বুধবাৰে পজিটিভ ৬৮৯ মৃত ৭জন
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ ৰাজ্যত ক্রমাৎ উন্নত হৈছে ক’ভিড পৰিস্থিতি৷ বিগত কেইবাদিনো ধৰি আক্রান্তৰ হাৰ এক শতাংশৰ তললৈ নামিছে৷ বুধবাৰে আক্রান্তৰ হাৰ ০.৭৬ শতাংশলৈ হ্রাস পাইছে৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৬৮৯জন লোক৷ আক্রান্তসকলৰ ভিতৰত ১২২জন কামৰূপ মহানগৰ জিলাৰ৷
তদুপৰি বৰপেটাৰ ৫৩, যোৰহাটৰ ৫০ আৰু কামৰূপৰ ৪৭জন লোক ক’ভিড আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ৯০,৫৪৭টা নমুনাৰ পৰীক্ষা সম্পূর্ণ কৰা হৈছে৷ ইপিনে ক’ভিডৰ পৰা সুস্থ হৈছে ৬৮১জন লোক৷ সম্প্রতি চিকিৎসাধীন ৰোগীৰ সংখ্যা ৬,৬৫৯জন৷ ক’ভিডত বুধবাৰে প্রাণ হেৰুৱাইছে ৭জন লোকে৷