নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া লিপিত নতুন সংযোজন ‘লাচিত কনভার্টাৰ’

তথ্য–প্রযুক্তিৰ ক্ষেত্রত অসমীয়া যুৱকৰ অভিনৱ উদ্ভাৱন

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰী : নতুন বছৰৰ প্রথম সপ্তাহতে তথ্য–প্রযুক্তিৰ ক্ষেত্রখনত নতুন উদ্ভাৱনেৰে ছয় অসমীয়া যুৱকে কঢ়িয়াইছে আশাৰ বতৰা ৷ মাতৃভাষাৰ প্রতি ভালপোৱা আৰু দায়বদ্ধতা অনুভৱ কৰিয়েই তেওঁলোকে এই কাম কৰিবলৈ আগবাঢ়িছিল ৷ ইউনিক’ডত টাইপ কৰা যিকোনো লেখা এতিয়াৰে পৰা অতি সহজে ‘গীতাঞ্জলি’লৈ আৰু ‘গীতাঞ্জলি’ত লিখা লিপি ইউনিক’ডলৈ ৰূপান্তৰ কৰিব পৰা ছফ্টৱেৰ এটি প্রস্তুত কৰি উলিয়াইছে ৷ ৰঙিয়াৰ মৃদুল কুমাৰ শর্মাৰ উদ্যোগত মৰাণৰ দিব্য দত্ত, গহপুৰৰ অংশুমান হাজৰিকা, কুমাৰীকাটাৰ ত্রিদীপজ্যোতি দাস, চাংসাৰিৰ বিতোপন দাস আৰু বঙাইগাঁৱৰ জয়দীপ চক্রৱর্তীয়ে সাজি উলিওৱা ছফ্টৱেৰটোৰ নাম ‘লাচিত কনভার্টাৰ’৷ এই সন্দর্ভত মৃদুল কুমাৰ শর্মাই জনাইছে যে বাতৰিকাকত, আলোচনী বা কিতাপ প্রকাশৰ বাবে লেখা পঠিয়াওঁতে লেখকসকলে ইউনিক’ডত লিখি পঠিয়ালে বহু সময়ত গ্রহণ নকৰে, যাৰ বাবে সেইবোৰ ডিটিপি কৰি পঠিয়াবলগীয়া হয় ৷ এনেধৰণৰ বহু সমস্যাৰ প্রতি লক্ষ্য ৰাখি এই ছফ্টৱেৰটো নির্মাণৰ চিন্তা কৰিছিল তেওঁলোকে৷ এতিয়াৰে পৰা ‘লাচিত কনভার্টাৰ’ৰ জৰিয়তে সকলোৱে ইউনিক’ডত লিখা লেখা নিজেই গীতাঞ্জলিলৈ পৰিৱর্তন কৰিব পাৰিব ৷ ছফটৱেৰটোত লিপি ৰূপান্তৰ কৰাৰ আগতে বানান শুদ্ধ কৰি ল’ব পৰা ব্যৱস্থাও একেলগে সংযোগ কৰা হৈছে ৷ উল্লেখ্য যে ছফ্টৱেৰ সম্পূর্ণ বিনামূলীয়াকৈ আগবঢ়াইছে নির্মাতাই ৷ তথ্য প্রযুক্তিৰ ক্ষেত্রখনত অসমীয়া ভাষাৰ প্রচাৰ–প্রসাৰৰ বাবে তেওঁলোকে কোনোধৰণৰ বাণিজ্যিক প্রতিযোগিতাত জড়িত নোহোৱাকৈয়ে এই ছফ্টৱেৰ বিনামূলীয়াকৈ আগবঢ়োৱাৰ কথা জানিবলৈ দিছে ৷ ছফ্টৱেৰটো নির্মাণ কৰাত যুৱককেইজনক বিভিন্ন দিহা–পৰামর্শৰে সহায় কৰিছে ৰঙিয়াৰ কালীন্দ্র দাস আৰু ইটানগৰৰ নিপজ্যোতি কলিতাই ৷

You might also like