ৰাইজৰ দললৈ সংগ্রামী মঞ্চৰ ৰাছেল হুছেইন, আপৰ ৩ নেতাসহ এজেপিত যোগ ৮০ যুৱক–যুৱতীৰ
নিয়মীয়া বার্তা, ৩ জানুৱাৰীঃ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল ‘অসম জাতীয় পৰিষদ’ আৰু ‘ৰাইজৰ দল’ত প্রতিদিনে সমাজৰ বিভিন্ন ক্ষেত্রৰ ব্যক্তিয়ে যোগদান কৰি আছে৷ কালি আম আদমী পার্টীৰ অসম শাখাৰ সংখ্যালঘু মর্চাৰ সভাপতি জিয়াবুৰ ৰহমান খান, সম্পাদক ৰমজান আলী আৰু যুটীয়া সম্পাদক ৰাহুল আমিনৰ নেতৃত্বত প্রায় ৮০গৰাকী যুৱক–যুৱতীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে৷ তেওঁলোকক আদৰণি জনায় দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷
ইফালে, কালি পুৱাৰ ভাগত অজাপৰ কেন্দ্রীয় কার্যনির্বাহকৰ বিষয়ববীয়াসকলৰ সৈতে ৰাজ্যৰ সংবাদ মাধ্যমৰ সম্পাদক, কার্যবাহী সম্পাদক, যুটীয়া সম্পাদকসকলৰ এখন পৰামর্শ সভা অনুষ্ঠিত হয়৷ এই সভাত অসমত এক শক্তিশালী আঞ্চলিক ৰাজনীতিৰ পটভূমি কেনেদৰে আৰম্ভ কৰিব পাৰি, সেই সন্দর্ভত সাংবাদিক সমাজৰ পৰামর্শ গ্রহণ কৰে নতুন আঞ্চলিক দলটোৰ নেতৃত্বই৷
ইফালে, কালি ‘ৰাইজৰ দল’ত যোগদান কৰে অসম সংগ্রামী মঞ্চৰ সাধাৰণ সম্পাদক, লেখক তথা যুৱ নেতা ৰাছেল হুছেইনে৷ গুৱাহাটী মাছখোৱাৰ প্রাগজ্যোতি আই টি এ চেণ্টাৰত অনুষ্ঠিত হোৱা যোগদান কার্যসূচীত তিনি শতাধিক সতীর্থসহ কালি ৰাইজৰ দলত যোগদান কৰে যুৱ নেতাগৰাকীয়ে৷ যোগদান কার্যসূচীত উপস্থিত থাকে বিশিষ্ট অধিবক্তা অৰূপ বৰবৰা, ৰাইজৰ দলৰ উপদেষ্টা তথা বিশিষ্ট শিক্ষাবিদ ড০ ঘনশ্যাম নাথ, মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়া, জিতুল ডেকা, ৰাজ্যিক আহ্বায়ক দিৱস ফুকন, জেৰিফা ৱাহিদ আৰু ৰাজ্যিক সমন্বয়ক সম্বিত শর্মা৷
দললৈ ৰাছেল হুছেইনক আদৰণি জনাই অৰূপ বৰবৰাই কয় যে ছাত্র অৱস্থাৰে পৰা ৰাছেলে আপোচবিহীনভাৱে সমাজৰ কাৰণে যুঁজি আহিছে৷ এতিয়া ৰাছেল হুছেইনৰ দৰে আপোচবিহীন নেতাৰ যোগদানে নিশ্চিতভাৱে ৰাইজৰ দলক শক্তিশালী কৰিব৷
আনহাতে, মুখ্য আহ্বায়ক ভাস্কো ডি শইকীয়াই কয়– ‘আমি নতুন অসম গঢ়াৰ সপোন দেখা সকলোকে ‘ৰাইজৰ দল’ত যোগদান কৰাৰ আহ্বান জনাইছোঁ৷ আমি পৰিৱর্তন নহয়, ৰূপান্তৰ বিচাৰোঁ৷ এই ৰূপান্তৰ জ্যোতিপ্রসাদ আগৰৱালাই দেখা ৰূপান্তৰৰ সপোন৷ এখন নতুন অসম গঢ়াৰ ৰূপান্তৰৰ এই যজ্ঞত আমি সকলো অসমপ্রেমীক আহুতি দিবলৈ আহ্বান জনাইছোঁ৷’ দলত যোগদান কৰি ৰাছেল হুছেইনে কয় যে সময়ৰ আহ্বান মানি তেওঁ ৰাইজৰ দলত যোগদান কৰিছে৷ এতিয়া অসমবিৰোধী বিজেপিৰ বিৰুদ্ধে সকলো ঐক্যবদ্ধ হোৱাৰ সময়৷