নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থলুৱা বাদ্যযন্ত্ৰ সংগ্ৰহ-সংৰক্ষণেৰে ঘৰতে স্থাপন সংগ্ৰহালয়

অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ আপ্ৰান চেষ্টা সোণাৰিৰ এজন নিৰৱ সাধকৰ

দীপাংকৰ পাল, সোণাৰি, ২৮ মাৰ্চঃ থলুৱা লোক বাদ্যযন্ত্ৰ সংগ্ৰহ আৰু সংৰক্ষণ কৰি অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী কানু ভোগবাৰীৰ এজন শিল্পীয়ে৷ নিজ গৃহতে বৰ্তমান ৬৩ বিধ থলুৱা বাদ্য সংৰক্ষণ কৰাৰ লগতে ভবিষ্যতে এশ বিধ থলুৱা বাদ্যযন্ত্ৰ সংগ্ৰহৰ লক্ষ লৈছে শিল্পীজনে৷ চহকী অসমীয়া সংস্কৃতিৰ হেৰাই যাব ধৰা বিভিন্ন বাদ্যযন্ত্ৰ  সংগ্ৰহ আৰু সংৰক্ষণ কৰি এইবোৰৰ সুৰ আৰু তাল জীয়াই ৰখাৰ অপ্ৰাণ চেষ্টা কৰিছে চৰাইদেউ জিলাৰ সোণাৰিৰ অসম অৰুণাচল সীমান্তৰ কানু ভোগবাৰী গাঁৱৰ অজিত গগৈ নামৰ এই শিল্পী জনে।
তেওঁ নিজ গৃহৰ এটা কোঠাত ক্ৰমাৎ হেৰাই যাবলৈ ধৰা বেণা, সাৰিণ্ডা, টোকাৰী, দোতাৰা, গগনা, টোকা, বৰকাঁহ আদি অসমৰ থলুৱা বাদ্য সংগ্ৰহ কৰাৰ লগতে এইবোৰৰ সংৰক্ষণ কৰিছে। ঢোল, খোল, শংখ, ঘণ্টা, কৰতাল, ঢাক, দগৰ, নাগৰা, বাঁহী, শিঙা আদিকে ধৰি বৰ্তমান ৬৩ বিধ থলুৱা বাদ্য সংৰক্ষণ কৰিছে৷ সৰুৰে পৰাই থলুৱা লোক বাদ্য সংগ্ৰহ এক নিচাত পৰিণত হোৱা অজিত গগৈয়ে শৈশৱতে নিপুনতা লাভ কৰিছিল ঢোলবাদনত।
১২ বছৰ বয়সতে ঢোলবাদনত পাৰ্গত হৈ উঠা ব্যক্তিজনে এতিয়া বজাব জানে প্ৰায় সকলোবোৰ থলুৱা বাদ্য। অজিত গগৈৰ হাতৰ পৰশত প্ৰাণ পাই উঠে সাৰিণ্ডা, দোতাৰা, টোকাৰী কিম্বা বাঁহীটোয়ে। ইয়াৰোপৰি দিহানাম, হৰি নাম কিম্বা ঝুমুইৰ গীতো গায় শিল্পীজনে। অজিত গগৈৰ দুই পুত্ৰ কনছেং আৰু  তাওছেংকো তেওঁ গঢ়ি তুলিছে ঢোলৰ ওজা হিচাপে। পত্নীয়ো এগৰাকী কোকিল কণ্ঠী গায়িকা। সংস্কৃতিবান পৰিয়ালটোৰ প্ৰতিজন সদস্যই ব্ৰতী হৈছে অসমীয়া থলুৱা সংস্কৃতি ৰক্ষা কৰাত।
You might also like