নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাৰ ভিতৰতে বিজেপিময় হৈ পৰিল কমলপুৰ

আজি ড০ শর্মাৰ ২৫ কিলোমিটাৰ চাইকেল সমদল

নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি জালুকবাৰী সমষ্টিৰ সীমামূৰীয়া সমষ্টি কমলপুৰত ভাগ ল’ব এটা বিশাল চাইকেল ৰেলীত৷ চাংসাৰিৰ নিকটৱর্তী তথা কমলপুৰ সমষ্টিৰ অন্যতম কেন্দ্রস্থল বোর্কা হাইস্কুল মিনি ষ্টেডিয়ামৰ পৰা বিহদিয়া মিনি ষ্টেডিয়ামলৈ প্রায় ২৫ কিলোমিটাৰ পথত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্রী ভৱেশ কলিতা, বিজেপি নেতা দিগন্ত কলিতা, ডাঃ হূদয় দাস, হেমন্ত বডাকে ধৰি বিজেপিৰ বহুকেইগৰাকী নেতা আৰু কেইবাসহস্র সমর্থক–নুৰাগীক লৈ মন্ত্রী ড০ শর্মাই চাইকেল চলাই সমষ্টিটোত নির্বাচনকেন্দ্রিক এক নৱজাগৰণ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে৷ দিনৰ ১২.৩০ বজাত বোর্কাৰ পৰা আৰম্ভ হ’বলগীয়া মন্ত্রী ড০ শর্মাৰ বিশাল চাইকেল ৰেলীক লৈ ইতিমধ্যে সমষ্টিটোত ব্যাপক তৎপৰতা চলিছে৷ আনকি নিশাৰ ভিতৰতে বোর্কাৰ ৰাজপথ, ষ্টেডিয়াম প্রাংগণ বিজেপিৰ পতাকাৰে ভৰি পৰে৷ সেইদৰে ৰেলীৰ বাবে নির্ধাৰণ কৰি লোৱা সমগ্র পথছোৱা বিজেপিৰ পতাকাৰে ভৰি পৰা পৰিলক্ষিত হৈছে৷
বিজেপিৰ চাইকেল সমদলৰ প্রাক্ক্ষণত কমলপুৰত নির্বাচনী হিংসা
কামৰূপ জিলাৰ কমলপুৰ বিধানসভা সমষ্টিত যোৱানিশা বিজেপিৰ বেনাৰ–পোষ্টাৰ ফালি–ছিৰি জ্বলাই দিয়ে দুষৃকতিকাৰীয়ে৷ উত্থাপিত অভিযোগ অনুসৰি, কাইলৈ বিজেপিয়ে সমষ্টিটোত উলিয়াব লগা চাইকেল সমদলত অংশগ্রহণকাৰী দলৰ শীর্ষ নেতৃত্বক আদৰণি জনাই সমষ্টিটোৰ বাইহাটা, দগাঁও, কলমনি, কাচকাটা, বিহদিয়া আদি এলেকাত প্রাক্তন বিধায়ক ড০ যাদৱ চন্দ্র ডেকাৰ নামত আঁৰি দিয়া সহস্রাধিক বেনাৰ–পোষ্টাৰ আদি দুষৃকতিকাৰীয়ে ফালি–ছিৰি নি জ্বলাই দিয়ে৷ দল তথা প্রাক্তন বিধায়কগৰাকীৰ সমর্থকে সংবাদ মাধ্যমৰ সন্মুখত এই দুষ্কার্যত গভীৰ উদ্বেগ প্রকাশ কৰি দলৰ উত্থানত শংকিত হৈ কোনো বিৰোধীয়ে এই কাণ্ড সংঘটিত কৰা বুলি অভিযোগ কৰিছে৷

You might also like