বুধবাৰে উচ্চ ন্যায়ালয়ত স্পষ্ট হ’ব ৰাজ্য চৰকাৰৰ স্থিতি
নিয়মীয়া বাৰ্তা ৩০ নৱেম্বৰঃ অসম লোকসেৱা আয়োগৰ (এ পি এছ চি) পৰা অসমীয়া ভাষাৰ প্রশ্ণকাকত প্রত্যাহাৰ কৰাক লৈ সৃষ্টি হোৱা বিতর্কৰ মাজতে সমগ্র বিষয়টো স্পষ্ট হৈ পৰিব উচ্চ ন্যায়ালয়ৰ মজিয়াত৷ অহা ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া শুনানিত ৰাজ্য চৰকাৰৰ স্থিতি মহাধিবক্তাই সদৰী কৰিব৷ ইয়াৰ লগে লগে এই বিষয়টোত উচ্চ ন্যায়ালয়ে কি নির্দেশ দিয়ে, সেয়া হ’ব লক্ষণীয়৷ বিশেষকৈ বঙাইগাঁৱত অনুষ্ঠিত কেবিনেটত এ পি এছ চিক লৈ লোৱা সিদ্ধান্তৰ পাছত সৃষ্টি হোৱা পৰিৱর্তিত পৰিস্থিতিত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰৰ স্থিতি হ’ব আটাইতকৈ গুৰুত্বপূর্ণ৷ তদুপৰি চলিত বর্ষৰ পৰীক্ষাত ৰাজ্য চৰকাৰৰ নতুন সিদ্ধান্ত কার্যকৰী হ’ব নে নহয়, সেয়াও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নির্দেশনাতহে স্পষ্ট হোৱাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ প্রশ্ণকাকতক লৈ কেতবোৰ সংশোধনী ইতিমধ্যে কৰা হৈছে৷ অসম অসামৰিক সেৱাৰ সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাৰ বিধি সংশোধন কৰি কেন্দ্রীয় লোকসেৱা আয়োগৰ আর্হিত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷
পাঠ্যক্রমকে ধৰি বিভিন্ন নীতি–নিয়ম কেন্দ্রীয় লোকসেৱা আয়োগৰ আর্হিত প্রস্তুত কৰিছিল অসম লোকসেৱা আয়োগেও৷ ইয়াৰ ভিত্তিত ৩০০ নম্বৰৰ এখন অসমীয়া অথবা বড়ো অথবা বাংলা ভাষাৰ কোৱালিফায়িং প্রশ্ণকাকত সন্নিৱিষ্ট কৰা হৈছিল৷ এই তিনিটা ভাষা বিদ্যালয়ত অধ্যয়ন নকৰা, কার্বি আংলং, পশ্চিম কার্বি আংলং আৰু ডিমা হাছাওৰ প্রার্থীসকলক ৰেহাই দিয়া হৈছিল এই প্রশ্ণকাকতৰ পৰা৷ বিগত বর্ষত তদানীন্তন চৰকাৰে আন এক কেবিনেট সিদ্ধান্তৰ জৰিয়তে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ পৰীক্ষার্থীসকলৰ বাবেও এটা বিশেষ নীতি গ্রহণ কৰে৷ সেই অনুসৰি উক্ত তিনিখন জিলাৰ যিসকল প্রার্থীয়ে দশম শ্রেণী পর্যন্ত বাংলা, বড়ো অথবা অসমীয়া অধ্যয়ন কৰা নাই, সেইসকল প্রার্থীকো এই ভাষাৰ প্রশ্ণকাকতত অৱতীর্ণ হোৱাৰ পৰা ৰেহাই দিয়া হয়৷ ৰাজ্য চৰকাৰে লোৱা এই সিদ্ধান্তক প্রত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ত চাৰিটাকৈ গোচৰ ৰুজু হয়৷
এই গোচৰসমূহৰ জৰিয়তে ভাষাৰ প্রশ্ণকাকত সকলো পৰীক্ষার্থীৰ বাবে বাধ্যতামূলক কৰা অথবা সকলো প্রার্থীকে ৰেহাই দিয়াৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিবলৈ উচ্চ ন্যায়ালয়ক প্রার্থনা জনায়৷ ইতিমধ্যে এই গোচৰসমূহৰ কেইবাটাও শুনানি অনুষ্ঠিত হৈ গৈছে৷ আজি এই গোচৰসমূহ পুনৰ শুনানিৰ বাবে তালিকাভুক্ত হৈ আহিছিল যদিও অহা ১ ডিচেম্বৰতহে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই সমগ্র বিষয়টো সন্দর্ভত স্থিতি স্পষ্ট কৰাৰ সিদ্ধান্ত লয়৷ লক্ষণীয়ভাৱে ইয়াৰ পূর্বে অসম লোকসেৱা আয়োগে ভাষাৰ প্রশ্ণকাকতৰ প্রয়োজনীয়তা আছে বুলি মত পোষণ কৰিছিল৷ তদুপৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষা বিধিসমূহ ৰাজ্য চৰকাৰেহে প্রস্তুত কৰি আহিছে৷ লোকসেৱা আয়োগে কেৱল ৰাজ্য চৰকাৰে ধার্য কৰা নিয়মাৱলী কার্যকৰী কৰি আহিছে৷ এনে পৰিস্থিতিত ১ ডিচেম্বৰৰ শুনানি অসম লোকসেৱা আয়োগৰ প্রার্থীসকলৰ বাবে অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে৷