নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভট্টদেৱৰ আদর্শ নৱপ্রজন্মই অনুসৰণ কৰা উচিতঃ মৃণালিনী দেৱী

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ উদ্যোগত অসমীয়া গদ্য সাহিত্যৰ জন্মদাতা, নৱবৈষ্ণৱ ধর্মৰ প্রৱহক, কবিৰত্ন ভট্টদেৱৰ মঙলবাৰে গুৱাহাটী প্রেছ ক্লাবত ৩৮৩ সংখ্যক স্মৃতি দিৱস উদ্যাপন কৰা হয়৷ এই অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ অৱসৰপ্রাপ্ত মুৰব্বী অধ্যাপক, বিশিষ্ট সংস্কৃত পণ্ডিত ড০ থানেশ্বৰ শর্মাক পৰিষদৰ তৰফৰ পৰা বেদভূষণ উপাধি প্রদান কৰা হয়৷ এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত ড০ শর্মাক স্মাৰক, অংগবস্ত্র, কিতাপৰ টোপোলা, গামোচা, অভিনন্দন পত্র আদি আনুষ্ঠানিকভাৱে প্রদান কৰা হয়৷ অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসমৰ সভাপতি ধীৰেন শর্মাৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি অধ্যাপিকা ড০ ইন্দিৰা শইকীয়াই ড০ থানেশ্বৰ শর্মাৰ জীৱন আৰু তেওঁৰ সমগ্র গ্রন্থ সম্পর্কে আলোকপাত কৰে৷

আন এগৰাকী অধ্যাপিকা সৰস্বতী ৰাজবংশীয়ে অসমীয়া গদ্য সাহিত্য আৰু ভট্টদেৱ সন্দর্ভত বত্তৃণতা দিয়ে৷অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ–সভানেত্রী, বিশিষ্ট লেখিকা তথা সমাজকর্মী মৃণালিনী দেৱীয়ে ভট্টদেৱৰ প্রতি শ্রদ্ধাঞ্জলি তর্পণ কৰি তেওঁৰ সাহিত্য–কর্মৰ বিষয়ে তত্ত্বগধুৰ বত্তৃণতা প্রদান কৰে৷ লগতে ভট্টদেৱে অসমীয়া গদ্য সাহিত্যত আগবঢ়োৱা

উল্লেখযোগ্য অৱদানৰ কথা উল্লেখ কৰে৷ অসমীয়া সাহিত্যক চহকী কৰি থৈ যোৱা ভট্টদেৱৰ নামত বজালীত বিশ্ববিদ্যালয় স্থাপন কৰা হৈছে৷ গতিকে ভট্টদেৱৰ আদর্শ নতুন প্রজন্মই অনুসৰণ কৰা উচিত বুলি মৃণালিনী দেৱীয়ে মন্তব্য কৰে৷ পৰিষদৰ সচিবপ্রধান কমল কলিতাই অনুষ্ঠানৰ আঁত ধৰাৰ লগতে ড০ থানেশ্বৰ শর্মাক প্রদান কৰা অভিনন্দন পত্র পাঠ কৰে৷ অনুষ্ঠানত ড০ থানেশ্বৰ শর্মাই কয়, অখিল ভাৰতীয় সাহিত্য পৰিষদে তেওঁক বেদভূষণ উপাধি প্রদান কৰাৰ বাবে ধন্যবাদ জনায়৷ বেদভূষণ উপাধি দিয়াৰ বাবে আনন্দ অনুভৱ কৰা বুলি উল্লেখ কৰি ড০ শর্মাই কবিৰত্ন ভট্টদেৱৰ স্মৃতি দিৱস পালন কৰি অহাৰ বাবে প্রশংসা কৰে৷ অনুষ্ঠানত ড০ থানেশ্বৰ শর্মাৰ মহৎ লোকৰ দৃষ্টান্ত, বেদবাণী আৰু সপ্তবেধা নামৰ গ্রন্থকেইখন উপস্থিত অতিথিসকলে আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ উল্লেখ্য যে ড০ থানেশ্বৰ শর্মাই বর্তমানলৈকে ১২৫খন গ্রন্থ লিখি উলিয়াইছে৷ উল্লেখ্য যে আৰম্ভণিতে ড০ দেৱেন দাসে অনুষ্ঠানটো উদ্বোধন কৰে৷

You might also like