প্ৰতিখন মহাবিদ্যালয়তে প্ৰথম পৰ্যায়ত কেৱল কলা বিভাগটো সামৰি লোৱা হৈছে। বীৰ ৰাঘৱ মৰাণ আদৰ্শ মহাবিদ্যালয়ৰ বাবে ২২ গৰাকী শিক্ষক- শিক্ষয়িত্ৰীসহ ৩৫ গৰাকী শিক্ষক- কৰ্মচাৰী নিযুক্ত হ’ব বুলিও জানিব পৰা গৈছে। তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল একে দিনাই অধ্যক্ষ পদৰ বাবে অনলাইন সাক্ষাৎকাৰ গ্ৰহণ কৰা অসমৰ হাইলাকান্দি, কাছাৰ আৰু কাৰ্বি আংলং জিলাৰ আদৰ্শ মহাবিদ্যালয়কেইখন দীনদয়াল উপাধ্যায়ৰ নামেৰে নামকৰণ কৰাৰ বিপৰীতে তিনিচুকীয়াৰ দুখন শিক্ষানুষ্ঠান দুগৰাকী মহান ব্যক্তিৰ নামেৰে নামকৰণ কৰা হয়। কালি দিছপুৰত নৱনিযুক্ত অধ্যক্ষসকলৰে এক অন্তৰঙ্গ আলোচনাত মিলিত হয় শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। আজি সংশ্লিষ্ট জিলাৰ উপায়ুক্ত তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰো সভাপতিসকলক লগ ধৰি অধ্যক্ষসকলে শিক্ষক- কৰ্মচাৰী নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশৰ ব্যৱস্থা কৰিব।