নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত অবৈধ কাঠফলা মিল জব্দ

নিয়মীয়া বার্তা, ১৪ ফেব্ৰুৱাৰী:- হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত হাতীশালি গাঁৱত আজি বন বিভাগে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়৷ অভিযানত জব্দ দুটা অবৈধ কাঠফলা মিল জব্দ কৰে ৷ ডবকা আঞ্চলিক বন বিষয়া জিৰচং তেৰাঙৰ নেতৃত্বত বন বিভাগৰ এটা দলে অভিযান চলাই মোৰাঝাৰৰ হাতীখালিৰ পৰা এই দুটা অবৈধ কাঠফলা মিল জব্দ কৰে৷ ঘটনা সংক্ৰান্তত কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ৷ জব্দ হোৱা অবৈধ কাঠফলা মিল দুটা ডবকা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত ৰাখি তদন্ত চলাই আছে বন বিভাগে৷

উল্লেখ্য দীৰ্ঘদিনৰ পৰা হোজাইৰ বন বিভাগৰ চকুৰ সন্মুখতে চলি আছিল এই কাঠফলা মিল দুটা৷ ৰহস্যজনক কাৰণত বন বিভাগে কোনো ব্যৱস্থা নোলোৱাত স্থানীয় ৰাইজ সৰৱ হৈ পৰে অবৈধ কাঠফলা মিল দুটাৰ বিৰুদ্ধে৷ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে বন বিভাগে অভিযান চলাই মিল দুটা উৎখাত কৰে যদিও কাঠফলা মিলৰ গৰাকীক আটক কৰিব নোৱাৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে বিগত দুটা মাহত বন বন বিভাগে প্ৰায় দহটা অবৈধ কাঠফলা মিল জব্দ কৰিছিল যদিও আজিলৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ৷ ৰহস্যজনক কাৰণত পিছত অবৈধ কাঠফলা মিলৰ গৰাকীসকলক বন বিভাগে আটক কৰিব নোৱাৰাত এইসকলে পুনৰ হোজাইৰ বিভিন্ন প্ৰান্তত অবৈধ মিল বহুৱাই বনধ্বংস কাৰ্য অব্যাহত ৰাখে৷
প্ৰেৰক কিশলয় দেৱগোস্বামী

You might also like