নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্বাৱলম্বিতাৰ সুন্দৰ নিদৰ্শনঃ বগৰী খেতিৰে নিজৰ লগতে বহু পৰিয়ালক জীয়াই থকাৰ বাট দেখুৱাইছে জৰীপ আলীয়ে

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী :: পাচলি নহয় এইবাৰ দৰঙৰ খাৰুপেটীয়াৰ এজন ৩৮ বছৰীয়া যুৱকে বগৰী খেতি কৰি আন এক চমক সৃষ্টি কৰিছে ৷ বগৰী খেতিৰো যে এটা বহল বজাৰ আছে আৰু বগৰী খেতি কৰি যে স্বাৱলম্বী হব পাৰি তাৰে নিদৰ্শন দেখুৱাইছে যুৱকজনে ৷ বিগত বৰ্ষত কেৱল বগৰী বিক্ৰী কৰিয়ে কুৰি লক্ষ্যাধিক টকা লাভ কৰিবলৈ সক্ষম হ’ল খাৰুপেটীয়াৰ পৰা মাত্ৰ তিনি কি:মি: দূৰত্বৰ খগজানী গাঁৱৰ জৰীপ আলী ৷

সম্প্ৰতি চলিত বৰ্ষত ৫০ লক্ষ্যাধিক টকা লাভৰ লক্ষৰে ৪৮ বিঘা কৃষি ভূমিত জৰীপে বিভিন্ন প্ৰজাতীৰ বগৰী, মধুৰী আম, মাল্টা আদিৰ খেতি কৰিছে ৷ ডিচেম্বৰ মাহৰ পৰা বগৰী বিক্ৰীৰ কাম আৰম্ভ হৈ যোৱা বুলি জানিবলৈ দিছে ৷ আজি জৰীপক নিজ গৃহত লগ পোৱাত কয় যে যোৱা ২০১৩ ত ৰাষ্ট্ৰীয় নিউজ চেনেল এটাত হিমাচল প্ৰদেশত “আপেল বগৰী”ৰ খেতি কৰি কৃষক এজন স্বাৱলম্বী হোৱা দেখিবলৈ পাই তেওঁ এই খেতিৰ প্ৰতি আকৰ্ষিত হয় ৷

বিদ্যালয়ৰ শিক্ষা দীক্ষা নথকা জৰীপে সেই সময়ত মাত্ৰ ২৭ বছৰ বয়সত পাচলি খেতিৰ পৰিবৰ্তে মাত্ৰ ১.৫ বিঘা মাটিত থাইলেণ্ড প্ৰজাতিৰ (আপেল বগৰী) খেতি কৰি ১.২ লাখ টকা লাভ কৰিবলৈ সক্ষম হয় ৷ তাৰ পিছৰত দুই বিঘা আৰু ২০১৫ ত চাৰি বিঘা মাটিত বগৰী খেতি কৰি লাভবান হোৱাৰ পিছত দেখিবলৈ পালে যে শাক পাচলিৰ খেতিতকৈ বগৰী খেতিত অধিক লাভৱান হব পাৰি ৷ সেয়ে তেতিয়াৰে পৰা পাচলি খেতিৰ পৰিবৰ্তে জৰীপে ব্যৱসায়িক ভিত্তিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে বগৰী খেতি কৰিবলৈ আৰম্ভ কৰিলে আৰু ক্ৰমান্বয়ে প্ৰতিবছৰে ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰি গৈ আছে ৷ জৰীপক কয় যে চলিত বৰ্ষত তেওঁৰ নিজৰ কৃষি ভূমি ছয় বিঘা আৰু লীজত লোৱা ৪২ বিঘাকে আদি কৰি মুঠতে ৪৮ বিঘা মাটিত জৈৱিক পদ্ধতিৰে বিভিন্ন প্ৰজাতীৰ বগৰী, বাংলাদেশৰ মাল্টা, মধুৰী আম, চাইনিজ কমলা, অল টাইম আম, আপেল (ইজৰাইল ভেৰাইটি) আদিৰ খেতি কৰিছে ৷ তেখেতে ফলৰ পুলি সমুহ কলিকতাৰ বনগাঁও বৰ্ডাৰৰ পৰা কিনি আনে ৷

তেওঁ লগোৱা বিভিন্ন বগৰীৰ প্ৰজাতিসমূহ হ’ল থাইলেণ্ড প্ৰজাতী, টাইৱান, চেৰি আপেল, সুন্দৰী, কেলিফনিয়া, অষ্ট্ৰেলিয়ান, ভিয়েটনাম আৰু গুটি নথকা বগৰী কুৱেট প্ৰজাতী ৷ জৰীপে কয় যে এক বিঘা মাটিত গোৱৰ সাৰ, ভাৰ্মি কম্পজ, বিহাৰৰ খহি, মালচিন পেপাৰ, বাহ আৰু পুলিৰ লগতে মজদুৰকে আদি কৰি মুঠ খৰচ হয় ৫০/৫৫ হেজাৰ টকা ৷

