নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ দুই কৃতী সন্তানলৈ সন্মানীয় সেনা মেডেল

নিয়মীয়া বার্তা, ১ ফেব্ৰুৱাৰীঃ সেনা বাহিনীত প্রশংসনীয় সেৱা আগবঢ়োৱা অসমৰ দুগৰাকী কৃতী সন্তানলৈ কেন্দ্রীয় চৰকাৰে আগবঢ়াইছে সন্মানজনক ‘সেনা মেডেল’৷ গণৰাজ্য দিৱসৰ প্রাক্মুহূর্তত দেশৰ প্রতিৰক্ষা বিভাগে জাৰি কৰা অধিসূচনামর্মে ‘সেনা মেডেল’ৰ বাবে মনোনীত হোৱা অসমীয়া সেনা বিষয়া দুগৰাকী হৈছে লেফটেনেণ্ট কর্নেল ৰাজ কুমাৰ পল্লৱ গোহাঁই আৰু কেপ্টেইন সিদ্ধার্থ দাস ৷ গোর্খা ৰেজিমেণ্টত সৈনিক জীৱন আৰম্ভ কৰা লেফটেনেণ্ট কর্নেল ৰাজকুমাৰ পল্লৱ গোহাঁই বর্তমানে ৰাষ্ট্রীয় ৰাইফলছত সেৱা আগবঢ়াই আছে ৷ জম্মু আৰু কাশ্মীৰত কর্মৰত হৈ থকা সময়ত দেখুওৱা সাহসিকতাপূর্ণ সেৱাৰ বাবে তেওঁলৈ এই সন্মানজনক ‘সেনা মেডেল’ আগবঢ়োৱা হৈছে ৷ আনহাতে, ভাৰতীয় সেনা বাহিনীৰ এক সন্মানজনক হিচাপে বিবেচিত পেৰাছুট ৰেজিমেণ্টত ২০১৬ চনত যোগদান কৰি সম্প্রতি কেপ্টেইন হিচাবে সুখ্যাতিৰে কার্যনির্বাহ কৰি থকা বৰপেটাৰ গান্ধী নগৰৰ বাসিন্দা তথা অসমৰ সু–সন্তান কেপ্টেইন সিদ্ধার্থ দাসলৈ জম্মু আৰু কাশ্মীৰত আগবঢ়োৱা সাহসিকতা আৰু বীৰত্বপূর্ণ সেৱাৰ বাবে সন্মানজনক ‘সেনা মেডেল’ আগবঢ়াইছে ৷ বৰপেটাৰ এমচি মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্রবক্তা দিলীপ দাস আৰু অর্থনীতি বিভাগৰ মুৰব্বী কৃষ্ণা দাসৰ বৰপুত্র কেপ্টেইন সিদ্ধার্থ দাসে ২০০৭ চনত ডেৰাদুনস্থিত ৰাষ্ট্রীয় ইণ্ডিয়ান মিলিটেৰী কলেজত ভর্তি হোৱাৰ পাছত ২০১২ চনত পুনেৰ ৰাষ্ট্রীয় প্রতিৰক্ষা একাডেমী আৰু ২০১৫ চনত ডেৰাদুনস্থিত ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ পৰা সুখ্যাতিৰে শিক্ষা সাং কৰি ২০১৬ চনত ভাৰতীয় সেনা বাহিনীৰ পেৰাছুট ৰেজিমেণ্টত যোগদান কৰে ৷ উল্লেখ্য যে, কেপ্টেইন সিদ্ধার্থ দাসৰ কনিষ্ঠ ভ্রাতৃ দেৱাংগ ভূষণ দাসেও জ্যেষ্ঠ ভ্রাতৃৰ পদাংক অনুসৰণ কৰি ২০১৯ চনত ভাৰতীয় সেনাৰ ৰাজপুত ৰেজিমেণ্টত লেফটেনেণ্ট হিচাপে যোগদান কৰে ৷

You might also like