নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বুধবাৰে ৩,৪৬,৬৮০জনক ভেকচিন প্রদান

ক’ভিডক প্রতিৰোধ কৰিবলৈ ওলাই আহিল ৰাইজ

নিয়মীয়া বাৰ্তা ২৪ জুনঃ বর্ধিত টিকাকৰণ অভিযানৰ অধীনত আজি তৃতীয় দিনাও অব্যাহত আছে ব্যাপক হাৰত ভেকচিন প্রদান প্রক্রিয়া৷ বুধবাৰৰ দিনটোত নিশা ৯ বজা পর্যন্ত ৰাজ্যত মুঠ ৩,৪৬,৬৮০জন লোকক ভেকচিন প্রদান কৰা হৈছে৷ প্রতিদিনে অসমত এই অভিযানৰ অধীনত তিনি লাখকৈ লোকক ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লোৱা হৈছে৷ যোৱা ২১ জুনত প্রথম দিনটোতে নির্ধাৰিত লক্ষ্য অতিক্রম কৰি চৰকাৰে ৩.৭১ লাখজন লোকক ভেকচিন প্রদান কৰিছিল৷ আজিও ৰাইজৰ বিপুল সঁহাৰিত নির্ধাৰিত দৈনিক লক্ষ্য অতিক্রম কৰিবলৈ সক্ষম হৈছে৷ এই তিনিটা দিনৰ ভিতৰত ৰাজ্যখনৰ মুঠ ৯,৬৭,৫৯৫জনক ক’ভিড প্রতিষেধক প্রদান কৰা হৈছে৷ ৰাজ্যৰ ভিন্ন প্রান্তত ৰাইজে ভেকচিন ল’বলৈ ব্যাপক হাৰত ওলাই অহা পৰিলক্ষিত হৈছে৷

বুধবাৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই উজনি অসমৰ কেইবাটাও ভেকচিন কেন্দ্র পৰিদর্শন কৰি এই সমগ্র প্রক্রিয়াৰ বুজ লয়৷ তেওঁ কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দূৰদর্শী সিদ্ধান্ত আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বলিষ্ঠ নেতৃত্বত ক’ভিড প্রতিষেধক প্রদানৰ প্রথম তিনিটা দিনতেই আশাব্যঞ্জক সফলতা লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ প্রথম তিনিটা দিন আমাৰ বাবে বিশেষ গুৰুত্বপূর্ণ আছিল৷ ৰাইজে তিনিওটা দিনতে পূর্ণ সঁহাৰি প্রদান কৰিছে৷ অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ ১৮ বছৰৰ ঊর্ধ্বৰ প্রতিগৰাকী লোককে ক’ভিড প্রতিষেধক প্রদানৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ম বুলি আমি আশাবাদী৷’

ইফালে, ৰাজ্যত সম্প্রতি পর্যাপ্ত ভেকচিন মজুত আছে বুলি সদৰী কৰিছে স্বাস্থ্যমন্ত্রী মহন্তই৷ কেন্দ্রীয় চৰকাৰৰ পৰা অসমে আজি নতুনকৈ ১,৬৬,০৬০ পালি ভেকচিন লাভ কৰিছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানে এই ভেকচিনসমূহ সংশ্লিষ্ট জিলাসমূহলৈ প্রেৰণ কৰিছে৷

