নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিনেত্রী অমৃতা গগৈক YMOC ৰ ব্রেণ্ড এম্বেছাডৰ নিযুক্তি

নিয়মীয়া বাৰ্তা, ৯ ফেব্রুৱাৰীঃ ইকডাছ টেকনল’জিছ প্রাইভেট লিমিটেডৰ দ্বাৰা পৰিচালিত খাদ্য বিতৰণৰ এপ ৱাই এম অ’চিৰ বাণিজ্যিক দূতৰ (ব্রেণ্ড এম্বেছাদৰ) দায়িত্ব শনিবাৰে গ্রহণ কৰে জনপ্রিয় অভিনেত্রী অমৃতা গগৈয়ে ৷ গণেশগুৰিৰ কাহিলিপাৰা পথত আশী গ্রেণ্ডত থকা ৱাই এম অ’চিৰ কার্যালয়ত প্রতিষ্ঠানটোৰ এম ডি গীতিকা বড়ো বৰদলৈ, বাণিজ্যিক মুৰব্বী পংকজ বর্মন, মনীষা থাপাসহ অন্যান্য কর্মচাৰীসকলৰ উপস্থিতিত অভিনেত্রী অমৃতা গগৈয়ে এপ’টোৰ বাণিজ্যিক দূতৰ দায়িত্ব গ্রহণ কৰে ৷ আগ্রহী ব্যক্তিয়ে গুগল প্লে’ ষ্টোৰ আৰু আই অ’এছ ষ্টোৰত উপলব্ধ ৱাই এম অ’চি এপ ম’বাইলত ডাউনলোড কৰি অর্ডাৰ অনুযায়ী নিজৰ ঘৰতে ৬৫ শতাংশ পর্যন্ত ৰেহাই মূল্যত পছন্দৰ খাদ্যসম্ভাৰ লাভ কৰিব পাৰিব ৷ গ্রাহকৰ সুবিধা অনুসৰি এপটোৱে অনলাইন অর্ডাৰ সেৱাও আগবঢ়ায় ৷ উল্লেখ্য যে যিকোনো ব্যক্তি তথা প্রতিষ্ঠানে গুণগত মানসম্পন্ন খাদ্যসামগ্রী প্রস্তুত কৰি এই এপটোৰ জৰিয়তে গ্রাহকক বিক্রী কৰিব পাৰিব ৷ ৱাই এম অ’চিত তালিকাত আছে প্রায়বোৰ থলুৱা আৰু সুস্বাদু খাদ্যসামগ্রী ৷

You might also like