উপ–নির্বাচনঃ ভোটদানৰ হাৰ ৭৩.৭৭ শতাংশলৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা ১ নৱেম্বৰঃ শনিবাৰে অসমৰ ৫ বিধানসভা সমষ্টিৰ বাবে হোৱা উপ–নির্বাচনত ভোটদানৰ হাৰ ৭৩.৭৭ শতাংশলৈ বৃদ্ধি পাইছে৷ দেওবাৰে নির্বাচন আয়োগে এই তথ্য সদৰী কৰে৷ আয়োগে জনোৱা অনুসৰি ৫ বিধানসভা সমষ্টিৰ মুঠ ভোটাৰ ৭,৯৬,৪৫৬গৰাকীৰ ভিতৰত ৫,৮৭,৫৪৮গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটদানৰ হাৰ ৭৩.৭৭ শতাংশ৷ সেইদৰে ২৮নং গোসাঁইগাঁও সমষ্টিৰ ১,৯০,৬৪০গৰাকী ভোটাৰৰ ভিতৰত ১,৪৭,১৬৭গৰাকী ভোটাৰে ভোটদান কৰে৷ সমষ্টিটোত ভোটদানৰ হাৰ ৭৭.২০ শতাংশ৷
৪১নং ভৱানীপুৰ সমষ্টিৰ ১,৪৮,১৪৪গৰাকী ভোটাৰৰ ভিতৰত ১,১৩,৮৩৬গৰাকী ভোটাৰে ভোটদান কৰে৷ সমষ্টিটোত ভোটদানৰ হাৰ ৭৬.৮৪ শতাংশ৷ ৫৮নং তামুলপুৰ সমষ্টিত ২,১৭,৪৩২গৰাকী ভোটাৰৰ ভিতৰত ১,৪৭,৪৯৭গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে৷ সমষ্টিটোত ভোটদানৰ হাৰ ৬৭.৮৪ শতাংশ৷ ১০১নং মৰিয়নি সমষ্টিত ১,২৪,২৬৯গৰাকী ভোটাৰৰ ভিতৰত ৮৯,১০০গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে৷ ভোটদানৰ হাৰ ৭১.৭০ শতাংশ৷ ১০৭নং থাওৰা সমষ্টিৰ ১,১৫,৯৭১গৰাকী ভোটাৰৰ ভিতৰত ৮৯,৯৪৮গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে৷ সমষ্টিটোত ভোটদানৰ হাৰ ৭৭.৫৬ শতাংশ৷ নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ৫ বিধানসভা সমষ্টিৰ ভিতৰত সর্বাধিক ভোটদান হৈছে থাওৰা সমষ্টিত আৰু সর্বনিম্ন ভোটদান হৈছে তামুলপুৰ সমষ্টিত৷