উজনিৰ ৬ খন বি এড কলেজৰ স্বীকৃতি বাতিলঃশিক্ষাৰ্থীৰ হাহাকাৰ
নিয়মীয়া বাৰ্তা,৩ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত থকা ডিব্ৰুগড়,তিনিচুকীয়া,লক্ষীমপুৰ আৰু যোৰহাট জিলাৰ ৬ খন শৈক্ষিক প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল কৰাত ব্যাপক চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ স্বৃষ্টি হৈছে।এই তথ্য এন চি টি ইৰ(নেচনেল কাউঞ্চিল ফৰ টিছাৰ এডুকেচন) ৱেব চাইটত প্ৰকাশ হোৱাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তথা অধ্যাপক ড° জিতেন হাজৰিকাই নং ডিইউ/আৰজি/ডিচিডিচি/২০২১/বিএড/এডমিচন/৯৮৭ তাং ৩০/১১/২০২১ যোগে এক নিদেৰ্শনা জাৰি কৰা বুলি জানিব পৰা গৈছে।নিৰ্দ্দেশনাত উল্লেখ কৰা অনুসৰি ডিব্ৰুগড়ৰ পাৰিজাত একাডেমী টিচাৰ এডুকেচন ইনচটিটিউট, ডিগবৈৰ ডিগবৈ বি এড কলেজ,নামৰূপৰ নামৰূপ কলেজ অৱ টিচাৰ এডুকেচন,লক্ষীমপুৰ জিলাৰ লক্ষীমপুৰ পষ্ট গ্ৰেজুৱেট ট্ৰেইনিং কলেজ,যোৰহাটৰ কে বি এম কলেজ অৱ টিচাৰ এডুকেচন আৰু তিনিচুকীয়াৰ কলেজ অৱ টিচাৰ এডুকেচন নামৰ শৈক্ষিক প্ৰতিষ্ঠান কিখনক ২০-২১ আৰু ২১-২২ চনৰ শিক্ষাবৰ্ষৰ বাবে পঞ্জীয়ন তৎকালীনভাৱে বাতিল কৰা বুলি পঞ্জীয়ক ড° জিতেন হাজৰিকাই উল্লেখ কৰে।সেয়ে ইচ্ছুক ছাত্ৰ-ছাত্ৰীক এনেবোৰ শৈক্ষিক প্ৰতিষ্ঠানত নামভৰ্তি কৰাৰ পূৰ্ৱে এন চি টি ইৰ ৱেব চাইটত নামভৰ্তি কৰিব বিচৰা শৈক্ষিক প্ৰতিষ্ঠানসমূহ,কলেজ,শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰৰ সকলো তথ্য পুংখানুপুংখকৈ চোৱাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ হোৱাৰ লগতে এন চি টি ইৰ পঞ্জীয়ন হোৱাতো নিশ্চিত কৰিবলৈ ছাত্ৰ-ছাত্ৰী,অভিভাৱক সকলৰ প্ৰতি আহৱান জনায়।তাৰোপৰি কলেজ,শৈক্ষিক প্ৰতিষ্ঠান সমূহক গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰদান কৰা নিদিষ্ট নিদেৰ্শনা অনুযায়ী নামভৰ্তি কৰিবলৈকো পঞ্জীয়ক ড° জিতেন হাজৰিকাই উল্লেখ কৰিছে।স্বাভাৱিকতে উজনিৰ ৬ খন শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ স্বীকৃতি বাতিল হোৱাত উক্ত প্ৰতিষ্ঠান কেইখনৰ ছাত্ৰ-ছাত্ৰী সকলৰ মুৰত সৰগ ভাগি পৰিছে।