তিনি বছৰ দখলীকৃত ভূমিৰ গৰাকীয়ে পাব পিএম কিষাণ আঁচনিৰ সুবিধা
নতুন দিল্লীত ২ কেন্দ্রীয় মন্ত্রীৰে বৈঠক কৃষিমন্ত্রী অতুল বৰাৰ
নিয়মীয়া বাৰ্তা ৯ জুলাইঃ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ আৰু কেন্দ্রীয় পশুপালন মন্ত্রী পুৰুষোত্তম ৰূপালাৰ সৈতে বৃহস্পতিবাৰে নতুন দিল্লীত পৃথকে পৃথকে দুখনকৈ বৈঠকত মিলিত হয় ৰাজ্যৰ কৃষি, পশুপালন মন্ত্রী অতুল বৰা৷ আজি আবেলি কৃষিমন্ত্রী বৰাই এটি উচ্চ পর্যায়ৰ কৃষি বিষয়াৰ দল লগত লৈ ৰাজ্যখনৰ কৃষিখণ্ডৰ সৈতে জড়িত কেতবোৰ গুৰুত্বপূর্ণ বিষয় সন্দর্ভত আলোচনাত মিলিত হয় কেন্দ্রীয় কৃষিমন্ত্রী টোমৰৰ সৈতে৷ আলোচনাত মন্ত্রী বৰাই অবিতর্কিতভাৱে তিনি বছৰ ধৰি নিজৰ দখলত থকা ভূমিৰ গৰাকীক ৰাজ্য চৰকাৰে দিয়া জাননী বা প্রমাণ–পত্রৰ অধীনত পি এম কিষাণ আঁচনিৰ যোগ্য হিতাধিকাৰী হিচাপে বিবেচনা কৰিবলৈ কেন্দ্রীয় মন্ত্রী টোমৰক অনুৰোধ জনায়৷ ৰাজ্যখনলৈ বর্ধিত পৰিমাণত ৰাসায়নিক সাৰ যোগান ধৰিবলৈকো মন্ত্রী বৰাই কেন্দ্রীয় মন্ত্রী টোমৰক অনুৰোধ জনায়৷
ৰাষ্ট্রীয় কৃষি বিকাশ যোজনা, ৰাষ্ট্রীয় খাদ্য সুৰক্ষা অভিযান আদিৰ দৰে কেন্দ্রীয় খণ্ডৰ আঁচনিসমূহৰ অধীনত ৰাজ্যখনৰ খাৰিফ শস্যৰ খেতিত বাধা নহ’বলৈ কেন্দ্রীয় চৰকাৰৰ দ্বাৰা আবণ্টিত পুঁজি একেটা কিস্তিতে বা মুঠ আবণ্টিত পুঁজিৰ ৭৫ শতাংশ নির্দিষ্ট বিত্তীয় বর্ষৰ আৰম্ভণিতে মুকলি কৰি দিবলৈকো কৃষিমন্ত্রী বৰাই কেন্দ্রীয় মন্ত্রীগৰাকীক অনুৰোধ জনায়৷ ৰাজ্যখনত কৃষি যান্ত্রিকীকৰণক কৃষকৰ বাবে অধিক সহজলভ্য কৰি তুলিবলৈ কৃষি যন্ত্রপাতিৰ ক্ষেত্রত থকা ৰাজসাহায্যৰ পৰিমাণ ৯০ শতাংশলৈ বৃদ্ধি কৰিবলৈও মন্ত্রী বৰাই কেন্দ্রীয় মন্ত্রী টোমৰক অনুৰোধ জনায়৷
ৰাজ্যখনৰ পাঁচখন জিলাত পাম যন্ত্রপাতি প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰাৰ লগতে অসমত উৎপাদন হোৱা ৰঙা চাউল আৰু ক’লা চাউলৰ ৰপ্তানিৰ ক্ষেত্রত ৰাজসাহায্যৰ ব্যৱস্থা কৰাৰ লগতে সম্প্রসাৰণ ব্যৱস্থাটোক শক্তিশালী কৰি তুলিবলৈ প্রয়োজনীয় ধন মুকলি কৰি দিবলৈ কেন্দ্রীয় কৃষি মন্ত্রী টোমৰক মন্ত্রী বৰাই অনুৰোধ জনায়৷
কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে হোৱা এই আলোচনা কালত কেন্দ্রীয় কৃষি ৰাজ্যিক মন্ত্রীদ্বয় কৈলাশ চৌধুৰী আৰু শোভাকৰণ লাজে, কেন্দ্রীয় কৃষি সচিব সঞ্জয় আগৰৱাল, কৃষি মন্ত্রালয়ৰ অতিৰিক্ত সচিব অভিলাক্ষী লেখী, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আৰু কৃষি উৎপাদন আয়ুক্ত ৰবি শংকৰ প্রসাদ, কৃষি সচিব আৰু কৃষি সঞ্চালক বিনোদ চেচান, অসম বীজ নিগমৰ পৰিচালন সঞ্চালক বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিত আছিল৷ ইয়াৰ আগেয়ে আজি পুৱা কৃষিমন্ত্রী বৰাই কেন্দ্রীয় পশুপালন আৰু দুগ্ধমন্ত্রী পুৰুষোত্তম ৰূপালাৰ সৈতে আন এখন বৈঠকত মিলিত হয় আৰু ৰাজ্যখনৰ পশুপালন খণ্ডৰ বিকাশৰ বাবে ৰাজ্যখনত এটি ভ্রূণ স্থানান্তৰ প্রযুক্তি আই ভি এফ গৱেষণাগাৰ স্থাপনৰ বাবে কেন্দ্রীয় মন্ত্রীগৰাকীক অনুৰোধ জনায়৷