নিয়মীয়া বাৰ্তা, ২৬ জুনঃ দেশজুৰি ক’ৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্য়া বৃদ্ধি পাইছে। প্ৰতিখন ৰাজ্যতে বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। অসমতো ভয়াৱহভাৱে বৃদ্ধি পাইছে আক্ৰান্ত। এই সংক্ৰমণ ৰোধ কৰাৰ পৰিপ্ৰেক্ষিতত ১জুলাই পৰা ১২ আগষ্টলৈ বাতিল কৰা হৈছে সকলো ৰে’ল সেৱা। এই সময়ছোৱাত বন্ধ থাকিব সকলো ৰে’লৰ চলাচল। ১জুলাইৰ পৰা ১২ আগষ্টৰ ভিতৰত বুকিং হোৱা সকলো টিকট ইতিমধ্য়ে বাতিল কৰিছে ৰে’ল বিভাগে।
অৱশ্যে লক ডাউনৰ সময়তো চলি থকা ২৩০খন শ্ৰমিক ৰে’লৰ চলাচল অব্যাহত থাকিব। দেশজুৰি ভয়াৱহভাৱে বৃদ্ধি পোৱা ক’ৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত ৰে’ল বিভাগৰ।