নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লুৰিণ-অখিলক লৈ সৃষ্টি হৈছে বিভ্ৰান্তি, আচলতে কাৰ ‘বি’ টীম এই দুটা দল?

নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চঃ অসমৰ আগন্তুক নিৰ্বাচনৰ ৰাজনৈতিক চিত্ৰখনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ অস্তিত্বক লৈ শংকা ঘনীভূত হৈছে প্ৰতিষ্ঠিত দল কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট আৰু বিজেপিৰ।

দুয়োটা দলৰ নেতাৰ মুখত আঞ্চলিকতাবাদী দুই দলক লৈ ব্যক্ত কৰা মতামতেও প্ৰশ্ন থিয় কৰাইছে ভোটাৰৰ মাজত। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলে একগোট গৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পিছতে বিজেপিৰ মতে দল দুটা কংগ্ৰেছ-এআইইউডি এফৰ বি টীম বুলি আখ্যায়িত হৈছে।

আনহাতে এআইইউডিএফেও নতুনকৈ এই দল দুটাক বিজেপিৰ বি টীম বুলি ৰাজহুৱাকৈ আখ্যা দিছে, অকল আখ্যাই নহয় বদৰুদ্দিন আজমলে সংবাদ মাধ্যমযোগে অসমৰ ৰাইজ বিশেষকৈ সংখ্যালঘু ৰাইজক এইক্ষেত্ৰত সজাগ হোৱাৰ বাবেও আহ্বান জনাইছে।

বদৰুদ্দিন আজমলে কৈছে- ‘মই আগৰ পৰাই কৈ আছিলো যে নতুন দুটা দল এজেপি আৰু ৰাইজৰ দলে বিজেপিৰ সমৰ্থন পাইছে, বিজেপিয়ে তেওঁলোকক টকা দিছে আৰু দল দুটাই বিজেপিৰ হৈ সংখ্যালঘু অঞ্চললৈ গৈ মুছলিম ভোট বিভাজনৰ চেষ্টা কৰি আছে। তেওঁলোক এতিয়া বিজেপিৰ বি টীম নহয়, এ টীমলৈ পৰ্যবসিত হৈছে। গতিকে অসমৰ ৰাইজ, সংখ্যালঘু ৰাইজক এই দল দুটাৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছো। তেওঁলোকক চিনক আৰু সকলোকে বুজাই দিয়ক।’

বদৰুদ্দিন আজমলে মুছলমান ভোটাৰৰ ভোট বিভাজনৰ প্ৰসংগত শংকা প্ৰকাশ কৰি দল দুটা সন্দৰ্ভত এই কথাখিনি ব্যক্ত কৰাৰ সমান্তৰালভাৱে বিজেপি-এজেপিয়েও দল দুটাই কংগ্ৰেছ-এআইইউডি এফক সহায় কৰাৰ কথা কৈ আহিছে।

এনেস্থলত এজেপি আৰু ৰাইজৰ দলে আচলতে কাক সহায় কৰিব তাক লৈ ৰাইজৰ মাজত শংকা আৰু সন্দেহ হোৱাই স্বাভাৱিক।

কিন্তু গুৰুত্বপূৰ্ণ কথা যে দল দুটাই জাতীয়তাবাদী আদৰ্শ পোষণ কৰি অহা বুলি সদৰী কৰি নিজৰ সুকীয়া অস্তিত্ব আৰু পৰিচয় দি আহিছে।

You might also like