আনহাতে, বুধবাৰৰ দিনটোত ৰাজ্যত পুনৰ ২,৭২৮জন লোক ক’ভিডত আক্রান্ত হৈছে৷ আক্রান্তসকলৰ ভিতৰত ২১২জন গোলাঘাট জিলাৰ৷ তদুপৰি কামৰূপ (মহানগৰ) জিলাৰ ১৮৭জন, শোণিতপুৰ জিলাৰ ১৭৭জন আৰু নগাঁৱৰ ১৭১জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত মুঠ ১,৬৬,২২৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ক’ভিড সংক্রমণ ১.৬৪ শতাংশলৈ হ্রাস পাইছে৷ আজি সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ৩,৮০২জন৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ৩০,৫২৪জন৷ আজি ক’ভিডত মৃত্যু হৈছে ৩০জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ সর্বাধিক ৬জন শোণিতপুৰ জিলাৰ৷
দেশত আক্রান্তৰ সংখ্যা তিনি কোটি অতিক্রম
যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা পুনৰ বৃদ্ধি, আক্রান্ত ৫০,৮৪৮, মৃত্যু ১,৩৫৮
ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ তীব্রতা হ্রাস পালেও দেশজুৰি আক্রান্তৰ সংখ্যাই ৩ কোটি অতিক্রম কৰিলে৷ আক্রান্তৰ সংখ্যাই ৩ কোটি অতিক্রম কৰা বিশ্বৰ দ্বিতীয় দেশ ভাৰত৷ ইয়াৰ পূর্বে আমেৰিকা যুক্তৰাষ্ট্রত আক্রান্তৰ সংখ্যাই ৩ কোটি অতিক্রম কৰিছিল৷ মঙলবাৰে পুৱা ৬ বজাত প্রকাশিত স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ৯০ দিনৰ মূৰকত এদিনত আক্রান্তৰ সংখ্যাই ৫০ হাজাৰৰ তললৈ নিম্নগামী হৈছিল যদিও যোৱা ২৪ ঘণ্টাত পুনৰ আক্রান্তৰ সংখ্যা ৫০ হাজাৰ অতিক্রম কৰিলে৷ ২৪ ঘণ্টাত আক্রান্ত হৈছে ৫০,৮৪৮জন৷ ইয়াকে লৈ দেশত আক্রান্তৰ সংখ্যা ৩,০০,২৮,৭০৯লৈ বৃদ্ধি পালে৷ ইপিনে, যোৱা ২৪ ঘণ্টাত ১,৩৫৮জন লোকৰ মৃত্যু ঘটাত মুঠ মৃতকৰ সংখ্যা ৩,৯০,৬৬০লৈ বৃদ্ধি পাইছে৷ আনহাতে, আক্রান্ততকৈ সুস্থ হোৱা লোকৰ সংখ্যা বিগত ৩৮ দিন ধৰি অধিক হৈ আছে৷ সম্প্রতি দেশত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৬,৪৩,১৯৪জন৷ ই হৈছে দেশৰ মুঠ আক্রান্তৰ ২.১৪ শতাংশ৷ আনপিনে, সুস্থতাৰ হাৰ ৯৬.৫৬ শতাংশলৈ বৃদ্ধি পাইছে৷ আই চি এম আৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ১৯ লক্ষাধিক লোকক ক’ভিড পৰীক্ষণ কৰাত দেশত পৰীক্ষণৰ সংখ্যা ৩৯,৫৯,৭৩,১৯৮লৈ বৃদ্ধি পাইছে৷ মন কৰিবলগীয়া যে নতুন ক’ভিড নীতি অনুসৰি ২১ জুনত বিশ্বাভিলেখ গঢ়ি ৮৮ লক্ষাধিক লোকক ক’ভিড ভেকচিন প্রদান কৰাৰ পাছত একেৰাহে ৩ দিন ধৰি ৫০ লক্ষাধিক লোকক ভেকচিন প্রদান কৰি থকা হৈছে৷ দেশজুৰি ভেকচিন প্রদান কৰা লোকৰ সংখ্যা ২৯ কোটিৰ অধিক হৈছে৷

উল্লেখ্য যে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰত সংক্রমণৰ হাৰ হ্রাস পোৱাৰ সময়তে দেশত তৃতীয় জোৱাৰৰ সংক্রমণৰ ইংগিত লাভ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে প্রকাশ কৰা মতে, মহাৰাষ্ট্র, কেৰালা আৰু মধ্যপ্রদেশত ডেল্টা প্লাছ প্রকৰণত আক্রান্ত ৰোগী চিনাক্ত হৈছে৷ ক’ভিড–১৯ৰ উদ্বিগ্ণ প্রকৰণ বুলি আখ্যা দিয়া এই ডেল্টা প্লাছত মহাৰাষ্ট্রত ২১জন লোক, কেৰালাত চাৰি বছৰীয়া শিশু এজন আৰু মধ্যপ্রদেশৰ ভূপাল আৰু শিৱপুৰীত আক্রান্ত লোক ধৰা পৰিছে৷ স্বাস্থ্য মন্ত্রালয়ৰ বিবৃতি অনুসৰি দেশত ৪৫ হাজাৰ নমুনা সংগ্রহ কৰা হৈছে৷ ডেল্টা প্লাছ প্রকৰণ এ ৱাই.১ মহাৰাষ্ট্র, কেৰালা, মধ্যপ্রদেশত ধৰা পৰিছে৷ অৱশ্যে এই প্রকৰণৰ অধিক মাত্রাত সংক্রমণ বৃদ্ধি হোৱা পৰিলক্ষিত হোৱা নাই৷ তাৎপর্যপূর্ণ যে ডেল্টাষ্ট্রেইন অথবা বি.১.৬১৭.২ প্রকৰণ ভাৰতত প্রথম চিনাক্ত হৈছে৷ আন এক তথ্য মতে মহাৰাষ্ট্রত ২১, মধ্যপ্রদেশত ৬, কেৰালাত ৩, তামিলনাডুত ৩, কর্ণাটকত ২, পঞ্জাব, অন্ধ্রপ্রদেশ আৰু জম্মুত এজনকৈ ডেল্টা প্লাছত আক্রান্ত ৰোগী ধৰা পৰিছে৷ ইতিমধ্যে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে উল্লিখিত ৰাজ্যসমূহক এই নতুন প্রকৰণ ডেল্টা প্লাছ সন্দর্ভত অধিক সজাগ হ’বলৈ নির্দেশ দিছে৷ ভাৰতত প্রার্দুভাৱ ঘটা ডেল্টা প্লাছৰ সংক্রমণ কিছু পৰিমাণে ৯ দেশ বিশেষকৈ আমেৰিকা, ব্রিটেইন, পর্তুগাল, ছুইজাৰলেণ্ড, জাপান, পোলেণ্ড, ৰাছিয়া আৰু চীনত ধৰা পৰিছে৷ চৰকাৰী সূত্রই প্রকাশ কৰা মতে ডেল্টা প্লাছ দ্রুতগতিত প্রসাৰিত হ’ব পাৰে৷ ই বিশ্বৰ ৮০ দেশলৈ সম্প্রসাৰিত হোৱাৰ সম্ভাৱনা আছে৷

You might also like