নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰীক্ষার্থী প্রার্থীক নিশাই উত্তৰ লিখা প্রশ্নকাকত যোগান ধৰি মুখস্থ কৰিবলৈ দিছিল

ভার্গৱ গ্রেণ্ড হোটেলৰ ৰেজিষ্টাৰত ৬৯জনৰ নাম

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ   অসম আৰক্ষীৰ উপ–পৰিদর্শক (এছআই) পদৰ পৰীক্ষা কেলেংকাৰিৰ নিতৌ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আৰক্ষীৰ জেৰাত৷ এছআই পদৰ পৰীক্ষা কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড পি কে দত্ত মালিকানাধীন হোটেলত বাহৰ পাতিছিল ৬৯জন প্রার্থীয়ে৷ কুখ্যাত অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্তৰ মহানগৰীৰ বেতকুছিস্থিত হোটেল ভার্গৱ গ্রেণ্ডৰ এটা কোঠাত দুজনকৈ প্রার্থী আছিল৷ অসম আৰক্ষীৰ ক্রাইম ব্রাঞ্চৰ এক সূত্রই জনোৱা মতে, যোৱা ২০ ছেপ্ঢেম্বৰত এছআই পদৰ আনুষ্ঠানিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূর্বে নিশা মাস্ক পিন্ধা দুজন মানুহ হোটেলখনলৈ আহিছিল৷ মানুহ দুজনে ধনৰ বিনিময়ত এছআই পদৰ চাকৰি বিচৰা প্রার্থীসকলক উত্তৰ লিখা প্রশ্ণকাকত দি উত্তৰবোৰ মুখস্থ কৰিবলৈ দিছিল৷ পিছদিনা পি কে দত্তৰ উক্ত হোটেলখনলৈ বেলেগ দুজন ব্যক্তি আহি প্রশ্ণকাকতসমূহ সংগ্রহ কৰি লৈ গৈছিল৷ এনেদৰেই এছআই পদৰ পৰীক্ষা কেলেংকাৰিত জড়িত দালাল চক্রই ধনৰ বিনিময়ত ৬৯জন চাকৰি প্রার্থীক পৰীক্ষাৰ পূর্বে প্রশ্ণকাকত যোগান কেলেংকাৰি সংঘটিত কৰিছিল৷ আৰক্ষীয়ে ভার্গৱ হোটেল গ্রেণ্ডৰ ৰেজিষ্টাৰত ৬৯জন প্রার্থীৰ নাম পাইছে৷ ইফালে, এছআই পদৰ বাবে পি কে দত্ত এণ্ড কোম্পানীক ধন দিয়াৰ কথা স্বীকাৰ কৰে কার্বি আংলঙৰ চাকৰি প্রার্থী হীৰকজ্যোতি বৰুৱাৰ পিতৃয়ে৷ কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ক্রাইম ব্রাঞ্চে হীৰকজ্যোতি ডেকাক আদালতত হাজিৰ কৰোৱাৰ সময়ত আদালত চৌহদত হীৰকজ্যোতিৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে৷ হীৰকজ্যোতিৰ পিতৃয়ে জনোৱা মতে, পুত্রৰ এছআই পদৰ চাকৰিৰ বাবে কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড পি কে দত্তক তিনিটা কিস্তিত ৬ লাখ টকা দিছিল৷ ইফালে, নলবাৰী আৰক্ষীয়ে যোৱানিশা কামৰূপৰ ছয়গাঁও ৰামপুৰৰ পৰা গুঞ্জন দাস নামৰ চাকৰি প্রার্থী এজনক গ্রেপ্তাৰ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, এছআই পদৰ চাকৰি কেলেংকাৰিৰ আন এজন মাষ্টাৰমাইণ্ড দিবন ডেকাৰ জৰিয়তে গুঞ্জন দাসে দালালৰ সৈতে যোগাযোগ কৰিছিল৷ সেইমর্মে গুঞ্জন দাসে মহানগৰীৰ গণেশগুৰিস্থিত থেংক ইউ লজত এছআই পদৰ ৰিহার্চেল পৰীক্ষাত বহিছিল৷ আৰক্ষীয়ে গুঞ্জন দাসৰ পৰা এটা ম’বাইল ফোন জব্দ কৰি উক্ত কেলেংকাৰি সন্দর্ভত সোধা–পোছা অব্যাহত ৰাখিছে৷ ধনৰ বিনিময়ত এছ আই পদৰ চাকৰি ক্রয় কৰিব বিচৰা ১২জন প্রার্থীক আৰক্ষীয়ে আটক কৰি সোধা–পোছা কৰা বুলিও জানিব পৰা গৈছে

You might also like