নিয়মীয়া বাৰ্তা ১৯ আগষ্টঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বুধবাৰে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৬৩৯জন লোক৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ১০৯জন লোক কামৰূপ মহানগৰ জিলাৰ৷ বিগত ২৪ ঘণ্টাত মুঠ ৮৩,২৮২টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ০.৭৭ শতাংশ৷ ইপিনে ক’ভিডত আক্রান্ত হৈ আজি ৰাজ্যত মুঠ ১৫জন লোকে প্রাণ হেৰুৱাইছে৷ সুস্থতাৰ হাৰ হৈছে ৯৭.৬১ শতাংশ৷
উল্লেখ্য যে ৰাজ্যত ক্রমাগতভাৱে উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ বিগত কিছুদিন ধৰি আক্রান্তৰ সংখ্যা এহাজাৰৰ তললৈ নামিছে৷ কালিৰ দিনটোত আক্রান্তৰ হাৰ আছিল ০.৭৩ শতাংশ৷ সমান্তৰালভাৱে ৰাজ্যত অব্যাহত আছে ভেকচিন প্রদান প্রক্রিয়া৷ বর্তমানলৈ ৰাজ্যত মুঠ ১,৪৭,৪৮,৬১৪জন লোকক ভেকচিন প্রদান কৰা হৈছে৷