৬ সতীর্থৰে মিত্র বিধায়ক বৈঠক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
বিষয়ঃ অসমৰ সমস্যা–উন্নয়নমূল আঁচনিৰ পৰামর্শ গ্রহণ
নিয়মীয়া বাৰ্তা ২৫ জুনঃ ৰাজ্যৰ বিভিন্ন উন্নয়নমূলক আঁচনি কার্যকৰী কৰাৰ ক্ষেত্রত বিধায়কসকলৰ ভূমিকা তথা সমষ্টিৰ সমস্যাসমূহক লৈ কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অনুষ্ঠিত কৰে মিত্র বিধায়কৰ বৈঠক৷ মুখ্যমন্ত্রীৰ বাসগৃহত কালি নিশা আয়োজিত এই বৈঠকত উপস্থিত থাকে সতীর্থ বিধায়ক অজয় কুমাৰ ৰয়, ৰূপক শর্মা, জিতু গোস্বামী, বিশ্বজিৎ ফুকন, ডাঃ নোমল মোমিন আৰু ৰূপেশ গোৱালা৷ মুখ্যমন্ত্রী ড০ শর্মাই টুইটযোগে প্রকাশ কৰা অনুসৰি এই বৈঠকত ৰাজ্যৰ বিভিন্ন সমস্যা সন্দর্ভত আলোচনা কৰাৰ লগতে উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ ক্ষেত্রত সতীর্থ বিধায়কসকলৰ পৰা বিভিন্ন পৰামর্শও গ্রহণ কৰে৷
মুখ্যমন্ত্রীয়ে আমন্ত্রিত মিত্র বিধায়কসকলৰ সৈতে নিশাৰ আহাৰো গ্রহণ কৰে৷ উল্লেখ্য যে কিছুদিন পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই বিজেপি, অগপ আৰু ইউপিপিএল দললৈ পত্র প্রেৰণ কৰি দলকেইটাৰ বিধায়কসকলক লৈ প্রতিজন মন্ত্রীয়ে একোখন বৈঠক অনুষ্ঠিত কৰিব বুলি অৱগত কৰিছিল৷ সেই অনুসৰিয়েই প্রতিজন মন্ত্রীৰ বিপৰীতে ৪–৩গৰাকীকৈ বিধায়কক নির্ধাৰণ কৰি দিয়া হৈছে৷ ইতিমধ্যে কেইবাগৰাকীও মন্ত্রীয়ে মিত্র বিধায়কৰ বৈঠক অনুষ্ঠিত কৰি আজি কেবিনেট বৈঠকত বিভিন্ন দিশসমূহ তুলি ধৰে৷ উল্লেখ্য যে প্রতিখন কেবিনেট বৈঠকৰ পূর্বেই মিত্র বিধায়কৰ বৈঠক অনুষ্ঠিত কৰাৰ বাবে মুখ্যমন্ত্রীয়ে নির্দেশ জাৰি কৰিছিল৷ কালি জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই মিত্র বিধায়কৰ বৈঠক অনুষ্ঠিত কৰি ৰাজ্যৰ বিভিন্ন দিশসমূহ আলোচনা কৰে৷