উত্তপ্ত সীমান্তৰ পৰা সুৰক্ষা বাহিনী আঁতৰাব দুই ৰাজ্যই
নিয়মীয়া বাৰ্তা, ৬ আগষ্টঃ ভূমি দখলৰ লক্ষ্যৰে সীমান্তত আগ্রাসন চলোৱা চুবুৰীয়া ৰাজ্য মিজোৰামে অৱশেষত অসমৰ সৈতে সহমতত উপনীত হ’বলৈ সন্মতি প্রকাশ কৰিলে৷ সেয়াই নহয়, যুদ্ধংদেহী মনোভাবেৰে সীমান্তত মিজো আৰক্ষী মোতায়েন কৰা ৰাজ্যখনে অৱশেষত পিছুৱাই অহাৰ বাবেও সন্মত হ’ল৷
উল্লেখ্য যে যোৱা ২৬ জুলাইত মিজোৰামৰ আগ্রাসনক প্রতিহত কৰিবলৈ অসম আৰক্ষী সীমান্তত থিয় দিয়াৰ সময়তে মিজো আৰক্ষীয়ে নির্বিচাৰে গুলীচালনা কৰি নিহত কৰিছিল ৬জনকৈ অসম আৰক্ষী জোৱানক৷ ২৬ জুলাইৰ সীমা বিবাদৰ এই ঘটনাক লৈ উত্তপ্ত হৈ থকা পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে উভয় ৰাজ্য সন্মত হোৱাৰ পাছতেই মিজোৰামত উপস্থিত হৈছিল অসমৰ দুগৰাকী জ্যেষ্ঠ মন্ত্রী ক্রমে অতুল বৰা, অশোক সিংঘল আৰু সীমা সুৰক্ষাৰ আয়ুক্ত সচিব জি ডি ত্রিপাঠী৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত চুবুৰীয়া ৰাজ্যখনত উপস্থিত হোৱা দুয়োগৰাকী মন্ত্রীৰ উপস্থিতিতে আজি আইজল ক্লাবত অনুষ্ঠিত হয় এক গুৰুত্বপূর্ণ বৈঠক৷ এই বৈঠকত মিজোৰামক প্রতিনিধিত্ব কৰে গৃহমন্ত্রী লালচামলিয়ানা, ৰাজহ মন্ত্রী লালৰোৱাতকিমা আৰু গৃহ সচিব ভানলালগাইচাকাই৷ এই বৈঠকতে উভয় ৰাজ্যই সীমান্তত শান্তি প্রতিষ্ঠা কৰাৰ বাবে সন্মত হোৱাৰ লগতে দুয়ো ৰাজ্যৰ সামগ্রিক উন্নয়নৰ ক্ষেত্রত সহযোগিতাৰো যৌথ মত প্রকাশ কৰে৷
বৈঠকৰ পাছতে দুয়ো চৰকাৰে জাৰি কৰা এক যৌথ বিজ্ঞপ্তিত স্পষ্ট কৰা হয় যে উভয় ৰাজ্যই সীমান্তৰ বিবাদ নিষ্পত্তি আৰু সংঘাত দূৰীকৰণৰ বাবে সকলো ব্যৱস্থা গ্রহণ কৰিব৷ বৈঠকত গুৰুত্বপূর্ণ দিশটো হ’ল যে দুয়োখন ৰাজ্যই সীমান্তৰ পৰা নিজৰ সুৰক্ষা বাহিনী আঁতৰাই আনিব আৰু বিবদমান অঞ্চল কেন্দ্রীয় নিৰপেক্ষ সুৰক্ষা বাহিনীৰ হাতত অর্পণ কৰিব৷
