জটিল ৰোগত আক্ৰান্ত ৰহা মহাবিদ্যালয়ৰ ছাত্ৰী পূজা, কন্যাক বচাবলৈ বিধৱা মাতৃৰ আকুল আহ্বান
নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ নগাঁও জিলাৰ ৰহা মহাবিদ্যালয়ৰ স্নাতক পঞ্চম চেমিষ্টাৰৰ ছাত্ৰী পূজা ওৰফে জিন্টি হাজৰিকাই সম্প্ৰতি নিজৰ মৰমৰ মহাবিদ্যালয়খনৰ শ্ৰেণীকোঠাৰ পৰা মৰমৰ ঘৰখনৰ পৰা আঁতৰি গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিংহোমৰ বিছনাত পাৰ কৰিছে শৈক্ষিক সময়।
জানিব পৰা মতে, ৰহা মহাবিদ্যালয়ৰ ছাত্ৰী তথা ৰহা বামুণীজান অঞ্চলৰ পূজা ওৰফে জিন্টি হাজৰিকা বিগত কিছু দিনৰ পৰা জ্বৰ আৰু কিছু সাধাৰণ ৰোগত আক্ৰান্ত হৈ আছিল আৰু শেহতীয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ কাষ চাপে।
চিকিৎসকৰ পৰামৰ্শ মতে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ অন্তত কিডনিৰ ৰোগত আক্ৰান্ত বুলি জানিব পাৰি পৰিয়ালৰ মাজত হাহাকাৰ লাগে। যোৱা প্ৰায় ডেৰটা বছৰ পূৰ্বে পিতৃ চণ্ডী হাজৰিকাৰ মৃত্যু হোৱাত মাতৃয়ে কাপোৰ বৈ পৰিয়াল পোহপাল দিছিল যদিও হঠাৎ কন্যা কিডনি ৰোগত আক্ৰান্ত হোৱা বুলি জানিব পাৰি মাতৃ মিতালী হাজৰিকাই হাহাকাৰ কৰি উঠিছে ।
চিকিৎসকৰ মতে মিতালী সুস্থ হৈ উঠিবলৈ সোনকালে উন্নত চিকিৎসা প্ৰয়োজন আছে যদিও অৰ্থৰ অভাৱত থমকি ৰ’ব লগা হৈছে পূজাৰ মাতৃ। কন্যাৰ উন্নত চিকিৎসাৰ বাবে IFSC PUNB0093600 AC NO 0936006900000197 নম্বৰত ৰাইজৰ পৰা আৰ্থিক সাহায্য কামনা কৰাৰ লগতে 8011742974 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।