সহকাৰী শিক্ষকসহ দুজনক গ্রেপ্তাৰ আৰক্ষীৰ
প্রধান শিক্ষক জড়িত থকাৰ অভিযোগ বনকৰা ল’ৰাক দিছিল প্রশ্ণ অনা–নিয়াৰ দায়িত্ব
নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ মৰিগাঁও জিলাত চলি থকা নৱম আৰু দশম শ্রেণীৰ ছয়মহীয়া পৰীক্ষাৰ প্রশ্ণকাকত ফাদিল কৰি মৰিগাঁও শিক্ষা বিভাগটোক কলংকিত কৰা ঘটনাটোৰ মূল অভিযুক্ত আতিকুল ইছলাম আৰু মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক আনোৱাৰ হুছেহন ছিৰাজীক অৱশেষত মৈৰাবাৰী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্রাপ্ত প্রধান শিক্ষক নজৰুল হছলাম আৰু সহকাৰী শিক্ষক আনোৱাৰ হুছেহন ছিৰাজীয়ে অকর্তৃত্বশীলভাৱে বিদ্যালয়খনত নিয়োজিত কৰি ৰখা ধৃত আতিকুলৰ জৰিয়তে দীর্ঘদিনৰ পৰা বিদ্যালয়খনত এনেধৰণৰ কর্মকাণ্ড কৰি অহাৰ অভিযোগ বহু পুৰণি৷ আতিকুল প্রধান শিক্ষকৰ ঘৰত কাম কৰা ল’ৰা হিচাপে পৰিচিত৷ ২৫ নৱেম্বৰত নৱম আৰু দশম শ্রেণীৰ সমাজ বিজ্ঞানৰ প্রশ্ণ আৰু ২৭ নৱেম্বৰত দশম শ্রেণীৰ বিজ্ঞানৰ প্রশ্ণকাকত ধনৰ বিনিময়ত ফাদিল কৰিছিল এহ দুহ শিক্ষকে৷ অৱশেষত মৰিগাঁও জিলা শিক্ষা বিভাগে দুয়োটা পৰীক্ষা বাতিল কৰিবলগীয়া হৈছিল৷ শৈক্ষিক সমাজত তোলপাৰ লগোৱা উক্ত ঘটনাটোক মৰিগাঁও জিলাৰ উপায়ুক্ত প্রকাশ ৰঞ্জন ঘৰফলীয়াহ গুৰুত্ব সহকাৰে লৈ এক দণ্ডাধীশ পর্যায়ৰ তদন্ত ঘোষণা কৰিছিল৷
ঘটনাটোৰ তদন্তকাৰী বিষয়া তথা লাহৰীঘাটৰ কার্যবাহী দণ্ডাধীশ স্বৰাজ ভাৰত লাগাচুয়ে মৈৰাবাৰী আৰক্ষীৰ সহযোগত যোৱানিশা হোৱাটছএপত বিয়পোৱা তথ্যৰ ভিত্তিত প্রথমতে আতিকুলক আৰু আজিদিনৰ ভাগত মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক দিশটোৰ দায়িত্বত থকা সহকাৰী শিক্ষক আনোৱাৰ হুছেহন ছিৰাজীক আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ প্রাপ্ত তথ্য মতে মৈৰাবাৰী হাইস্কুল কেন্দ্রৰ পৰা আন ছখন বিদ্যালয়ে ছমহীয়া পৰীক্ষাৰ প্রশ্ণকাকত সংগ্রহ কৰি পৰীক্ষা অনুষ্ঠিত কৰিছে৷ এই কেন্দ্রটোৰ পৰীক্ষাৰ প্রধান ভাৰপ্রাপ্ত বিষয়া হৈছে