আনহাতে, ২৬ জুলাইৰ ঘটনাৰ ১০ দিন পাছত অর্থাৎ আজি অনুষ্ঠিত এই বৈঠকত মিজোৰাম চৰকাৰে সীমান্ত বিবাদক কেন্দ্র কৰি নিহত হোৱা অসমৰ ৬ শ্বহীদ জোৱানৰ প্রতি সমবেদনা জ্ঞাপন কৰাৰ লগতে এই ঘটনাৰ বাবে দুখ প্রকাশ কৰে৷ এই বৈঠকতে উভয় চৰকাৰে কেন্দ্রীয় নিৰপেক্ষ বাহিনীক আদৰণি জনোৱাৰ লগতে উক্ত স্থানলৈ নিজৰ সুৰক্ষা বাহিনী, বনৰক্ষী বাহিনী অথবা আন কোনো বেটেলিয়ন প্রেৰণ নকৰাৰ সিদ্ধান্ত লয়৷ সীমান্তত উভয় পক্ষৰ পৰা শান্তি বজাই ৰখাৰ বাবে প্রতিশ্রুতিবদ্ধ হয়৷ বিশেষকৈ মিজোৰাম সীমান্তত থকা কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ তথা অসম সীমান্তত থকা মামীত আৰু কলাছিব জিলাৰ সীমান্তত কোনোধৰণৰ সুৰক্ষা বাহিনী নিয়োগ নকৰাৰ বাবে সিদ্ধান্ত লয় দুয়োখন চৰকাৰে৷
সমান্তৰালভাৱে দুয়োখন চৰকাৰে সীমান্তত শান্তি–সম্প্রীতি অব্যাহত ৰাখিবলৈ আগন্তুক সময়ত সকলো প্রচেষ্টা গ্রহণ কৰিব বুলিও ঐকমত্যত উপনীত হয়৷ প্রায় ডেৰঘণ্টাজুৰি চলা এই বৈঠকত অসম আৰু মিজোৰামে সীমা বিবাদ পৰিহাৰ কৰি শান্তিৰ বাতাৱৰণ গঢ়ি তোলাৰ লক্ষ্যৰে সীমান্তত লাগি থকা দুয়োখন ৰাজ্যৰ জিলাৰ উপায়ুক্ত পর্যায়ত মাহেকীয়া বৈঠক অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লয়৷ যৌথভাৱে প্রকাশ কৰা এক বিবৃতিত অসম চৰকাৰৰ হৈ মন্ত্রী অতুল বৰা আৰু মিজোৰামৰ হৈ গৃহমন্ত্রী লালচামলিয়ানে স্বাক্ষৰ কৰে৷ মন কৰিবলগীয়া যে ২৬ জুলাইত কাছাৰৰ লাইলাপুৰত সংঘটিত সীমা বিবাদত অসমৰ ৬জনকৈ আৰক্ষী জোৱান শ্বহীদ হোৱাক কেন্দ্র কৰি উত্তেজনাই বিৰাজ কৰিছিল দুয়োখন ৰাজ্যৰ সীমান্ত অঞ্চলত৷
বিশেষকৈ মিজো আৰক্ষীয়ে নির্বিচাৰে চলোৱা গুলীচালনাত অসমৰ জোৱান নিহত হোৱা ঘটনাই এই বিবাদ অধিক জটিল কৰি তুলিছিল৷ আনকি মিজোৰাম আৰক্ষীয়ে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, আই জি পি অনুৰাগ আগৰৱালা, কাছাৰৰ উপায়ুক্ত, পূর্বৰ আৰক্ষী অধীক্ষক আৰু ডিএফ’ৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল৷ সমান্তৰালভাৱে কাছাৰ জিলাৰ ধলাই থানাত অসম আৰক্ষীয়ে মিজোৰামৰ সীমান্তৱর্তী জিলা কলাছিবৰ আৰক্ষী অধীক্ষকৰ লগতে আন কেইবাজনো বিষয়াৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ৷ এনে এক পৰিস্থিতিৰ মাজতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ হস্তক্ষেপত বিষয়টো কিছু স্বাভাৱিক হয় যদিও সীমান্তত মোতায়েন কৰা কেন্দ্রীয় নিৰপেক্ষ সুৰক্ষা বাহিনীৰ হাতত মিজোৰামে এৰি দিয়া নাছিল নিজৰ বিঅ’পি৷ ইয়াৰ বিপৰীতে অসম আৰক্ষী বিবদমান স্থানৰ পৰা যথেষ্ট পিছুৱাই আহিছিল৷ আজিৰ বৈঠকত এই বিষয়টো উত্থাপন হোৱাৰ পাছত মিজোৰামে নিজৰ বি’পি নিৰপেক্ষ সুৰক্ষা বাহিনীক এৰি দিয়াৰ সিদ্ধান্ত লয়৷
