নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰণা ভাইৰাছ সংক্ৰমণৰ বিৰুদ্ধে সকলো এক হৈ যুঁজাৰ আহ্বান মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ বিশ্বজুৰি ক’ৰণা ভাইৰাছৰ আতংক। ভাৰততো বৃদ্ধি পাইছে ভাইৰাছৰ সংক্ৰমণ। এই পৰ্যন্ত মৃত্যু হৈছে ৩জনকৈ লোকৰ। অসমত বৰ্তমানলৈ কোনো লোক আক্ৰান্ত হোৱা নাই যদিও ৰাজ্যজুৰি চিকিৎসা শিৱিৰ, সজাগতা সভা আদি অনুষ্ঠিত কৰা হৈছে। হেণ্ড ছেনিটাইজাৰ, মাক্সৰ ব্যৱহাৰৰ সম্পৰ্কে সজাগ কৰা হৈছে লোকসকলক।

          এই সস্পৰ্কে সজাগতা সৃষ্টিৰ বাবে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিখন জিলাৰ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিঙত মিলিত হয়।

উপায়ুক্তসকলে যাতে গাঁৱে-ভূঞে সজাগতা সৃষ্টি কৰে, জন সমাগম বন্ধ কৰাৰ লগতে নিজৰ জিলাখন পৰিস্কাৰ কৰি ৰাখে লগতে উপায়ুক্তসকলে যাতে স্বাস্থ্য বিভাগক সম্পূৰ্ণভাৱে সহযোগ কৰাৰ লগতে আৰু আশা কৰ্মীসকলকো এই ভাইৰাছৰ বিৰুদ্ধে বিশদভাৱে বুজাবলৈ আহ্বান জনায়। শিক্ষকসকলক বিভিন্ন কামত নিয়োজিত কৰিব পাৰে  বুলি মন্তব্য স্বাস্থ্যমন্ত্ৰীগৰাকীৰ।

        মন্ত্ৰীগৰাকীয়ে কয় যে ক’ৰণা ভাইৰাছ ৰাজ্যত সংক্ৰমিত হোৱা নাই বা কোনো লোক আক্ৰান্ত হোৱা নাই গতিকে আমি পৰিয়ালৰ সৈতে সকলোৱে একলগে যদি যুঁজ দিও তেন্তে আমি এই ভাইৰাছ সংক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰিম। এই ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ আমাৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণ সাজু বুলিও মন্তব্য  স্বাস্থ্য মন্ত্ৰীগৰাকীৰ।

You might also like