নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীক ধঁপাতমুক্ত কৰাৰ সংকল্প : পীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত প্ৰশিক্ষণ

নিয়মীয়া বাৰ্তা, ১৪ ফেব্ৰুৱাৰীঃ মাজুলী গড়মূৰস্থিত শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামী জিলা অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত আজি ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ধঁপাত মুক্তকৰণ সম্পৰ্কীয় এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ মাজুলী জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডা° মাণিক মিলিয়ে উদ্দেশ্য ব্যাখ্যা কৰি মাজুলীক ধঁপাতমুক্ত কৰি ৰোগবিহীন এখন আদৰ্শ জিলা গঠন কৰা সম্পৰ্কত লোৱা সংকল্প আঁচনিৰ বিষয়ে উল্লেখ কৰে ৷ প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীয়ে ৷ ভাষণত সত্ৰাধিকাৰগৰাকীয়ে ধঁপাত সেৱনৰ জৰিয়তে মানৱ শৰীৰত দেখা দিয়া পাৰ্শ্বক্ৰিয়াৰ বিষয়ে উল্লেখ কৰি সমাজৰ পৰা ধঁপাত নিৰ্মূলৰ বাবে সকলো আগবাঢ়ি আহিব লাগিব বুলি কয় ৷ জিলাখনৰ বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন অধ্যাপক পুতুল মহন্ত, বীৰেন শইকীয়া, গড়মূৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী স্বপ্না কাকতি, জিলা ছাত্ৰ সন্থাৰ সম্পাদক বিতোপন শৰ্মা, উপদেষ্টা পৱিত্ৰ গোস্বামী, শিক্ষক সঞ্জীৱ কুমাৰ দত্ত, নিতুল দাসকে ধৰি আশাকৰ্মীসকলৰ লগতে বহুসংখ্যক লোক উপস্থিত থাকে ৷ প্ৰশিক্ষণত সমল ব্যক্তি ৰূপে ৰাষ্ট্ৰীয় ধঁপাত নিয়ন্ত্ৰণ কোষৰ উজনি অসম মাণ্ডলিক সমন্বয়ক ৰোধিৰ প্ৰকাশ শৰ্মাই সমাজৰ পৰা ধঁপাত নিয়ন্ত্ৰণ আঁচনিৰ সবিশেষ তথ্যসহ দাঙি ধৰে ৷ আগন্তুক দিনত জিলাখনৰ দহখন বিদ্যালয়ৰ লগতে এখন মহাবিদ্যালয় ধঁপাতমুক্ত হিচাপে গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰাৰ লগতে ধঁপাত নিৰ্মূলৰ বাবে ল’বলগীয়া পদক্ষেপ সম্পৰ্কে উপস্থিত সকলোকে বুজাই কয় ৷ প্ৰশিক্ষণ কাৰ্যসূচীত অৱসৰপ্ৰাপ্ত অধ্যাপক পুতুল মহন্ত, শিক্ষক সঞ্জীৱ কুমাৰ দত্ত, নিতুল দাসে মাজুলী জিলাক ধঁপাতমুক্ত কৰাৰ পোষকতা কৰি এইক্ষেত্ৰত সকলোৰে সহযোগিতা লাগিব বুলি উল্লেখ কৰে ৷
প্ৰেৰক ৰূপজ্যোতি বৰা

You might also like