ইফালে, এই বৈঠকৰ পাছত মন্ত্রী অতুল বৰাই কয় যে এই আলোচনা যথেষ্ট আশাব্যঞ্জক৷ উভয় ৰাজ্যই শান্তি প্রতিষ্ঠাৰ ক্ষেত্রত ঐকমত্যত উপনীত হৈছে আৰু এই পৰিৱেশ দুয়োখন ৰাজ্যত বিকাশ তথা উন্নয়নত যথেষ্ট সহায় হ’ব৷ মন কৰিবলগীয়া যে ২৬ জুলাইৰ ঘটনাৰ পাছতেই অসম চৰকাৰে মিজোৰাম ভ্রমণৰ ক্ষেত্রত সতর্কতা জাৰি কৰিছিল৷ আজিৰ বৈঠকৰ পাছতেই এই সতর্কতা প্রত্যাহাৰ কৰা হয়৷ মন্ত্রী অশোক সিংঘলে এই সন্দর্ভত কয় যে উত্তেজনাময় পৰিস্থিতিৰ বাবে সাধাৰণ লোকৰ নিৰাপত্তাৰ দিশটোৰ প্রতি লক্ষ্য ৰাখিয়ে অসম চৰকাৰে মিজোৰাম ভ্রমণত সতর্কতা জাৰি কৰিছিল৷ পৰিস্থিতি যিহেতু স্বাভাৱিক হৈছে, গতিকে এইক্ষেত্রত সকলো ব্যৱস্থা শিথিল হ’ব৷ অৱশ্যে মিজোৰামৰ পৰা অসমলৈ অহা যান–বাহনৰ নিয়মমাফিক তালাচী অব্যাহত থাকিব৷
মন্ত্রীগৰাকীয়ে ইয়াকো স্পষ্ট কৰে যে দুয়োখন ৰাজ্যৰ সীমা কি হ’ব, সেই সম্পর্কে এই বৈঠকত আলোচনা হোৱা নাই অথবা মূল ইছ্যুৰ ওপৰত সিদ্ধান্ত গ্রহণ হোৱা নাই৷ পৰৱর্তী পর্যায়ত হ’বলগা বৈঠকসমূহত এই দিশবোৰ আলোচনা কৰা হ’ব৷ আজিৰ বৈঠকে কেৱল উভয় পক্ষৰ মাজত শান্তিৰ বাতাৱৰণ গঢ়ি তোলাৰ ক্ষেত্রতহে সর্বাধিক গুৰুত্ব দিছে৷ সীমা বিবাদক লৈ আইজলত অনুষ্ঠিত বৈঠক সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো প্রতিক্রিয়া প্রকাশ কৰিছে৷
মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক কয়– অসম–মিজোৰাম সীমান্তত আমি কেৱল শান্তি বিচাৰোঁ৷ কিন্তু যদি মিজোৰামে সীমান্তলৈ তেওঁলোকৰ সশস্ত্র বাহিনী প্রেৰণ কৰি থাকে, আমিও যদি আমাৰ বাহিনী প্রেৰণ কৰি থাকোঁ তেন্তে পৰিস্থিতি স্বাভাৱিক নহ’ব৷ আমি বিচাৰিম মিজোৰাম চৰকাৰে আনুষ্ঠানিকভাৱে আমাৰ ৬গৰাকী শ্বহীদ জোৱানৰ মৃত্যু সন্দর্ভত শোক প্রকাশ কৰক, সমবেদনা জ্ঞাপন কৰক৷ মিজোৰামে সীমান্তৰ পৰা তেওঁলোকৰ সুৰক্ষা বাহিনী প্রত্যাহাৰ কৰিলে নিশ্চিতভাৱে সীমান্তৰ ৰাইজে শান্তি–সম্প্রীতিৰে বসবাস কৰিব পাৰিব৷