নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি বিবদমান লাম্পিলৈ যাব দুই ৰাজ্যৰ মুখ্যমন্ত্রী

অসম–মেঘালয়ৰ সীমা বিবাদ

নিয়মীয়া বাৰ্তা ১৬ নৱেম্বৰঃ অসম–মেঘালয় সীমা সমস্যা সমাধানৰ লক্ষ্যৰে শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ তৎপৰতাত আৰম্ভ হোৱা পদক্ষেপৰ অংশস্বৰূপে আজি বিবদমান কামৰূপ জিলাৰ লাম্পিলৈ যাব অসম–মেঘালয়ৰ মুখ্যমন্ত্রীদ্বয়৷ উল্লেখ্য যে দুয়োখন ৰাজ্যৰ মাজত ছয়টা স্থানক লৈ চলি আছে বিবাদ৷ ইতিমধ্যে সীমা সমস্যাৰ এই জটিলতা আঁতৰাবলৈ দুয়োখন ৰাজ্যত তিনিজনকৈ কেবিনেট মন্ত্রীৰ নেতৃত্বত গঠন কৰা হৈছে তিনিখনকৈ কমিটী৷ তিনিওখন কমিটীয়ে সীমা অঞ্চল পৰিভ্রমণ কৰি স্থানীয় বাসিন্দাৰ সৈতে মত বিনিময় কৰি এই সমস্যা সমাধানৰ বাবে দাখিল কৰিছে যাৱতীয় প্রতিবেদন৷ ৰাজ্য দুখনৰ মুখ্যমন্ত্রীদ্বয়ে ইতিমধ্যে বিষয়টোক লৈ দিছপুৰ আৰু শ্বিলঙত মিলিত হৈছে বৈঠকত৷ এই বৈঠকৰ পাছতে এইবাৰ বিবদমান অঞ্চল পৰিভ্রমণ কৰি সীমা সমস্যা সমাধানৰ পদক্ষেপ গ্রহণ কৰিব উভয় ৰাজ্যৰ মুখ্যমন্ত্রীদ্বয়ে৷ মুখ্যতঃ ইয়াৰ বাবে কাইলৈ কামৰূপ জিলাৰ লাম্পি তথা মেঘালয়ৰ পশ্চিম খাছি পাহাৰ জিলাৰ সীমান্ত অঞ্চলত উপস্থিত হৈ স্থানীয় বাসিন্দাৰ সৈতে মত বিনিময় কৰিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই৷

দুয়োগৰাকী মুখ্যমন্ত্রীৰ আগমনক লৈ উভয় ৰাজ্যৰ প্রশাসনে আৰম্ভ কৰিছে ব্যাপক তৎপৰতা৷ লাম্পিত উভয় ৰাজ্যৰ প্রশাসনে দুয়োগৰাকী মুখ্যমন্ত্রীৰ উপস্থিতিত হ’বলগা বৈঠকৰ বাবে প্রয়োজনীয় কাম–কাজ সম্পূর্ণ কৰি তোলাৰ লগতে নির্মাণ কৰা হৈছে দুটাকৈ হেলিপেড৷ উল্লেখ্য যে কামৰূপ জিলাৰ লাম্পি আৰু হাহিমত মেঘালয়ে দীর্ঘদিন আগ্রাসন চলাই আহিছে৷ ২০০৭ চনত মেঘালয়ে বলপূর্বকভাৱে লাম্পিলৈ সোমাই আহি স্থানীয় বাসিন্দাৰ ওপৰত অত্যাচাৰ চলোৱাৰ লগতে অসম আৰক্ষীলৈ গুলীবর্ষণো কৰিছিল৷ সেয়াই নহয়, যোৱা ৫ আগষ্টত মেঘালয়ৰ এটা দলে লাম্পিলৈ আহি নিজাববীয়াকৈ সীমা নির্ধাৰণ কৰিছিল৷ এনেধৰণে যোৱা দীর্ঘসময় ধৰি মেঘালয়ে লাম্পি এলেকা নিজৰ বুলি দাবী কৰি অহাৰ বিপৰীতে কামৰূপ জিলাৰ অন্তর্গত লাম্পি অঞ্চলৰ বাসিন্দাই বহু বছৰ ধৰি অসমৰ লগত সংযোগ হৈ থকাই নহয়, নির্বাচনতো ভোটদান কৰিছে৷ অৱশ্যে অতি শেহতীয়াকৈ লাম্পি অঞ্চলৰ একাংশই মেঘালয়তো ভোটদান কৰি চুবুৰীয়া ৰাজ্যখনৰ সৈতে চামিল হোৱাৰ দাবী তুলি আহিছে৷ সীমাক লৈ চলি থকা এই সংঘাত নিৰাময়ৰ বাবে আজি  অনুষ্ঠিত হ’বলগা বৈঠক যথেষ্ট গুৰুত্বপূর্ণ বুলি ধাৰণা কৰা হৈছে৷ মন কৰিবলগীয়া যে অসম আৰু মেঘালয়ৰ মাজত থকা ৮৮৪.৯ কিঃমিঃ সীমান্তৰ তাৰাবাৰী, গিজাং, লাম্পি, বকলাপাৰা, খানাপাৰা–পিলিংকাটা আৰু ৰাতাচেৰা অঞ্চলক লৈ বিবাদ অব্যাহত আছে৷

You might also like