নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ আগষ্ট, ভাদ মাহৰ ১২ তাৰিখ

মেষঃ বিশেষ কোনো কামত সফলতা পাব৷ শৰীৰ দুর্বল অনুভৱ কৰিব৷ আবেলি ৫ বজাৰ পাছত চাই–চিতি যাত্রা কৰিব৷ আপোনাৰ শুভ ৰং বগা৷
বৃষঃ কর্মক্ষেত্রত উচ্চপদস্থ বিষয়াৰ সৈতে সু–সম্পর্ক স্থাপন৷ পৰাপক্ষত যাত্রা নকৰাই ভাল৷ শুভ ৰং গুলপীয়া৷ প্রেমত আনন্দ৷
মিথুনঃ সামাজিক কর্মত জড়িতসকলে উন্নত পৰিৱেশ পাব৷ বিদ্যার্থীসকলৰ শুভ৷ দিনটোত এবাৰ বগা ৰঙৰ বস্ত্র পৰিধান কৰি মন্দিৰলৈ যাব৷ যাত্রা শুভ হ’ব৷
কর্কটঃ কর্মত কঠোৰ পৰিশ্রমৰ অন্তত লাভৰ মুখ দেখা পাব৷ দাম্পত্যত মতবিৰোধ হ’ব পাৰে৷ যাত্রা কৰিব পাৰে৷ শুভ ৰং ক’লা৷
সিংহঃ কন্যা সন্তানৰ প্রতি চকু দিয়ক৷ যাত্রা কৰিলে সাৱধান হ’ব৷ শুভ ৰং সেউজীয়া৷ পাৰিবাৰিক অশান্তিত ভুগিব পাৰে৷
কন্যাঃ ব্যৱসায়ত উন্নতি৷ যোগাযোগত খুব বেয়া নহয়৷ শুভ ৰং ৰঙা৷ ৰঙা ৰঙৰ সূত্রাৰে হাতত পাঁচ পাক দি মেৰিয়াই লৈ যাত্রা কৰিলে সফল হ’ব৷
তুলাঃ কর্মত সফলতা লাভ কৰিব৷ যাত্রা কৰিলে বেঙুনীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ যাত্রা শুভ হ’ব৷ প্রেমত আনন্দ৷
বৃশ্চিকঃ সাংস্কৃতিক কর্মত জড়িতসকলে সফলতা লাভ কৰিব৷ যাত্রা কৰিলে সেউজীয়া ৰঙৰ বস্ত্র পৰিধান কৰিব৷ বিদ্যাত শুভ৷
ধনুঃ যাত্রা কৰিব পাৰে৷ দিনটো ফৰকাল৷ শিৱৰ মন্ত্র জপ কৰিব৷ পাতল নীলা ৰং আপোনাৰ বাবে শুভ৷ প্রেমত বুজাবুজি৷
মকৰঃ পুৰণা বন্ধু–বান্ধৱক লগ পাই সুখী হ’ব৷ ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা৷ ৰঙা ৰঙৰ ব্যৱহাৰে যাত্রা শুভ কৰিব৷
কুম্ভঃ আর্থিক দিশত বাধাগ্রস্ত হ’ব৷ শুভ ৰং কমলা৷ এই ৰং ব্যৱহাৰে যাত্রা শুভ কৰিব৷ বিদ্যাত মধ্যম৷
মীনঃ ব্যৱসায়ত দিনটো শুভ৷ পাৰিবাৰিক দিশতো দিনটো শুভ৷ পুৱা যাত্রা কৰিব পাৰে৷ শুভ ৰং মেৰুণ৷

You might also like