নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ২০০খন সত্রত এতিয়া সন্দেহযুক্ত নাগৰিকৰ দপদপনি

কমলপুৰত মহাপুৰুষীয়া সত্ৰ সমাজৰ অধিৱেশনত দেৱানন্দ দেৱগোস্বামী

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ অসমৰ নশখন সত্রৰ ভিতৰত দুশখন সত্রতে এতিয়া সন্দেহজনক নাগৰিকৰ দপদপনি চলিছে৷ সত্রৰ ভূমি বেদখলমুক্ত কৰাৰ ক্ষেত্রত চৰকাৰ অধিক কঠোৰ হোৱা উচিত৷ যদিহে চৰকাৰে এইক্ষেত্রত কঠোৰ কার্যব্যৱস্থা গ্রহণ নকৰে, তেনেসমূহ সত্রৰ ভূমি বেদখল হ’ব৷ দেওবাৰে কামৰূপ জিলাৰ বৰহাটাত এই উদ্বেগ প্রকাশ কৰে অসম মহাপুৰুষীয়া সত্র সমাজৰ সভাপতি দেৱানন্দ দেৱগোস্বামীয়ে৷ সদৌ অসম মহাপুৰুষীয়া সত্র সমাজৰ ৩৩সংখ্যক প্রতিষ্ঠা দিৱসত অংশ লৈ তেওঁ এই মন্তব্য আগবঢ়ায়৷ অনুষ্ঠানত সভাপতিগৰাকীয়ে মহাপুৰুষগৰাকীৰ অমৰ সৃষ্টি একশৰণ নামধর্মৰ প্রচাৰ আৰু প্রসাৰৰ লগতে বিশ্ব দৰবাৰত প্রতিষ্ঠাৰ ক্ষেত্রত অধিক প্রচেষ্টা চলোৱাৰো পোষকতা কৰে৷ দেওবাৰে পুৱা সত্র সমাজৰ মূল পতাকা উত্তোলন কৰি সভাপতিগৰাকীয়ে নৱপ্রজন্মৰ যুৱক–যুৱতীসকলক্ শংকৰদেৱৰ আদর্শৰে অনুপ্রাণিত হ’বলৈ আহ্বান জনায়৷ উল্লেখ্য যে কালিৰে পৰা দুদিনীয়া বর্ণাঢ়্য কার্যসূচীৰে বৰহাটাৰ সমন্বয় ক্ষেত্রত অনুষ্ঠিত হোৱা মহাপুৰুষীয়া সত্র সমাজৰ বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰে৷ ৮ ফেব্রুৱাৰীৰ পুৱা ৭ বজাত ভাগৱত স্থাপনেৰে কার্যসূচীৰ পাতনি মেলা হয়৷ ইয়াৰ পিছতে যথাক্রমে শৰাই স্থাপন, নাম–প্রসংগ আৰু মহিলাসকলৰ দিহানাম প্রতিযোগিতা অনুষ্ঠিত হয়৷ নয়নমণি ডেকা সোঁৱৰণী মহিলাসকলৰ দিহানাম প্রতিযোগিতাত প্রগতি নামতি দলে প্রথম আৰু উৰুলি নামতি দলে দ্বিতীয় স্থান দখল কৰে৷ সন্ধিয়া বন্তি প্রজ্বলন, প্রতিনিধি শিবিৰ মুকলি আৰু কার্যনির্বাহক সভা অনুষ্ঠিত হয়৷ আজি পুৱা ৬.৩০ বজাত প্রাতঃপ্রসংগৰে কার্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ইয়াৰ পিছতে অনুষ্ঠিত হয় স্থানীয় নৱজ্যোতি সংঘৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশ নিকাকৰণ কার্যসূচী৷ মহপুৰুষীয়া সত্র সমাজ, অসমৰ সভাপতি দেৱানন্দ দেৱগোস্বামীয়ে ধর্মধ্বজা উত্তোলন কৰে৷ ধর্মধ্বজা উত্তোলনৰ পিছতে ভাগৱত শোভাযাত্রা উলিওৱা হয়৷ এই শোভাযাত্রা উদ্বোধন কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বলেন্দ্র কুমাৰ দেৱচৌধুৰীয়ে৷ দিনৰ ১১.৩০ বজাত মুখপত্র ‘দর্পণ’ উন্মোচন কৰা হয়৷ ১ বজাত অনুষ্ঠিত হয় ধর্মালোচনা সভা৷ মহাপুৰুষীয়া সত্র সমাজৰ সভাপতি দেৱানন্দ দেৱগোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত ধর্মালোচনা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্লাৱিক ৱর্কছৰ সভাপতি অভিজিৎ শর্মা৷ মুখ্য অতিথিৰ ভাষণ প্রসংগত অভিজিৎ শর্মাই সদৌ অসম ছাত্র সন্থাক কঠোৰ সমালোচনা কৰে৷ আছুৱে পৰীক্ষাও দিব, আন্দোলনো কৰিব, কামো কৰিব এইটো আকৌ কেনেদৰে সম্ভৱ বুলিও প্রশ্ণ তোলে অভিজিৎ শর্মাই৷ শর্মাই লগতে কয় যে আগতে আছুৱে কর্ম সংস্কৃতিৰ কথা কওক৷ ৮০ লাখ বাংলাদেশীৰ নাম এন আৰ চিত সোমোৱাৰ পিছতো আছু নেতাই কোনোধৰণৰ মাত নামাতে বুলিও ক্ষোভ উজাৰে অভিজিৎ শর্মাই৷ লক্ষণীয় যে ভকত–বৈষ্ণৱৰে দ্বিতীয় বৈকুণ্ঠ ধামত পৰিণত হোৱা বৰহাটাৰ সমন্বয় ক্ষেত্র দেওবাৰে সন্ধিয়া নিজম পৰে৷

You might also like