যদি খেতি ডৰা ভাল হয় তেনেহলে বিঘাই প্ৰতি ১.৫ ৰ পৰা দুই লাখ টকালৈকে উৎপাদন হয় ৷ ফলত অতি কমেও প্ৰতি বিঘাত একৰ পৰা ডেৰ লাখ টকাকৈ লাভ কৰিব পাৰি ৷ বিগত বৰ্ষত প্ৰায় ১৩ লাখ টকা খৰচ কৰি প্ৰায় ৩৩ লাখ টকাৰ বগৰী বিক্ৰী কৰিছিল ৷ ফলত ২০ লাখ টকা লাভ হৈছিল ৷ চলিত বৰ্ষত পাঁচ লাখ টকাৰে মাটি লিজত লোৱাৰ লগতে অন্যান্য খৰচ ১৮ লাখ টকা সহ মুঠ ২৩ লাখ টকা খৰচ হৈছে ৷ এপ্ৰিল মাহ যোৱাৰ পিছতহে কিমান লাভবান হব পাৰি জানিব পৰা যাব ৷ ইপিনে একেসময়তে বগৰী খেতিৰ মাজে মাজে মধুৰী আম, চাইনিজ কমলা, মাল্টা আদি খেতিও কৰা দেখিবলৈ পোৱা যায় ৷

সম্প্ৰতি তেওঁ ভিয়েটনাম আৰু থাইলেণ্ড প্ৰজাতিৰ বগৰীসমূহ স্থানীয় এলেকাৰ লগতে সম্পূৰ্ণ উত্তৰ পূৰ্বাঞ্চলত বিক্ৰী কৰি আছে ৷ থাইলেণ্ড প্ৰজাতিৰ বগৰী সমুহ প্ৰতি কিলোগ্ৰামত ২২ টকাকৈ আৰু ভিয়েটনাম প্ৰজাতিৰ বগৰী সমুহ ৪৫ টকাকৈ বিক্ৰী কৰি আছে ৷ উল্লেখ্য যে বগৰী সমুহ কিনিবলৈ বেপাৰী সমুহ তেওঁৰ নিজ গৃহলৈ আহে ৷ প্ৰতিটো মাহত দুটাকৈ প্ৰজাতিৰ বগৰী বিক্ৰি হয় আৰু বগৰী সমুহ ডিচেম্বৰৰ পৰা এপ্ৰিললৈকে হয় ৷ তাৎপৰ্যপূৰ্ণ ভাৱে এবাৰ বগৰী বিক্ৰি হোৱাৰ পিছত গছ সমুহ সম্পূৰ্ণৰূপে কাটি পেলাই দি পুনৰ নতুনকৈ পুলি লগাই বগৰী খেতি প্ৰস্তুত কৰে বুলি জৰীপে কয় ৷

মধুৰি আম বছৰেকত দুবাৰ, মাল্টা সমুহ ছেপ্তেম্বৰ – অক্টোবৰত বিক্ৰী কৰে বুলি তেওঁ কয় ৷ ইপিনে বগৰী খেতি কৰাৰ ক্ষেত্ৰত কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰপ পৰা ভাল সহাৰি পোৱা বুলি কয় ৷ ৭০ শতাংশ ৰাজ সাহায্যত প্ৰিং কলাৰ, বিনামুলীয়াকৈ চেট নেট আৰু ৮০ শতাংশ ৰাজসাহায্যত চলাৰ এটা পোৱা বুলি কয় ৷ তেখেতৰ আৰু তিনিটা চলাৰৰ প্ৰয়োজন ৷ সেয়ে চলাৰ কেইটা যোগান ধৰিবলৈ বিভাগক তেখেতে দাবী জনাইছে ৷ ইপিনে কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী সকলে নিয়মীত ভাৱেই খেতি চাবলৈ আহে আৰু জিলা প্ৰশাসন আনকি আৰক্ষী প্ৰশাসনেও খবৰ ৰাখে বুলি তেখেতে আনন্দ প্ৰকাশ কৰে ৷ ইয়াৰ লগতে তেখেতে কলিকতাৰ পৰা বগৰীৰ পুলি ক্ৰয় কৰি আনি প্ৰতিটোত মাত্ৰ এক টকা লাভত বিক্ৰী কৰিও লাভবান হৈছে ৷

আনহাতে চলিত বৰ্ষত বগৰী খেতিৰ মাজে মাজে ১৫ টা বাকচত মৌ মাখি পুহিবলৈ লৈছে ৷ ইয়াত দুটাকৈ লাভ হোৱা বুলি কৈ জৰীপে কয় যে বগৰীৰ প্ৰজননৰ ক্ষেত্ৰত মৌ মাখি অতিকৈ উপকাৰী আৰু বছৰেকত এবাৰকৈ মৌ বিক্ৰী কৰিও কিছু পৰিমাণে ধন পাব পাৰি ৷ তেওঁৰ এই বগৰী খেতিত মুঠ ৩৮জন কাম কৰা লোক আছে ৷ ইয়াৰে ১৪জন মাহেকীয়া দৰমহাত ৰখাৰ লগতে আন ২৪জন দৈনিক মজুৰি হিচাপে শ্ৰম কৰি থকা বুলি কয় ৷ তেওঁ স্থানীয় বহুত নিবনুৱা যুৱকক কেৱল চাকৰিৰ পিছত লাগি থাকি সময় নষ্ট কৰাৰ পৰিৱৰ্তে এনেদৰে ব্যৱসায়িক ভিত্তিত বগৰী খেতি কৰিও এজন চাকৰিয়ালতকৈ অধিক ধন গোটাব পাৰি বুলি কৈ সকলোকে আহ্বান জনায় ৷ অৱশ্যে তেওঁৰ প্ৰচেষ্টাত কেইবাজনো যুৱকে সম্প্ৰতি বগৰী খেতি কৰি লাভৱান হোৱা বুলি জানিবলৈ দিছে ৷
প্ৰেৰক আব্দুচ ছামাদ

You might also like