আজিৰ দিনটোৱেই আধুনিক অসমৰ শ্রেষ্ঠতম দিনঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ মাজুলীবাসীৰ বহু আকাংক্ষিত যোৰহাট–মাজুলী সংযোগী ব্রহ্মপুত্রৰ ওপৰত নির্মাণ হ’বলগীয়া দলঙৰ ভূমি পূজন অনুষ্ঠানক লৈ উদুলি–মুদুলি হৈ পৰে সমগ্র নদীদ্বীপটো৷ যোগাযোগ ব্যৱস্থাই এতিয়া মাজুলীবাসীৰ মাজত এক নতুন উদ্দীপনাৰ জন্ম দিছে৷ মাজুলীৰ ফুলনি পথাৰত অনুষ্ঠিত ভূমি পূজন অনুষ্ঠানত দেখা যায় এক উৎসৱমুখৰ পৰিৱেশ৷ বিকাশৰ নতুন যাত্রাত উৎফুল্লিত হৈ পৰে মাজুলীবাসী৷ এই অনুষ্ঠানত অংশ লৈ কেন্দ্রীয় পথ পৰিবহণ আৰু ঘাইপথ দপ্তৰৰ মন্ত্রী নীতিন গাডকাৰিয়ে কয় যে কয় যে নির্বাচনী প্রচাৰৰ বাবে তেওঁ মাজুলীলৈ অহাৰ সময়ত মাজুলীৰ ৰাইজে এখন দলং নির্মাণৰ বাবে জনোৱা অনুৰোধৰ প্রতি সঁহাৰি জনাই তেওঁ তেতিয়াই ইয়াত এখন দলং নিশ্চিতভাৱে হ’ব বুলি প্রতিশ্রুতি দিছিল৷ কালি ৮ কিলোমিটাৰ দৈর্ঘ্যৰ যোৰহাট–মাজুলী সংযোগী দলঙৰ কাম ৯২৫ কোটি টকা ব্যয়েৰে আৰম্ভ কৰা হ’ল৷ নির্বাচনী প্রচাৰৰ সময়ত যি প্রতিশ্রুতি দিয়া হৈছিল, ২ বছৰৰ ভিতৰত সেই প্রতিশ্রুতি পূৰণ কৰিবলৈ পাই তেওঁ যথেষ্ট সুখী বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়৷
ৰাজ্য চৰকাৰে এই দলংখন নির্মাণৰ বাবে ভূমি, মাটি, বালি ইত্যাদিৰ ক্ষেত্রত যি শুল্ক ৰেহাই দিলে, তাৰে বাবে ৩৫ কোটি টকা ৰেহাই গৈছে বুলি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে৷ মোদী চৰকাৰৰ কার্যকালত ভাল কাম আৰু গুণগত মানৰ কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে৷ পূর্বতে ধুবুৰী আৰু ফুলবাৰী সংযোগী দলং নির্মাণৰ ব্যয় প্রায় ১১ হাজাৰ কোটি টকা আছিল যদিও প্রযুক্তিৰ প্রয়োগেৰে এই ব্যয় ৫ হাজাৰ কোটি টকালৈ হ্রাস কৰি দেশৰ অর্থনীতি ৰাহি কৰাৰ বাবে ব্যৱস্থা লোৱা হৈছে বুলিও তেওঁ কয়৷ যোৰহাট–মাজুলী সংযোগী দলঙৰ নির্মাণকার্য কেৱল সর্বানন্দ সোণোৱালৰ আগ্রহৰ ফলতে সম্ভৱ হ’ল বুলি উল্লেখ কৰি সর্বানন্দ সোণোৱালে প্রকাশ কৰা সদিচ্ছা অবিহনে এই কাম কেতিয়াও সম্ভৱ নহ’লহেঁতেন বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়৷ ইয়াৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উত্তৰ–পূর্বাঞ্চলৰ বিকাশ ত্বৰান্বিত কৰাৰ বাবে কেন্দ্রীয় চৰকাৰৰ সকলো মন্ত্রীকে আদেশ দিছে বুলি উল্লেখ কৰি তেওঁ কয় যে সেই আদেশৰ ফলত উত্তৰ–পূর্বাঞ্চলৰ বিকাশে এক নতুন ৰূপ লাভ কৰিছে৷ মন্ত্রীগৰাকীয়ে নিজৰ ভাষণ প্রসংগত মাজুলী পৰিযোজনাৰ কথাও ঘোষণা কৰি এই পৰিযোজনা এই বর্ষতে আৰম্ভ হ’ব বুলিও কয়৷ ১৩১ কিলোমিটাৰৰ এই যোজনা তিনিটা পেকেজত ৰূপায়ণ কৰা হ’ব আৰু ইয়াৰ বাবদ ৮,৭৩০ কোটি টকা ব্যয় কৰা হ’ব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ তৰফৰ পৰা অসমবাসীলৈ এয়া এক বৃহৎ উপহাৰ বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়৷ ধুবুৰী–ফুলবাৰী দলঙৰ বাবে ১০ বছৰ আগৰ পৰা দাবী জনাই আহিছিল বুলি উল্লেখ কৰি এই ব্রিজখনৰ নির্মাণৰ কাম সোনকালেই আৰম্ভ হ’ব বুলিও তেওঁ কয়৷ এই দলংখনৰ জৰিয়তে মেঘালয় তথা অসমৰ সৈতে পশ্চিমবংগৰ প্রত্যক্ষ সংযোগ সম্ভৱ হৈ উঠিব বুলিও মন্ত্রীগৰাকীয়ে কয়৷ আগন্তুক সময়ত ১ লাখ কোটি টকাৰ এক বৃহৎ প্রকল্পও অসমত আৰম্ভ কৰা হ’ব বুলি তেওঁ কয়৷ অসম তথা উত্তৰ–পূর্বাঞ্চল এতিয়া ত্বৰান্বিত বিকাশৰ দিশে আগবাঢ়িছে বুলিও তেওঁ কয়৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে তেওঁৰ বিভাগৰ পৰা ১৪ৰ পৰা ১৫ হাজাৰ কোটি টকাৰ কাম এতিয়া অসমত চলি আছে৷ মাজুলীলৈ আহোঁতে আধ্যাত্মিক গুৰুসকলে প্রদান কৰা আশীর্বাদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক দিয়া প্রতিশ্রুতি এই সাধু–সন্তসকলৰ বাবে সম্পূর্ণ হৈ উঠিল বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজিৰ দিনটো সমগ্র অসমবাসীৰ বাবে এক স্মৰণীয় দিন বুলি কয়৷ মাজুলীবাসীয়ে মনে–প্রাণে ইয়াত এখন দলং হোৱাৰ বাবে বিচাৰিছিল বুলি উল্লেখ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে মাজুলীবাসীৰ সেই বহুদিনীয়া সপোন বাস্তৱত পৰিণত কৰিলে বুলি তেওঁ কয়৷ ইয়াৰ বাবে মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক কৃতজ্ঞতা জনোৱাৰ উপৰি কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে৷
আনহাতে, ধুবুৰী আৰু ফুলবাৰী দলং নির্মাণৰ যি আধাৰশিলা স্থাপন কৰা হ’ল, তাৰ বাবেও মুখ্যমন্ত্রীয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ধন্যবাদ জ্ঞাপন কৰে৷ নমামি ব্রহ্মপুত্র আৰু নমামি বৰাক উৎসৱ আয়োজনৰ সময়ত কিছুসংখ্যক লোকে প্রশ্ণ উত্থাপন কৰিছিল বুলি উল্লেখ কৰি ৩,২০০ কোটি টকাৰ মহাবাহু ব্রহ্মপুত্র প্রকল্পই ব্রহ্মপুত্র আৰু বৰাকৰ সম্ভাৱনীয়তা বিকশাই তোলাৰ স্বপ্ন বাস্তৱায়িত কৰিলে বুলি মুখ্যমন্ত্রীয়ে কয়৷ এই পদক্ষেপে ৰাজ্যখনৰ অর্থনৈতিক বুনিয়াদ শক্তিশালী কৰিব বুলি উল্লেখ কৰি মাজুলীবাসী তথা অসমবাসীৰ মহানতাই এই কাম সম্ভৱ কৰি তুলিলে বুলি মুখ্যমন্ত্রীয়ে কয়৷ বর্তমানৰ কেন্দ্রীয় চৰকাৰে অসমৰ সামগ্রিক যোগাযোগ ব্যৱস্থাৰ উত্তৰণৰ বাবে যি শক্তিশালী পদক্ষেপ গ্রহণ কৰিলে, ইয়ে ৰাজ্যখনৰ অর্থনৈতিক বুনিয়াদ নিশ্চিতভাৱে শক্তিশালী কৰিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কার্যকালত অসমৰ বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ধাৰা শক্তিশালী হৈছে আৰু এই সমন্বয় আৰু শান্তিৰ বাবে ৰাজ্যখনে এতিয়া দোপতদোপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷ যোৰহাট আৰু মাজুলী সংযোগী দলং নির্মাণৰ কাম যাতে নির্ধাৰিত সময়ৰ ভিতৰত সম্পন্ন হয়, তাৰ বাবে সকলো প্রকাৰৰ সহায়–সহযোগিতা আগবঢ়াবলৈ তেওঁ জনসাধাৰণলৈ আহ্বান জনায়৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আন্তৰিকতা, সহযোগিতাৰ বাবে অসমৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ বিকাশে নতুন মাত্রা লাভ কৰিছে বুলি উল্লেখ কৰি এই বিকাশৰ বাবেই অসম তথা উত্তৰ–পূর্বাঞ্চলে সমগ্র দেশতে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷ ৰাজ্যৰ বিত্ত, শিক্ষা, স্বাস্থ্য, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুষ্ঠানৰ আদৰণী ভাষণ প্রদান কৰি কয় যে ২০১৬ চনত অসমৰ জনসাধাৰণে ৰাজ্যখনক নতুন ৰূপত সজাই তোলাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনক সুযোগ দিছিল৷ যোৱা ৫ বছৰত সকলো ক্ষেত্রতে অহা সাফল্যই নৱজাগৰণৰ সূচনা কৰি নৱপ্রজন্মক আগুৱাই যোৱাৰ বাবে প্রেৰণা যোগাব বুলি মন্ত্রীগৰাকীয়ে কয়৷
ভাষণ প্রসংগত মন্ত্রী ড০ শর্মাই কালিৰ দিনটো আধুনিক অসমৰ শ্রেষ্ঠতম দিন বুলি অভিহিত কৰি কয় যে এই দিনটোত অসমৰ সাংস্কৃতিক আৰু আধ্যাত্মিক কেন্দ্রভূমি অসমৰ জাতীয় জীৱনৰ প্রাণকেন্দ্র মাজুলীক সংযোগ কৰি যোৰহাটলৈকে ৯২৫ কোটি ব্যয় সাপেক্ষ দলং নির্মাণৰ যি প্রস্তুতি আছিল, তাক ভূমি পূজনৰ জৰিয়তে শুভাৰম্ভ কৰা হ’ল৷ আজি যদি মাজুলী আৰু যোৰহাটক কেন্দ্র কৰি অসমৰ নৱজাগৰণৰ যাত্রা আৰম্ভ হৈছে, তেনেদৰে ধুবুৰী আৰু ফুলবাৰীৰ মাজত তিনি হাজাৰ কোটি টকা খৰচ কৰি দেশৰ ভিতৰতে দীঘল দলংখন নির্মাণৰ আধাৰশিলা স্থাপন কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ কালি দিনটো অসমৰ বাবে শ্রেষ্ঠতম দিন এইবাবেই যে এই দিনটোত প্রধানমন্ত্রী নৰেন্দ্র মোদী নতুন দিল্লীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে আৰু তাৰ বাবে অসমবাসী এই মহান নেতাগৰাকীৰ ওচৰত কৃতজ্ঞ৷
উল্লেখ্য যে কালি এই অনুষ্ঠান উপলক্ষে মাজুলীত অবতৰীয়া দীপাৱলী উদ্যাপন কৰা পৰিলক্ষিত হয়৷ উৎফুল্লিত মাজুলীবাসীয়ে বন্তি প্রজ্বলন কৰাৰ লগতে মাজুলীৰ গড়মূৰৰ ব্যৱসায়ীসকলে গড়মূৰ চহৰত ফটকা ফুটাই আনন্দ–উল্লাস প্রকাশ কৰে৷