নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বলীউডত উজলিছে অসমৰ কণ্ঠশিল্পী মধুস্মিতা বৰঠাকুৰ

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ সংগীতৰ ক্ষেত্রখনত অসমত প্রতিভাৰ অভাৱ নাই৷ বিগত কিছুবছৰৰ পৰা নিজস্ব প্রতিভাৰে বলীউডতো নিজক উজলাই তুলিবলৈ সক্ষম হৈছে সুকণ্ঠী গায়িকা মধুস্মিতা বৰঠাকুৰে৷ অসমীয়া চিনেমাৰ লগতে ভালেকেইখন হিন্দী, পাঞ্জাবী আৰু ভোজপুৰী চিনেমাৰ গীততো সোর্যালী কণ্ঠৰ প্রপাত ঢ়ালিছে তেওঁ৷

বলীউডৰ দুই প্রবাদপ্রতিম গায়িকা আশা ভোছলে আৰু চমছাদ বেগমে অ’ পি নায়াৰৰ সংগীতত ‘কিছমত’ চিনেমাখনৰ বাবে গোৱা ‘কাজৰা মোহব্বত ৱালা…’ শীর্ষক গীতটো মধুস্মিতাৰ কণ্ঠত পুনর্নির্মাণ কৰি অলপতে মুকলি কৰি দিছে প্রখ্যাত সংগীত কোম্পানী সাৰেগামা মিউজিকে৷

গীতটোক ইতিমধ্যে সামাজিক মাধ্যমতো ভূৰি ভূৰি প্রশংসা কৰিছে অনুৰাগীয়ে৷ মায়ানগৰী মুম্বাইতে বহু বছৰ থকা মধুস্মিতাই ইয়াৰ আগতেও ‘জয় হো ডেমোক্রেচী’, ‘অৱধি’, ‘ৰাজধানী এক্সপ্রেছ’ আদি হিন্দী চিনেমা, একোখনকৈ পাঞ্জাবী আৰু ভোজপুৰী চিনেমা আৰু এম টিভিৰ ‘ৰিয়েল এফ এম’তো গীত গাইছে৷ তদুপৰি ফিনলেণ্ডৰ জনপ্রিয় গায়িকা হান্না পাকৰিনেনৰ সৈতে মধুস্মিতাই ফিনিচ ভাষাতো গীত গাইছে৷

মধুস্মিতাই কণ্ঠদান কৰা বিশেষ কেইটামান অসমীয়া এলবাম হ’ল ‘আৱেগতে অজানিতে’, ‘অলকানন্দা’, ‘তুমি’, ‘দূবৰি’, ‘মোৰ আকাশ’ আৰু ‘দূৰ দিগন্ততে’৷ তেওঁ ভালেকেইখন অসমীয়া চিনেমাতো ভালেকেইটা হূদয়স্পর্শী গীত গাই সংগীতপ্রেমীৰ কর্ণকুহৰ গুঞ্জৰিত কৰি ৰাখিছে৷ তাৰ ভিতৰত বিশেষভাৱে ‘ভূমিপুত্র’, ‘দুর্জন’, ‘চিঞৰ’, ‘অভদ্র’, ‘খেল– দ্য গেম’, ‘গানে কি আনে’ আদি চিনেমাৰ গীতৰ কথা উল্লেখ কৰিব পাৰি৷ ইয়াৰে ‘চিঞৰ’ চিনেমাখনৰ ‘অকোৱা–পকোৱা’ গীতটোৰ বাবে ২০১৪ চনত আৰু ‘খেল– দ্য গেম’ৰ ‘অচিনা–জানা’ৰ বাবে ২০১৬ চনত শ্রেষ্ঠ পার্শ্ব গায়িকাৰ প্রাগ চিনে এৱার্ড লাভ কৰে মধুস্মিতাই৷

You might also like