ম’বাইল চুৰিৰ অভিযোগত যুৱকক হত্যা জোৱানৰ, উত্তপ্ত হাইলাকান্দি
নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ শনিবাৰে পুৱা হাইলাকান্দি চহৰৰ বেছিক চাৰিআলিত সৃষ্টি হয় এক উত্তাল পৰিস্থিতিৰ৷ চাৰিআলিত থকা অগ্ণিনির্বাপক বাহিনীৰ কার্যালয় ঘেৰাও কৰি উত্তাল প্রতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে৷ অগ্ণিনির্বাপন বাহিনীৰ জোৱানে এগৰাকী যুৱকক হত্যা কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে এই প্রতিবাদ সাব্যস্ত কৰে৷
উল্লেখ্য যে হাইলাকান্দিৰ অগ্ণিনির্বাপক বাহিনীৰ জোৱান এজনে ৰহিম উদ্দিন নামৰ এজন যুৱকক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰে প্রতিবাদকাৰীয়ে৷ নিহত যুৱকজন স্থানীয় চানপুৰ গাঁৱৰ ৰহিম উদ্দিন লস্কৰ৷ ঘটনাৰ বিৱৰণী মতে, যোৱা ২৫ আগষ্টত অগ্ণিনির্বাপন বাহিনীৰ এগৰাকী জোৱানৰ মোবাইল ফোন এটা চুৰি হয়৷
পিছত অগ্ণিনির্বাপক বাহিনীৰ জোৱানসকলে নিজাববীয়াকৈ তদন্ত কৰি চুৰিৰ অভিযোগত স্থানীয় চানপুৰ গাঁৱৰ যুৱক ৰহিম উদ্দিনক ঘৰৰ পৰা তুলি আনি বেয়াকৈ মাৰপিট কৰে৷ পিছত গুৰুতৰভাৱে আহত অৱস্থাত যোৱা ৰাতি হাইলাকান্দি এছ কে ৰায় অসামৰিক হাস্পতালত ভর্তি কৰে৷ উন্নত চিকিৎসাৰ বাবে ৰহিম উদ্দিনক শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয় যদিও নিশা মেডিকেল কলেজতেই মৃত্যু হয় ৰহিম উদ্দিনৰ৷
এই খবৰ চৌদিশে পিয়পি পৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে৷ উত্তেজিত ৰাইজে অগ্ণিনির্বাপন বাহিনীৰ কার্যালয় ঘেৰাও কৰি প্রতিবাদ সাব্যস্ত কৰে৷ পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ মোতায়েন কৰা হয় বিশাল আৰক্ষী আৰু চিআৰপিএফ বাহিনী৷ ইপিনে, আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ঘটনাৰ মুখ্য অভিযুক্ত জ্যোতিষ্মান হাজৰিকা নামৰ অগ্ণিনির্বাপক বাহিনীৰ জোৱানজনক৷ কিন্তু ইয়াৰ পিছতো উত্তেজিত ৰাইজে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে৷ ফলত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্রয়োগ কৰিবলগীয়া হয়৷
শিলগুটি নিক্ষেপত আহত হয় অতিৰিক্ত আৰক্ষী অধীক্ষক কুলেন্দ্র নাথ ডেকাসহ কেইবাগৰাকীও আৰক্ষীৰ লোক৷ বর্তমানেও অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি অব্যাহত আছে৷ ইপিনে, ৰহিম উদ্দিনৰ মৃতদেহ ক’ত আছে জনোৱা নাই আৰক্ষীয়ে৷ ফলত স্থানীয় লোকসকল অধিক উত্তেজিত হৈ পৰিছে৷ সমগ্র অঞ্চলটোত চেপা উত্তেজনা অব্যাহত আছে৷