মৈৰাবাৰী হাইস্কুলৰ প্রধান শিক্ষক নজৰুল ইছলাম৷ সহকাৰী ভাৰপ্রাপ্ত বিষয়া হৈছে ডুৰাবান্দি হাইস্কুলৰ প্রধান শিক্ষক আবুল হাছিম৷ নজৰুল ইছলামৰ নির্দেশক্রমে সহকাৰী ভাৰপ্রাপ্ত বিষয়া আবুল হাছিমে মৰিগাঁৱৰ পৰা ছমহীয়া পৰীক্ষাৰ প্রশ্ণকাকত সংগ্রহ কৰিছিল৷ ৰহস্যজনক কথাটো হ’ল মৈৰাবাৰী হাইস্কুলৰ দুজন কর্মৰত চৰকাৰী চকীদাৰ থকা সত্ত্বেও আবুল হাছিমে প্রশ্ণকাকত আনিবলৈ মৰিগাঁৱলৈ লগত লৈ গৈছিল বনকৰা ল’ৰা আতিকুল ইছলামক৷
স্থানীয় সূত্রসমূহৰ মতে বনকৰা ল’ৰা আতিকুল ইছলামে পৰীক্ষাৰ প্রশ্ণকাকত বিতৰণত পূর্বৰে পৰা বিশেষ ভূমিকা লৈ আহিছে৷ ইফালে মৈৰাবাৰী হাইস্কুলৰ পৰীক্ষা পৰিচালনা কৰাৰ দায়িত্ব অর্পিত হৈছিল জ্যেষ্ঠ শিক্ষক আনোৱাৰ হুছেইন ছিৰাজীৰ ওপৰত৷ আতিকুল ইছলাম আৰু আনোৱাৰ হুছেইন ছিৰাজী প্রশ্ণকাকত ফাদিলত জড়িত বুলি অভিযোগ উঠিছে৷ যোৱানিশা আৰক্ষীয়ে আতিকুল ইছলামক গ্রেপ্তাৰ কৰে আৰু আজি গ্রেপ্তাৰ কৰিছে আনোৱাৰ হুছেইন ছিৰাজীক৷ আজি মৰিগাঁৱৰ বিদ্যালয়সমূহৰ পৰিদর্শক বুলি গগৈ ভূঞাই শিক্ষক আনোৱাৰ হুছেইন ছিৰাজীক চাকৰিৰ পৰা নিলম্বন কৰিছে৷ ইফালে প্রশ্ণকাকত ফাদিল কেলেংকাৰিত কেৱল এই দুজনেই নহয়, অধিক লোক গোপনে জড়িত থকাৰ অভিযোগ উঠিছে৷ একাংশ প্রধান শিক্ষকে পৰীক্ষাৰ সময়ত বিদ্যালয়ত উপস্থিত নাথাকি চকীদাৰৰ হাততে প্রশ্ণকাকত ৰাখি আলমাৰিৰ চাবি চমজাই দি নিজৰ দায়িত্ব আৰু কর্তব্যক ফাঁকি দিয়াৰ অভিযোগ উঠিছে৷ ঘটনাৰ ভয়াৱহতা প্রত্যক্ষ কৰি পৰিদর্শক বুলি গগৈ ভূঞাই আতিকুল ইছলামৰ বিৰুদ্ধে আৰু এই ঘটনাত অধিক লোক জড়িত থকাৰ আশংকা কৰি মৈৰাবাৰী থানাত দুখন এজাহাৰ দাখিল কৰিছে৷ শেহতীয়াকৈ পোৱা তথ্য মতে আৰক্ষীৰ জেৰাত আতিকুল ইছলামে আনোৱাৰ হুছেইন ছিৰাজীৰ নির্দেশত প্রতি ছাত্র–ছাত্রীৰ পৰা ২০–২৫ হাজাৰ টকাৰ বিনিময়ত প্রশ্ণকাকত সৰবৰাহ আৰু যোগান প্রতি বছৰেই ধৰি অহা বুলি স্বীকাৰোক্তি দিছে৷ ইফালে মৈৰাবাৰী হাইস্কুল কেন্দ্রৰ পৰা প্রশ্ণকাকত সংগ্রহ কৰা আন ছখন বিদ্যালয়কো তদন্তৰ আওতালৈ অনাৰ দাবী উঠিছে৷