নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰে ক’ভিডত পুনৰ আক্রান্ত ৩,৪৭৭, মৃত ৪১

নিয়মীয়া বাৰ্তা, ১৮ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বৃহস্পতিবাৰে ৰাজ্যত নতুনকৈ ৩,৪৭৭জন লোক আক্রান্ত হৈছে৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ৩৩৮জন শোণিতপুৰ জিলাৰ৷ তদুপৰি নগাঁৱত ২২৯জন, গোলাঘাটত ২২৬জন, কাছাৰত ২২০জন আৰু কামৰূপ মহানগৰ জিলাত ১৬৯জন লোক আক্রান্ত হৈছে৷ 

বৃহস্পতিবাৰে মুঠ ১,৫৪,২৬৪টা নমুনা পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.২৫ শতাংশ৷ আজি ক’ভিডত মৃত্যু হৈছে ৪১জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৯জন যোৰহাট জিলাৰ৷ তদুপৰি কামৰূপ মহানগৰ–শিৱসাগৰত চাৰিজনকৈ, গোৱালপাৰা–গোলাঘাট– তিনিজনকৈ আৰু বাক্সা–বৰপেটা–কাছাৰ্ আংলং–ওদালগুৰিৰ এজনকৈ লোকৰ ক’ভিডত মৃত্যু হৈছে৷

বৃহস্পতিবাৰে ক’ভিডৰ পৰা সুস্থ হোৱা লোকৰ সংখ্যা হৈছে ৪,৯৪৯জন৷ বর্তমান বিভিন্ন হাস্পতালত চিকিৎসাধীন হৈ আছে ৩৪,৭৯৩জন লোক৷

উল্লেখ্য যে ক্রমাৎ গুৱাহাটী মহানগৰীত ক’ভিডৰ সংক্রমণ হ্রাস পোৱাৰ প্রতি লক্ষ্য ৰাখি ইতিমধ্যে সাধাৰণ ৰোগীৰ বাবে মুকলি কৰা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল৷ এই হাস্পতালত দুহাজাৰতকৈ অধিক বিছনা আৰু আইচিইউ আছে যদিও সম্প্রতি ইয়াৰে বহুসংখ্যক খালী হৈ আছে৷ সেইদৰে এমএমচিএইচ হাস্পতালৰো ক’ভিডৰ বিছনা বর্তমান খালী হৈ আছে৷ এই কথা সদৰী কৰিছে জিএমচিৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই৷

You might also like