নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তঃজিলা, আন্তঃৰাজ্যিক যাতায়াতৰ নিষেধাজ্ঞা প্রত্যাহাৰ

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: সমগ্র দেশত চলি থকা আনলক–৩ৰ সময়ত আন্তঃজিলা আৰু আন্তঃৰাজ্যিক যাতায়াতত কোনোধৰণৰ বাধা–নিষেধ আৰোপ নকৰিবলৈ ৰাজ্য চৰকাৰসমূহক কঠোৰভাৱে সকীয়াই দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ আনলক–৩ৰ গাইডলাইনৰ দফা–৫ অনুসৰি এই সময়ছোৱাত কোনো লোকে আন্তঃজিলা বা আন্তঃৰাজ্যিক যাতায়াত অথবা সামগ্রী সৰবৰাহৰ ক্ষেত্রত কোনোধৰণৰ পৃথক অনুমতি বা ই–পার্মিটৰ প্রয়োজন নাই৷ কেন্দ্রীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই আজি প্রতিখন ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্রেৰণ কৰা এক পত্রত সেই কথা উল্লেখ কৰে৷ পত্রখনত গৃহ সচিব ভাল্লাই কয় যে বহু ৰাজ্যত জিলা পর্যায়ত যাতায়াতৰ ক্ষেত্রত বাধা–নিষেধ আৰোপ কৰাৰ ৰিপ’ট লাভ কৰিছে৷ এনেধৰণৰ বাধা–নিষেধৰ ফলত যোগান ব্যৱস্থাৰ শৃংখলত প্রভাৱ পৰাৰ লগতে অর্থনৈতিক কাম–কাজ আৰু নিয়োজনৰ ক্ষেত্রত প্রতিকূল প্রভাৱ পৰিছে৷

আনলক–৩ৰ গাইডলাইন অনুসৰি এই সময়ছোৱাত কোনো ব্যক্তিৰ যাতায়াত আৰু সামগ্রী সৰবৰাহৰ ক্ষেত্রত কোনোধৰণৰ সুকীয়া অনুমতি, ই–পার্মিটৰ প্রয়োজন নাই৷ এই সময়ছোৱাত তেনেধৰণৰ বাধা আৰোপ দুর্যোগ ব্যৱস্থাপনা আইন–২০০৫ৰ উলংঘন বুলিও গৃহ সচিবগৰাকীয়ে ৰাজ্য চৰকাৰসমূহক কঠোৰভাৱে সকীয়াই দি প্রতিখন ৰাজ্য চৰকাৰ আৰু স্বায়ত্তশাসিত অঞ্চলত যাতায়াতৰ ক্ষেত্রত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰৰ নির্দেশ দিয়ে৷ উল্লেখ্য যে যোৱা মাহত কেন্দ্রই ঘোষণা কৰা আনলক–৩ৰ গাইডলাইনত স্পষ্টভাৱে জনসাধাৰণৰ আন্তঃৰাজ্যিক আৰু আন্তঃজিলা যাতায়াতৰ লগতে সামগ্রী সৰবৰাহৰ ক্ষেত্রত কোনোধৰণৰ বাধা–নিষেধ নাই আৰু এইক্ষেত্রত কোনো সুকীয়া অনুমতি, অনুমোদন, ই–পার্মিটৰ প্রয়োজন নাই৷ দেশত বলৱৎ হৈ থকা আনলক–৩ অহা ৩১ আগষ্টত সামৰণি পৰিব৷ কেন্দ্রীয় গৃহ সচিবৰ আজিৰ এই নির্দেশৰ লগে লগে এখন জিলাৰ পৰা আন এখন জিলালৈ, এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাতায়াত আৰু সামগ্রী সৰবৰাহৰ ক্ষেত্রত বিভিন্ন ৰাজ্য আৰু সংশ্লিষ্ট জিলা প্রশাসনে স্থানীয়ভাৱে আৰোপ কৰা নিষেধাজ্ঞা আঁতৰিব৷

You might also like