নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অবৈধ সম্পর্কৰ চেকা মচিবলৈ কন্যাক হত্যা মাতৃৰ

হোজাই জিলাৰ কাকীত মানৱতা ভূ–লুণ্ঠিত কৰা চাঞ্চল্যকৰ ঘটনা

নিয়মীয়া বার্তা, ১৮ জানুৱাৰীঃ হোজাই জিলাৰ কাকীত মাতৃয়ে হত্যা কৰি পুতি থ’লে নৱজাতক সন্তানক ৷ মানৱ সমাজক ভূ–লুণ্ঠিত কৰা চাঞ্চল্যকৰ ঘটনাটি সংঘটিত হৈছে কাকী থানাৰ অন্তর্গত ১নং কাকীৰ আদর্শ গাঁৱত ৷ গাঁওখনৰ মৃদুল বৰা নামৰ লোকজনৰ পত্নী তথা তিনিটা সন্তানৰ মাতৃ মইনা বৰাই ১৪ জানুৱাৰীত উৰুকাৰ দিনা প্রসৱ কৰিছিল এটি কন্যা সন্তান৷ কিন্তু পিছদিনা মইনা বৰাই সন্ধ্যা সময়ত ঘৰত কোনো নথকাৰ সুযোগত নিজ হাতে হত্যা কৰি সন্তানটিক পুতি থৈছিল ঘৰৰ পিছফালে৷ অবৈধ সম্পর্কৰ চেকা মচিবলৈ গৈ এই কাণ্ড সংঘটিত কৰিছিল পাষাণ মাতৃ মইনা বৰাই৷ উল্লেখ্য যে বিগত ডেৰ বছৰ ধৰি কর্মসূত্রে বাহিৰত আছিল মইনা বৰাৰ স্বামী মৃদুল বৰা ৷ কেৰালাত কর্মসূত্রে থকা মৃদুল চাৰি মাহ পূর্বে ঘৰলৈ আহিছিল৷ ঘৰলৈ অহা স্বামী মৃদুল বৰাক বিভিন্ন কথাৰে পতিয়ন নিয়াই পত্নী মইনা বৰাই ১৪ জানুৱাৰীৰ উৰুকাৰ দিনা লংকা প্রাথমিক স্বাস্থ্য কেন্দ্রত জন্ম দিছিল এটি কন্যা সন্তানৰ৷ পত্নী মইনা বৰাই স্বামীক পুনৰ মিছা কথাৰে লোকৰ এটি কন্যা সন্তান লৈ অনা বুলি কৈছিল ৷ পিতৃ–মাতৃহীনা অকলশৰীয়া সন্তানটিক তুলি ল’ব বুলি কৈছিল৷ এই কথাত স্বামী মৃদুল সন্মত হৈছিল যদিও সন্দেহো উপজিছিল৷ পিছদিনা সন্ধ্যা মইনা বৰাই সন্তানটিক হত্যা কৰি ঘৰৰ পিছফালে গাঁত খান্দি পুতি থয়৷ সন্দেহবশতঃ মৃদুল বৰাই সন্তানটিৰ সন্দর্ভত প্রশ্ণ কৰাত লগে লগে সন্দেহ অধিক গাঢ় হয়৷ সেয়ে মৃদুল বৰাই ঘটনা সন্দর্ভত কাকী থানাত অৱগত কৰে ৷ আৰক্ষীয়ে মইনা বৰাক ঘটনাৰ সম্পর্কত সোধা–পোছা কৰাৰ পিছতেই পোহৰলৈ আহে সমগ্র কাণ্ড৷ হোজাইৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ লগতে দণ্ডাধীশৰ উপস্থিতিত ঘৰৰ পিছফালে গাঁতৰ পৰা কন্যা সন্তানটিৰ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ ইতিমধ্যে পাষাণ মাতৃগৰাকীয়ে পৰপুৰুষৰে অবৈধ সম্পর্কৰ কথা স্বীকাৰ কৰিছে ৷ আনহাতে, কন্যাহন্তা মাতৃ মইনা বৰাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰি অনুসন্ধান অব্যাহত ৰাখিছে ৷

You might also like