নিয়মীয়া বাৰ্তা ২ ছেপ্টেম্বৰঃ আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত বৃদ্ধি পাইছে নির্বাচনী কুচ–কাৱাজ৷ বিভিন্ন ৰাজনৈতিক দলে ইতিমধ্যে আৰম্ভ কৰিছে নির্বাচনী সমীকৰণ৷ ইয়াৰ মাজতে উজনি অসম সম্পূর্ণৰূপে দখলৰ লক্ষ্য বান্ধি লৈছে ৰাজ্যিক বিজেপিয়ে৷ মঙলবাৰে এই কথা ঘোষণা কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে৷ ৰাজ্যিক বিজেপিৰ মুখপত্র ‘অসমীয়া বিজেপি বার্তা’ উন্মোচন কৰি দাসে কয় যে উজনি অসমৰ পাঁচ সমষ্টি ক্রমে মৰিয়নি, তিতাবৰ, শিৱসাগৰ, নাজিৰা আৰু ডুমডুমা নিজৰ দখললৈ আনি সম্পূর্ণ উজনি অসম বিজেপিৰ দখললৈ অনা হ’ব৷ একে সময়তে তেওঁ মহাজোঁট বন্ধন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয়–‘মহাজোঁট বন্ধনে আমাৰ কোনো ক্ষতি নকৰে৷ বৰঞ্চ বিজেপিৰ দখললৈ কেইবাখনো নতুন আসন অহাতহে সহায় কৰিব৷ নির্বাচনৰ পূর্বে বহু ধৰণৰ ঢ়ৌ আহে৷ কিন্তু বিজেপি হৈছে সাগৰৰ তলিৰে বৈ থকা নিৰৱিচ্ছিন্ন ঢ়ৌ৷ এআইইউডিএফৰ সৈতে মিত্রতা কৰি কংগ্রেছে যি সাম্প্রদায়িকাৰ বেহা মেলিছে তাৰ দ্বাৰা বিজেপিৰ কোনো ক্ষতি নহয়, বৰঞ্চ আসন বৃদ্ধিহে হ’ব৷’ ‘অসমীয়া বিজেপি বার্তা’ উন্মোচন কৰি দিয়া ভাষণত ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে সর্বানন্দ সোণোৱাল চৰকাৰে গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা সদৰী কৰি কয় যে খিলঞ্জীয়া ভূমিপুত্রসকলৰ মাটি আছে, কিন্তু পট্টা নাই৷ যাৰ বাবে তেওঁলোকে চৰকাৰী বিভিন্ন সা–সুবিধাৰ পৰা বঞ্চিত হৈ আহিছে৷ সেয়েহে সোণোৱাল চৰকাৰে এক লাখ খিলঞ্জীয়া ভূমিপুত্রক ভূমি পট্টা প্রদানৰ ব্যৱস্থা গ্রহণ কৰিছে৷ ইতিমধ্যে ৪৫,২১২গৰাকী ব্যক্তিক ভূমি পট্টা প্রদান কৰা হৈছে৷ সোণোৱাল চৰকাৰে কৰা মাটি, ভেটি ৰক্ষাৰ অংগীকাৰ পূৰণ কৰা এয়া এক উচিত পদক্ষেপ৷ ইপিনে, সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনে ৰাজ্যখনক উন্নতিৰ পথত আগুৱাই নিয়া সত্ত্বেও একাংশই অস্বীকাৰ কৰা কার্যত তেওঁ কয়–‘এই চৰকাৰখনে ইমান কাম কৰাৰ পাছতো বহুতে দেখা নাপায়৷ একাংশ দল–গঠনক গৰম ভাতৰ ধোঁৱাই ধৰিছে৷’ সমান্তৰালভাৱে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে তেওঁ উল্লেখ কৰি কয় যে ইতিমধ্যে কেইবাবাৰো মন্ত্রী গোটৰ বৈঠকত আলোচনাত মিলিত হৈছে৷ এইক্ষেত্রত বিভিন্ন বিষয় বিবেচনা কৰিবলগীয়া হৈছে৷ ভাষণ প্রসংগতে তেওঁ চৰকাৰে গ্রহণ কৰা অৰুণোদয় আঁচনিৰ শলাগ লয়৷ উল্লেখ্য যে ‘অসমীয়া বিজেপি বার্তা’ উন্মোচনৰ প্রাক্ক্ষণত প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ মৃত্যুত শোক প্রকাশ কৰি এক মিনিট মৌন প্রার্থনা কৰা হয়৷ আজি অনুষ্ঠানত বিধায়ক প্রশান্ত ফুকন, ৰাজ্যিক বিজেপিৰ উপ–সভাপতি ৰতন টেৰাণ, ‘অসমীয়া বিজেপি বার্তা’ৰ সম্পাদক ড০ দেৱদত্ত বৰকটকী উপস্থিত থাকে৷ ইপিনে, বিশ্বনাথ জিলাৰ ৰঞ্জন চাহু, অসম কলেজ শিক্ষক সংস্থাৰ প্রাক্তন কার্যবাহী সদস্য চন্দন বৰুৱা আৰু সদৌ অসম উৰিয়া যুৱ পৰিষদৰ প্রাক্তন সাধাৰণ সম্পাদক উমেশ চন্দ্র দাসে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে৷